ETV Bharat / state

যোৰহাটত দুই শতাধিক লোকৰ ৰাইজৰ দলত যোগদান

author img

By

Published : Feb 10, 2021, 6:02 PM IST

যোৰহাটত ৰাইজৰ দলৰ বৃহৎ যোগদান কাৰ্যসূচী ৷ ৰাইজৰ দলত যোগদান দুই শতাধিক লোকৰ ৷ যোগদানকাৰীৰ বৃহৎ বাইক ৰেলী ৷ পাঁচ দিন পূৰ্বেই বাইক ৰেলীৰ বাবে অনুমতি বিচাৰিছিল যদিও শেষ পৰ্যায়লৈ অনুমতি প্ৰদান কৰা নাছিল প্ৰশাসনে ৷ বহু বাক-বিতণ্ডাৰ পাছত বাইক ৰেলীৰ বাবে প্ৰশাসনৰ অনুমতি ৷

over two hundred people joined raijor dol in jorhat
over two hundred people joined raijor dol in jorhat

যোৰহাট, 10 ফেব্ৰুৱাৰী: সমাগত অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ভিন্ন প্ৰান্তত বেলেগ বেলেগ ৰাজনৈতিক দলত ৰাইজৰ যোগদানৰ ঢৌ উঠা পৰিলক্ষিত হৈছে ৷ বিভিন্ন ৰাজনৈতিক দলত যোগদানৰ দৃশ্য বৰ্তমান প্ৰায় সুলভ হৈ পৰাৰ মাজতে বুধবাৰে প্ৰায় দুই শতাধিক লোকে যোৰহাটত ৰাইজৰ দলত যোগদান কৰে ৷

over two hundred people joined raijor dol in jorhat
বুধবাৰে প্ৰায় দুই শতাধিক লোকে দলটোত যোগদান কৰে

যোৰহাটৰ শংকৰ দেৱ কলা কৃষ্টি আৰু গৱেষণা কেন্দ্ৰত বুধবাৰে অনুষ্ঠিত ৰাইজৰ দলৰ এক যোগদান কাৰ্যসূচীত বিভিন্ন দল ত্যাগ কৰি এইসকল লোকে আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰে ৷

যোগদান অনুষ্ঠানৰ শেষত নতুনকৈ ৰাইজৰ দলত যোগদান কৰা লোকসকলে যোৰহাট নগৰৰ মাজেদি এক বৃহৎ বাইক ৰেলী বাহিৰ কৰে ৷ জানিব পৰা মতে বাইক ৰেলী বাহিৰ কৰাৰ সময়ত আৰক্ষীৰ প্ৰশাসনে প্ৰৱল বাধা আৰোপ কৰে ৷ প্ৰাপ্ত তথ্য অনুসৰি উক্ত বাইক ৰেলীৰ বাবে পাঁচ দিন পূৰ্বে প্ৰশাসনৰ পৰা অনুমতি বিচৰা হৈছিল যদিও শেষ পৰ্যায়লৈ প্ৰশাসনে অনুমতি প্ৰদান কৰা নাছিল ৷ অৱশেষত তীব্ৰ বাক বিতণ্ডাৰ অন্তত প্ৰশাসনে বাইক ৰেলীৰ বাবে অনুমতি প্ৰদান কৰিবলৈ বাধ্য হয় বুলি জানিব পৰা গৈছে ৷

over two hundred people joined raijor dol in jorhat
বহু বাক-বিতণ্ডাৰ পাছত বাইক ৰেলীৰ বাবে প্ৰশাসনৰ অনুমতি

বুধবাৰৰ যোগদান কাৰ্যসূচীত ৰাইজৰ দলৰ জিলা সভাপতি দিব্যজ্যোতি শৰ্মা, বীৰ লাচিত সেনাৰ যোৰহাট জিলা সম্পাদক সিদ্ধাৰ্থ বৰুৱা সহ জিলা পৰ্যায়ৰ অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকে ৷

লগতে পঢ়ক: অখিল গগৈৰ মাতৃৰ স্বাস্থ্যৰ বুজ ল'লে প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.