ETV Bharat / state

Oath taking ceremony: চুতীয়া জাতি সন্মিলনৰ শপত গ্ৰহণ অনুষ্ঠান

author img

By

Published : Aug 17, 2023, 8:29 PM IST

যোৰহাট জিলাৰ তিতাবৰ মহকুমাত সদৌ চুতীয়া জাতি সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ নতুন সমিতি গঠন । বৃহস্পতিবাৰে অনুষ্ঠিত কৰা হয় নৱ-নিৰ্বাচিত সমিতিখনৰ শপত গ্ৰহণ অনুষ্ঠান ।

Oath taking ceremony of Chutia Jati Sammelan in Jorhat
চুতীয়া জাতি সন্মিলনৰ শপত গ্ৰহণ অনুষ্ঠান

চুতীয়া জাতি সন্মিলনৰ শপত গ্ৰহণ অনুষ্ঠান

যোৰহাট,১৭ আগষ্ট: অসম অন্যতম ভুমিপুত্ৰ জনগোষ্ঠী হ'ল চুতীয়া জনগোষ্ঠী আৰু চুতীয়া জাতি উন্নয়ন আৰু ক্ৰমবিকাশৰ বাবে কাম কৰি অহা এটা অৰাজনৈতিক সংগঠন হল সদৌ চুতীয়া জাতি সন্মিলন । সেই সংগঠনটো কেন্দ্ৰীয় সমিতিৰ নতুন সমিতিখন বৃহস্পতিবাৰে যোৰহাট জিলাৰ তিতাবৰ মহকুমাত গঠন কৰা হয় ।

সেই উদ্দেশ্যে আগত ৰাখি অনুষ্ঠিত কৰা হয় সদৌ চুতীয়া জাতি সন্মিলন অসমৰ নৱ-নিৰ্বাচিত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ শপত গ্ৰহণ অনুষ্ঠান । বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় এই বিশেষ অনুষ্ঠানটি । সদৌ চুতীয়া জাতি সন্মিলন অসমৰ নৱ-নিৰ্বাচিত সভাপতি বিবুল হাজৰিকাৰ নেতৃত্বত ২১ জনীয়া কেন্দ্ৰীয় মূল সমিতিখনৰ লগতে মহিলা সমিতিখনেও চুতীয়া জাতিটোৰ উন্নয়ণৰ হকে নিষ্ঠা আৰু সততাৰে কাম কৰাৰ সকল্প লৈ শপত গ্ৰহণ কৰে ।

দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত শপত গ্ৰহণ কাৰ্যসূচীত ৰাজ্যৰ ২৭ খন জিলাৰ জিলা সমিতি আৰু তিনিশতাধিক আঞ্চলিক সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে আৰু কেন্দ্ৰীয় সমিতি দায়িত্ব প্ৰাপ্ত বিষয়ববীয়া সকলক সম্বৰ্ধনা জনায় । তিতাবৰৰ চাম্বা অতিথিশালাত অনুষ্ঠিত অনুষ্ঠানটোত পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পন কাৰ্যসূচীও অনুষ্ঠিত কৰা হয় ।

উল্লেয্য যে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে দীৰ্ঘদিন ধৰি বিভিন্ন ক্ষেত্ৰত চুতীয়া জনগোষ্ঠীটোক অৱেহলা কৰি অহা অভিযোগ দীৰ্ঘদিনীয়া । লগতে চুতীয়া জাতিৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দি অহা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে জনগোষ্ঠীটোক আজিকোপতি জনজাতি কৰণ কৰা পৰা বিৰত আছে ।

ফলত নতুন সমিতিখনে চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ দাবী সৱলভাৱে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ওচৰত উত্থাপন কৰা হ'ব বুলি প্ৰকাশ কৰে নৱনিৰ্বাচিত সভাপতিগৰাকীয়ে । যদি এই ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰে তেন্তে পৰৱৰ্তী সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰে নৱ-নিৰ্বাচিত বিষয়-ববীয়াসকলে ।

লগতে পঢ়ক: APCC Press Conference: মুখ্যমন্ত্ৰীক শেহতীয়া নিযুক্তি সন্দৰ্ভত শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ দাবী প্রদেশ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.