ETV Bharat / state

Road accident in Jorhat: ভয়ংকৰ পথ দুৰ্ঘটনাত যুৱকৰ মৃত্যু, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কেইবাজনো

author img

By

Published : Mar 8, 2023, 8:18 AM IST

তিতাবৰৰ বিভিন্ন স্থানত হোলীৰ দিনটোতেই ভয়ংকৰ পথ দুৰ্ঘটনা ৷ থিতাতে মৃত্যু এজনৰ, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কেইবাজনো লোক (Road accident in Jorhat)।

Bike Accident at Titabor
পথ দুৰ্ঘটনাত যুৱকৰ মৃত্যু

পথ দুৰ্ঘটনাত যুৱকৰ মৃত্যু

যোৰহাট, 8 মাৰ্চ : হোলীৰ আনন্দ উল্লাসৰ মাজতেই মংগলবাৰে নিশাৰ ভাগত তিতাবৰত বিভিন্ন স্থানত পৃথকে পৃথকে সংঘটিত হয় কেইবাটাও ভয়াৱহ পথ দুৰ্ঘটনা । যোৰহাট নগৰ সংযোগী তিতাবৰ গড়-আলি কাছজানত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ এই পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় পুৰুষ মহিলা সহ ছজন লোক ৷ তদুপৰি, ঘটনাস্থলীতেই নিহত হয় এজন যুৱক (Bike Accident at Titabor) ।

টেম্পো আৰু পালচাৰ বাইকৰ মাজত সংঘটিত হয় এই মুখামুখি সংঘৰ্ষ আৰু সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় তিতাবৰ দেওঘৰীয়াৰ দিব্যজ্যোতি দত্ত নামৰ লোকজন আৰু গুৰুতৰভাৱে আহত হয় তিনিগৰাকীকৈ মহিলা । দুৰ্ঘটনা সংঘটিত হোৱা টেম্পোখনৰ নম্বৰ হৈছে AS 03 CC 3779 আৰু পালচাৰ 220 বাইকখনৰ নম্বৰ হৈছে AS 03 AF 6437 । মৃত দিব্যজ্যোতি দত্ত পালচাৰ বাইকখনৰ চালক আছিল বুলি স্থানীয় সূত্ৰে জানিব পৰা গৈছে (Youth killed in a accident in Jorhat) ।

আনহাতে জিলাখনৰ তিতাবৰৰ ৰজাবাৰীত সংঘটিত হয় আন এক দুৰ্ঘটনা । এজোপা গছত নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মৰাৰ ফলতে গুৰুতৰভাৱে আহত হয় দুজনকৈ যুৱক । ততাতৈয়াকৈ সংকটজনক অৱস্থাত আহত আটাইকেইজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, হোলীৰ আনন্দ উল্লাসৰ গইনা লৈ একাংশ লোকে সুৰাপান কৰি গাড়ী চলোৱাৰ ফলতে এনেধৰণৰ ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলি স্থানীয় লোকে একেমুখে কয় (Youth injured at Titabor Road Accident ) ৷

লগতে পঢ়ক : Suspected jihadists arrested in Nagaon: পাকিস্তানৰ চোৰাংচোৱাক চিম কাৰ্ড যোগান, নগাঁৱত সন্দেহজনক 5 জেহাদী আটক

উল্লেখ্য যে, হোলী উপলক্ষে যাতে কোনো লোকে সুৰাপান কৰি গাড়ী চলাব নোৱাৰে তথা পথ দুৰ্ঘটনাৰ মাত্ৰা হ্ৰাস কৰাৰ বাবে সষ্টম হৈ থকা বুলি ঘোষণা কৰিছিল ৰাজ্যৰ পৰিবহণ বিভাগৰ লগতে আৰক্ষী তথা প্ৰশাসনে । ইয়াৰোপৰি, সুৰাপান কৰি গাড়ী চলোৱাসকলৰ বিৰুদ্ধে গোচৰ পৰ্যন্ত ৰুজু কৰা পৰিলক্ষিত হৈছিল । তাৰ মাজতো জিলাখনৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা ধাৰাবাহিক দুৰ্ঘটনাৰ ঘটনাই একপ্ৰকাৰ উদঙাই দেখুৱাইছে আৰক্ষী-প্ৰশাসনৰ ব্যৰ্থতা (6 youth injured in Jorhat) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.