ETV Bharat / state

নৃত্য কৰি ভাল পোৱা পৰিমিতাৰ পুৰণি ভিডিঅ' ভাইৰেল....

author img

By

Published : Sep 10, 2021, 5:25 PM IST

Porimita Das Dance video got viral
ভাইৰেল হৈছে প্ৰতিভাসম্পন্ন যুৱতী পৰীমিতাৰ এটা পুৰণি ভিডিঅ'

হেৰাই গ'ল এক প্ৰতিভা । কালিকা লগা ফেৰীয়ে শেষ কৰিলে এটা জীৱন । প্ৰতিভাসম্পন্ন, মেধাৱী যুৱতী পৰিমিতা দাস গ'লগৈ অজান মুলুকলৈ । মাথোঁ ৰৈ গ'ল পৰিমিতাৰ স্মৃতি ।

যোৰহাট, ১০ ছেপ্টেম্বৰ : আঠ ছেপ্টেম্বৰ, অসমবাসীৰ বাবে এটা অভিশপ্ত দিন । নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাই কঁপাই গৈছিল সমগ্ৰ ৰাজ্য । বিশেষকৈ মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা পৰিমিতা দাসৰ মৃত্যুৱে সকলোৰে চকু সেমেকাই তুলিছে । দুৰ্ঘটনা সংঘটিত হোৱাৰ দিনা কৰ্মক্ষেত্ৰলৈ যোৱাৰ পূৰ্বে আঠখেলীয়া নামঘৰলৈ গৈছিল পৰিমিতা । মংগল কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছিল ।

কিন্তু নিয়তিৰ কি পৰিহাস ! কিছু সময়ৰ পিছতে সকলো শেষ হৈ গ'ল । মাজুলীলৈ বুলি নিমাতীঘাটৰ পৰা ফেৰীত উঠাৰ পাছতে কালিকা লগা ফেৰীখন দুৰ্ঘটনাত পতিত হয় । পানীত ককবকাই যাত্ৰীসকলে । ইয়াৰ পিছত উদ্ধাৰকাৰী দলে পালে মাথোঁ পৰিমিতাৰ নিথৰ দেহ ।

এই মৰ্মান্তিক ঘটনাই সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পেলাইছে । নৃত্য কৰি ভাল পোৱা প্ৰতিভাসম্পন্ন যুৱতী পৰিমিতাৰ পুৰণি ভিডিঅ' শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত । আন এগৰাকী যুৱতীৰ সৈতে নৃত্য কৰি থকা দেখা পোৱা গৈছে পৰিমিতাক ।

লগতে পঢ়ক:ফেৰী দুৰ্ঘটনাই মৰ্মাঘাত কৰিছে দক্ষিণ পাট গৃহাস্বমী সত্ৰৰ সত্ৰাধিকাৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.