ETV Bharat / state

আন্তৰ্জাতিক নিলামত অভিলেখ মূল্যত বিক্ৰী অসমৰ পাভজান গ'ল্ডেন চাহ

author img

By

Published : Jun 21, 2022, 1:34 PM IST

ো
ৰেকৰ্ড মূল্যত বিক্ৰী পাভজান গ'ল্ডেন চাহ

এইবাৰ পুনৰ আন এক অভিলেখ সৃষ্টি কৰিলে অসমৰ চাহে । দ্বিতীয় এম জংচন আন্তৰ্জাতিক চাহ দিৱসৰ (M junction international tea day auction) বিশেষ নিলামত অসমৰ চাহ বিক্ৰী হয় অভিলেখসংখ্যক মূল্যত । 'পাভজান গ'ল্ডেন টী' প্ৰতিকেজিত অভিলেখ মূল্য ৯৯,৯৯৯ টকাত বিক্ৰী হয় ('Pabhojan golden Tea' sold record price Rs. 99,999 per kg)।

যোৰহাট, ২১ জুন : অসমৰ চাহে আন্তৰ্জাতিক বজাৰত ইতিমধ্যে বহুকেইটা অভিলেখ (Assam Tea put record) স্থাপন কৰিছে । বিশেষকৈ গুণগত মান আৰু নিলাম মূল্যত বহুকেইটা চাহ কোম্পানীৰ উৎপাদিত চিটিচি (CTC), অৰ্থডক্স (Orthodox tea) তথা গ্ৰীণ টীয়ে (Green Tea of Assam) পূৰ্বৰ বহু ৰেক্ৰড ভংগ কৰিবলৈ সক্ষম হৈছে । এইবাৰ পুনৰ আন এক অভিলেখ সৃষ্টি কৰিলে অসমৰ চাহে । দ্বিতীয় এম জংচন আন্তৰ্জাতিক চাহ দিৱসৰ (mjunction international tea day auction) বিশেষ নিলামত অসমৰ চাহ বিক্ৰী হয় অভিলেখসংখ্যক মূল্যত।

ভাৰতৰ সৰ্ববৃহৎ বি টু বি ই-কমাৰ্চ কোম্পানী এম জাংচন ছাৰ্ভিচ (B2B e-commerce company M junction) লিমিটেডৰ উদ্যোগত ২০ জুনত যোৰহাটত আয়োজিত হয় দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ বিশেষ নিলাম । যোৰহাট চাহ নিলাম কেন্দ্ৰত (Jorhat Tea Auction Centre) অনুষ্ঠিত উক্ত নিলামতে অসমৰ এবিধ চাহে লাভ কৰিবলৈ সক্ষম হয় অভিলেখসংখ্যক মূল্য (Tea record price)। নিলামত প্ৰদৰ্শিত হৈছিল মুঠ ২৮ টা লট । তাত উজনি অসম আৰু নাগালেণ্ডৰ (Nagaland Tea) অধিকাংশ চাহ শ্ৰেষ্ঠ পৰিগণিত হয় ।

পাভজান চাহ
পাভজান চাহ

নিলামত লংকাশী, ডিৰৈবাম, নাৰায়ণপুৰ পাণবাৰী, তিৰুৱাল, আৰিণ, ফ্ৰেণ্ডছ টী, পাভজান, চিলনিজান, চাইনাটোলী, গোৰাজান, গৌৰীপুৰ, আকা অৰ্গেনিক, কেমেলিয়া আদি চাহ বাগিচাৰ চাহে অংশগ্ৰহণ কৰে (Tea gardens took parts in auction)। এই নিলামত মুঠ চাহৰ ৯৩%তকৈ অধিক বিক্ৰী হোৱা বুলি জানিব পৰা গৈছে ।

অসম, পশ্চিমবংগ, দিল্লী, গুজৰাট, ৰাজস্থান, তেলেংগানা, আদিৰ পৰা ক্ৰেতাসকলে উক্ত নিলামত অংশ গ্ৰহণ কৰে । নিলামত 'পাভজান গ'ল্ডেন টী' প্ৰতিকেজিত অভিলেখ মূল্য ৯৯,৯৯৯ টকাত বিক্ৰী হয় ('Pabhojan golden Tea' sold record price Rs. 99,999 per kg)। আনহাতে, পাভজান উলং চাহ প্ৰতি কেজি ৪,০০০ টকাত বিক্ৰী হয় ।

ইয়াৰ উপৰি, আকা অৰ্গেনিক টিজিএফঅ’পিয়ে ১,২৫১ টকা লাভ কৰে । টোকলাই চিটিচি চাহ (Toklai CTC Tea) প্ৰতিকেজিত ৪৪০ টকা মূল্যত বিক্ৰী হয় । উল্লেখ্য, আটাইকেইবিধ চাহেই নিজ নিজ শিতানত অভিলেখসংখ্যক মূল্য লাভ কৰে । এম জাংচনৰ (mjunction) দ্বাৰা আয়োজিত অনুষ্ঠানটোৱে ক্ৰেতা তথা বিক্ৰেতা উভয়ৰে পৰা ইতিবাচক সঁহাৰি লাভ কৰে ।

এই সন্দৰ্ভত এছাহ চাহ (ৰুলোই চাহ কোম্পানী)ৰ প্ৰতিষ্ঠাপক বিজিত শৰ্মাই কয়, “আমি এই নিলামক লৈ আনন্দিত হৈছোঁ । আমাৰ গ্ৰাহকসকলক অসমৰ পৰা অহা অন্যতম উন্নত চাহৰ মিশ্ৰণ প্ৰদান কৰাত সহায় কৰিব । এই চাহৰ জাতবিধ বিৰল আৰু চাহ ৰসিকসকলৰ বাবে এয়া একাপ চাহৰ অনন্য অভিজ্ঞতা । আমাৰ গ্ৰাহকসকল সমগ্ৰ বিশ্বতে বিস্তৃত আৰু এনে চাহৰ সোৱাদ আৰু মূল্য বুজি পায় (Assam Tea worldwide buyer)। তেওঁলোকক প্ৰামাণিক অসম চাহৰ সোৱাদ প্ৰদান কৰি ৰাজ্যৰ গৌৰৱ পুনৰুজ্জীৱিত কৰাৰ বাবে আমাৰ অভিযান অব্যাহত ৰাখিবলৈ সক্ষম হোৱাত আনন্দিত হৈছোঁ । আমি সঁচাকৈয়ে এম জাংচন প্লেটফৰ্ম ব্যৱহাৰ কৰি অধিক সুযোগ চাবলৈ আগ্ৰহী আৰু এনে শীৰ্ষ মানৰ অসমৰ চাহ শিৰোনামলৈ অনাৰ বাবে তেওঁলোকক ধন্যবাদ জনাইছোঁ" ৷

এই নিলাম উপলক্ষে আৰিন টি প্ৰাইভেট লিমিটেডৰ (Arin Tea Pvt. Ltd.)পাভজান চাহ বাগিচাৰ সঞ্চালিকা ৰাখী দত্ত শইকীয়াই এম জাংচনৰ প্ৰচেষ্টাক প্ৰশংসা কৰে ।

তেওঁ কয়, “মই অতি সুখী যে ভাল চাহৰ মানৰ শলাগ লোৱা হয়। আমাৰ দৰে চাহ ৰোপকসকলৰ বাবে এয়া এক বৃহৎ কৃতিত্ব আৰু অধিক মানসম্পন্ন চাহ প্ৰস্তুতৰ এক ডাঙৰ প্ৰেৰণা ।" আনহাতে, আই টি ডি বিক্ৰীৰ সফলতাৰ বাবে টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠানৰ (Toklai Tea Research Centre) টি আৰ এৰ সঞ্চালক ডাঃ এ কে বৰুৱাই এম জাংচনক অভিনন্দন জনায় ।

৪৪০ টকাৰ সৰ্বোচ্চ দৰ লৈ টোকলাই চিটিচি চাহ (Toklai CTC Tea) ক্ৰয় কৰা এবছল্যুট টীৰ জয়ন্ত জালানে কয়, “আমি ধাৰাবাহিক ভিত্তিত এম জাংচনত আগবঢ়োৱা অসমৰ ভাল চাহ ক্ৰয় কৰি আহিছোঁ। আমি ক্ৰয় কৰা তিনিটা লটৰ ভিতৰত দুটা আপকান্ট্ৰী ক্ৰেতাৰ বাবে কিনা হৈছে ।" আনহাতে, অহা সপ্তাহৰ পৰা এবছল্যুট টীৰ ৱেবছাইটত টোকলাইৰ চাহ বিক্ৰীৰ বাবে উপলব্ধ হ’ব ।

ইফালে ৰাজস্থানৰ চণ্ডক টী প্ৰাইভেট লিমিটেডৰ ব্ৰীজ মোহন চাণ্ডকে কয়, "আমি বিশেষ নিলামত বহুতো ভাল মানৰ চাহ আগবঢ়োৱা দেখিছোঁ আৰু কিছুমানহে ক্ৰয় কৰিছোঁ । মই বিশ্বাস কৰোঁ, এম জাংচনৰ এই প্লেটফৰ্মে অতি সোনকালে অধিক ক্ৰেতা আৰু বিক্ৰেতাক আকৰ্ষণ কৰিব । আমি প্লেটফৰ্মত সকলো কাৰিকৰী তথ্য সময়মতে পাওঁ ।"

ইয়াৰ উপৰি বিশেষ চাহকে ধৰি আন বহু প্ৰকাৰৰ চাহ ক্ৰয় কৰা শ্বাংগ্ৰিলা এণ্টাৰপ্ৰাইজৰ নীলেশ দিবেকাৰে কয় যে, তেওঁ এই প্লেটফৰ্মত আগবঢ়োৱা উৎকৃষ্ট মানৰ চাহক সমৰ্থন কৰি যাব।

লগতে পঢ়ক :বিদায় ! সমুজ্জ্বল আৰু ৰাজীৱক শেষ শ্ৰদ্ধা নগাঁও আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.