ETV Bharat / state

ভাৰ্চুৱেলী মুকলি হ'ল যোৰহাট কেঞ্চাৰ হাস্পতাল

author img

By

Published : Apr 28, 2022, 10:49 PM IST

pm-modi-virtually-inaugurate-jorhat-cancer-hospital
ভাৰ্চুৱেলী মুকলি হ'ল যোৰহাট কেঞ্চাৰ হাস্পতাল

ৰাইজৰ সেৱাৰ বাবে বৃহস্পতিবাৰে ৰাজ্যত মুকলি সাতখনকৈ কেঞ্চাৰ হাস্পতাল (PM Modi to inaugurate cancer hospitals in Assam)৷ ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰী মোডীয়ে আনুষ্ঠানিকভাৱে কেঞ্চাৰ কেয়াৰ হাস্পতাল (PM Modi Visits Dibrugarh) মুকলি কৰাৰ লগতে ভাৰ্চুৱেলী মুকলি কৰিলে যোৰহাট কেঞ্চাৰ হাস্পতাল ৷

যোৰহাট, 28 এপ্ৰিল : অসমৰ স্বাস্থ্যখণ্ডত সংযোজন ঘটিল এক নতুন অধ্যায়ৰ ৷ বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে মুকলি কৰিলে 7 খনকৈ কেঞ্চাৰ হাস্পতাল ৷ সমান্তৰালকৈ ভাৰ্চুৱেলী মুকলি কৰিলে যোৰহাট কেঞ্চাৰ হাস্পতাল (Modi virtually inaugurate Jorhat cancer hospital) ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটাই বৃহস্পতিবাৰে ৰাজ্যত 7 খনকৈ কৰ্কট সেৱা কেন্দ্ৰ মুকলি কৰে (PM Modi to inaugurate cancer hospitals in Assam) ৷

অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেছনৰ উদ্যোগত স্থাপন কৰা এই কৰ্কট পৰিসেৱা নেটৱৰ্কিং দক্ষিণ-পূৱ এছিয়াৰ সৰ্ববৃহৎ একক কৰ্কট ৰোগজনিত সেৱা প্ৰতিষ্ঠান (South Asia's largest cancer care network in Assam) হিচাপে পৰিগণিত হ'ব । টাটা ট্ৰাষ্টৰ আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত গঠিত অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেছনৰ দ্বাৰা অসমত নিৰ্মাণ কৰা হ'ব 17 খন বিভিন্ন পৰ্যায়ৰ কেঞ্চাৰ কেয়াৰ হাস্পতাল (Total 17 cancer hospitals in Assam) ৷

ভাৰ্চুৱেলী মুকলি হ'ল যোৰহাট কেঞ্চাৰ হাস্পতাল

ইয়াৰে 10 খন হাস্পতালৰ নিৰ্মাণকাৰ্য পূৰ্ণগতিত চলিছে । লেভেল 1 , লেভেল 2 আৰু লেভেল 3 অৰ্থাৎ চিকিৎসালয় তথা গৱেষণা প্ৰতিষ্ঠান , ৱাৰ্ড সন্নিবিষ্ট চিকিৎসালয় আৰু ডেকেয়াৰ চিকিৎসালয় এই তিনিটা পৰ্যায়ৰ কেঞ্চাৰ হাস্পতাল অসমত নিৰ্মাণ কৰা হৈছে ৷

উল্লেখ্য যে, এই কর্কট সেৱা হাস্পতালসমূহত কৰ্কট ৰোগীৰ বাবে প্ৰয়োজনীয় ৰেডিয়েছন(Radiation) আৰু কেম’থেৰাপিৰ (Chemotherapy) সুবিধা উপলব্ধ কৰা হ’ব । ইয়াত প্ৰায় সকলো আধুনিক ডায়গনেষ্টিক সঁজুলি যেনে এক্স-ৰে’, মেম’গ্ৰাফী, চিটি স্কেন, এম আৰ আই, ব্ৰংকোস্কোপী ইত্যাদি আছে ৷

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী আৰু ৰতন টাটাই যুটীয়াভাৱে মুকলি কৰিলে ৰাজ্যৰ 7 খন কৰ্কট সেৱা কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.