ETV Bharat / state

Nilmani Phookan passed away : যতি পৰিল গোলাপী জামুৰ লগ্নৰ

author img

By

Published : Jan 19, 2023, 2:29 PM IST

Updated : Jan 19, 2023, 2:43 PM IST

Nilmani Phookan passed away
যতি পৰিল এটা বৰ্ণিল যুগৰ

সময়ৰ সোঁতত হেৰাই গ’ল সাহিত্য জগতৰ পুৰোধা কবি নীলমণি ফুকন ৷ কবি নীলমণি ফুকনৰ মৃত্যুৰ বাতৰিয়ে শোক সাগৰত পেলাইছে এতিয়া ৰাজ্যবাসীক (Nilmani Phookan is no more) ৷ জ্ঞানপীঠ বঁটা বিজয়ী কবিগৰাকীৰ জন্মস্থান গোলাঘাটৰ দেৰগাঁৱতো পৰিছে শোকৰ ছাঁ ৷

যতি পৰিল এটা বৰ্ণিল যুগৰ

যোৰহাট, 19 জানুৱাৰী : যতি পৰিল এটা বৰ্ণিল যুগৰ ৷ যতি পৰিল এখন মহাকাব্যৰ ৷ আদবাটতে বহী-কলম সামৰি ৰাজ্যবাসীক শোকৰ সাগৰত পেলাই কাহানিও ঘূৰি নহাৰ প্ৰতিশ্ৰুতি দি অন্য এক পৃথিৱীলৈ গ’ল গৈ কাব্যঋষি নীলমণি ফুকন ৷ কাব্যঋষিগৰাকীৰ জন্মস্থান গোলাঘাটৰ দেৰগাঁৱতো পৰিছে শোকৰ ছাঁ (Nilmani Phookan is no more) ৷

পুৱাই কবি নীলমণি ফুকনৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাচতেই তেওঁৰ গুৱাহাটীৰ বাসগৃহৰ লগতে জন্মগৃহতো বহু লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা (GMCH) জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকনৰ (Jnanpith awardee Nilmani Phookan) নিথৰদেহ গুৱাহাটীৰ বাসগৃহলৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছে ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে দিনৰ প্ৰায় 11:55 বজাত GMCH ত শেষ নিশ্বাস ত্যাগ কৰে জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকনে ৷ বিগত বহুদিন ধৰি বাৰ্ধক্যজনিত ৰোগত ভুগি আছে যশস্বী কবিগৰাকী ৷ প্ৰাপ্ত তথ্য অনুসৰি, মঙলবাৰে দুপৰীয়া প্ৰায় 2 মান বজাত আহাৰ গ্ৰহণ কৰাৰ পাচতে কফে আমনি কৰিছিল ৷ তাৰ পাচৰ পৰাই স্বাস্থ্যৰ অৱনতি ঘটে কাব্যঋষিগৰাকীৰ (Nilmani Phookan health condition deteriorates) ৷

তাৰ পাচত তেওঁক পৰিয়ালৰ লোকে বুধবাৰে গুৱাহাটীৰ সঞ্জীৱনী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ কিন্তু হঠাৎ স্বাস্থ্য অধিক অৱনতি ঘটাত নিশাই চিকিৎসকৰ পৰামৰ্শ মতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ ICU ত ভৰ্তি কৰা হয় ৷ কিন্তু ক্ৰমাৎ সময় পাৰ হোৱাৰ লগে লগে কবিগৰাকীৰ স্বাস্থ্য অধিক বেয়াৰ ফালে ঢাল খাই ৷

লগতে পঢ়ক : Nilmani Phookans health condition deteriorates: অনুৰাগীৰ প্ৰাৰ্থনা: শীঘ্ৰে আৰোগ্য হৈ উঠক প্ৰিয় কবি

আনকি লাহে লাহে কবি নীলমণি ফুকনৰ দেহত অক্সিজেনৰ পৰিমাণো কমিবলৈ ধৰে ৷ যাক লৈ চিন্তিত হৈ পৰিছিল কবি ফুকনৰ পুত্ৰ আৰু তেওঁৰ আত্মীয়সকল ৷ কিন্তু সকলোকে এই ভৱ সাগৰত এৰি এক অচিনাকী পথেৰে খোজ ল’লে এইগৰাকী মনিষীয়ে ৷

কবি নীলমণি ফুকনৰ কথা কৈ থাকিলে উৰকে নপৰে ৷ তেওঁৰ কবিতা, তেওঁৰ সৃষ্টিৰাজি, তেওঁৰ ভাৱমূৰ্তিয়ে সকলোকে আকৰ্ষিত কৰে ৷ এইগৰাকী মহান মনিষীয়ে 'কবিতা' শীৰ্ষক স্ব-নিৰ্বাচিত কাব্যগ্ৰন্থৰ বাবে 1981 চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ।

আনকি 1990 চনত ভাৰত চৰকাৰ তৰফৰ পৰাও তেওঁ পদ্মশ্ৰী সন্মানেৰে সন্মানিত হৈছিল ৷ ইয়াৰোপৰি 1991 চনত ছগনলাল জৈন বঁটা, 1997 চনত অসম উপত্যকা সাহিত্য বঁটা আৰু সাহিত্য অকাডেমিৰ ফালৰ পৰা শ্ৰেষ্ঠ সাহিত্যিক সন্মান সাহিত্য অকাডেমিৰ ফেল’ 2002 চনত প্ৰদান কৰা হয় ।

কবি ফুকনক 2019 বৰ্ষৰ 19 আগষ্ট তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় ‘‘ডি লীট’’ উপাধি প্ৰদান কৰে । নতুন দিল্লীস্থিত ভাৰতীয় জ্ঞানপীঠে 2021 চনত নীলমণি ফুকনক সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা তেওঁৰ অনবদ্য অৱদানৰ বাবে 2020 বৰ্ষৰ জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰে ৷ জ্ঞানপীঠ বঁটা লাভ কৰা কবি নীলমণি ফুকন হৈছে তৃতীয়গৰাকী অসমীয়া সাহিত্যিক ।

কবি নীলমণি ফুকন আছিল অসমীয়া ভাষাৰ এগৰাকী শ্ৰেষ্ঠ কবি, কলা-সমালোচক, অধ্যাপক আৰু সাহিত্যিক । তেখেতৰ উল্লেখযোগ্য কৰ্ম হ’ল ‘‘সূৰ্য হেনো নামি আহে এই নদীয়েদি’’, 'কবিতা', আৰু ‘‘গোলাপী জামুৰ লগ্ন’’ ।

লগতে পঢ়ক : Nilmani Phookan is no more: কাব্যঋষি নীলমণি ফুকনৰ দেহাৱসান

Last Updated :Jan 19, 2023, 2:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.