ETV Bharat / state

Jorhat forest Department: এটা হাতীক লৈ বিপাঙত বন বিভাগ

author img

By

Published : Mar 4, 2023, 10:24 PM IST

যোৰহাটত এটা হাতীৰ গৰাকী ওলাইছে পাঁচজন (Elephant in Jorhat)। ইয়াকে কেন্দ্ৰ কৰি বন বিভাগেও ত্ৰাহি মধুসূদন সুঁৱৰিছে ।

Elephant in Jorhat
এটা হাতীক লৈ বিপাঙত পৰিছে বন বিভাগ

এটা হাতীক লৈ বিপাঙত পৰিছে বন বিভাগ

টীয়ক, ৪ মাৰ্চ: যোৰহাটত এটা হাতীক লৈ বিপাঙত পৰিছে বন বিভাগ (Forest department confused about owner of elephant)। কাৰণ এই হাতীটো নিজৰ বুলি দাবী কৰিছে পাঁচজন লোকে । শেহতীয়াকৈ টীয়কত উদ্ধাৰ হোৱা এই হাতীটোৱে বিবুদ্ধিত পেলাইছে যোৰহাট বন বিভাগক ।যোৰহাট বন বিভাগে উদ্ধাৰ হোৱা হাতীটোক লৈ বিবুদ্ধিত পৰাৰ মূলতেই হৈছে হাতীটোৰ পাঁচজন গৰাকী ওলাইছে । উল্লেখ্য় যে দীৰ্ঘদিন ধৰি নাগালেণ্ডত কামৰ বাবে থকা এটা হাতী নাগালেণ্ডৰ পৰা পলুৱাই অনাৰ পাছত হাতীটোৰ মালিকীস্বত্বক লৈ সৃষ্টি হোৱা বিবাদৰ বাবে যোৰহাটৰ এজন যুৱক যাব লগা হৈছিল ৰঙাঘৰলৈ । এই ঘটনাটো ইমানতেই শেষ হোৱা নাই ।

হাতীটো নিজৰ বুলি দাবী কৰা গৰাকী ওলাল আৰু পাঁচজন । ইয়াৰ পিছতেই বিবুধিত পৰিল বন বিভাগ । সেয়ে হাতীটো নাগালেণ্ডৰ পৰা অনা অৰুণ দত্ত নামৰ ব্যক্তিজনৰ তত্বাবধানত বন বিভাগে যোৰহাট বাইপাছৰ সমীপত ৰখাৰ ব্যৱস্থা কৰিছিল । কিন্তু শুকুৰবাৰে নিশা হাতীৰখীয়া অৰুণে বন বিভাগৰ অজ্ঞাতে হাতীটো লৈ উধাও হয় ।

এই ঘটনাটোৰ বিষয়ে জানিব পাৰি বন বিভাগত লাগিল হুৱা-দুৱা । গোটেই নিশা হাতীৰ সন্ধানত বন বিভাগে অভিযান চলাই যদিও কোনো সম্ভেদ উলিয়াব পৰা নাছিল । অৱশ্যে শনিবাৰে দুপৰীয়া বন বিভাগে টীয়কৰ বনাইত উদ্ধাৰ কৰিবলৈ সক্ষম হয় এই হাতীটো । এতিয়া পুনৰ হাতীটো যোৰহাটলৈ ঘূৰাই নিয়ে বন বিভাগে । বনবিভাগৰ লোকে হাতীটোৰ প্ৰকৃত গৰাকী কোন সেয়া তদন্ত অব্যাহত ৰাখিছে ।

এই প্ৰসংগত বন বিষয়াই কয় যে লোকজনে শুকুৰবাৰে ডিমাপুৰৰ পৰা হাতীটো আনিছিল । হাতীটোৰ গৰাকীক লৈ সংঘাত হোৱাত বন বিভাগে নিজৰ জিম্মাত লয় যদিও দুজন বনকৰ্মীক লগত ৰাখি হাতীটো লোকজনৰ অধীনতে ৰখাৰ ব্য়ৱস্থা কৰে । কিন্তু নিশাই লোকজনে কৌশলেৰে হাতীটো লৈ উধাও হয় ।

লগতে পঢ়ক:Bathou prayer and Kherai in Kokrajhar : তিনিদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰত আৰম্ভ বাথৌ প্ৰাৰ্থনা আৰু খেৰাই মহোৎসৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.