ETV Bharat / state

আন্তঃৰাষ্ট্ৰীয় মুৱাইথাই কিক বক্সিং প্ৰতিযোগিতালৈ নিৰ্বাচিত টীয়কৰ নীহা

author img

By

Published : Jul 8, 2022, 9:45 AM IST

niha-rajowar-of-teok-selected-for-ifma-to-be-held-in-malaysia
আন্তঃৰাষ্ট্ৰীয় মুৱাইথাই কিক বক্সিং প্ৰতিযোগিতালৈ নিৰ্বাচিত টীয়কৰ নীহা

টীয়কৰ নীহা ৰাজোৱাৰ আন্তঃৰাষ্ট্ৰীয় মুৱাইথাই কিক বক্সিং প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে ৷ নীহা ৰাজোৱাৰে টীয়ক চাহ বাগিচাৰ খৰি- পালেঙৰ বাবুল ৰাজোৱাৰ আৰু গীতা ৰাজোৱাৰৰ কন্যা ৷ নীহা ৰাজোৱাৰে সম্প্ৰতি নৱম শ্ৰেণীৰ ছাত্ৰী ৷

টীয়ক, 8 জুলাই: টীয়কবাসীলৈ সুখবৰ ৷ মালয়েছিয়াত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মুৱাইথাই কিক বক্সিং প্ৰতিযোগিতাত দেশক প্ৰতিনিধিত্ব কৰিব টীয়কৰ নীহা ৰাজোৱাৰে (Niha Rajowar of Teok selected for IFMA) ৷ কিছুদিনৰ পূৰ্বে মধ্যপ্ৰদেশত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত সোণৰ পদক বুটলি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল পোন্ধৰ বছৰীয়া নীহা ৰাজোৱাৰে ৷

তাৰ পিছতে মালয়েছিয়াত আগন্তুক আগষ্টত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মুৱাইথাই কিক বক্সিং প্ৰতিযোগিতাত (IFMA Youth World Championships to be held in Malaysia) দেশক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হয় নীহা ৰাজোৱাৰে ৷ নীহা ৰাজোৱাৰে টীয়ক চাহ বাগিচাৰ খৰি- পালেঙৰ বাবুল ৰাজোৱাৰ আৰু গীতা ৰাজোৱাৰৰ কন্যা ৷ নীহা সম্প্ৰতি নৱম শ্ৰেণীৰ ছাত্ৰী ৷ কন্যাৰ এই সফলতাত পিতৃ-মাতৃ আনন্দিত হৈছে যদিও আন এক চিন্তাই চিন্তিত কৰি তুলিছে নীহাৰ পৰিয়ালক ৷

আন্তঃৰাষ্ট্ৰীয় মুৱাইথাই কিক বক্সিং প্ৰতিযোগিতালৈ নিৰ্বাচিত টীয়কৰ নীহা

বাগিচাত দিন হাজিৰা কৰা পিতৃ-মাতৃৰ নাই কন্যাক বিদেশত গৈ খেলিবলৈ প্ৰয়োজন হোৱা ধনৰাশি যোগাৰ কৰি দিয়াৰ সামৰ্থ ৷ ফলত কন্যাৰ এই সফলতা দেখিও যেন সপোনবোৰ থমকি ৰ’ব তাক লৈ ভয় খাইছে নীহাৰ পিতৃ-মাতৃয়ে ৷ সেয়ে, নিৰুপায় হৈ পৰিয়ালটোয়ে অসম চৰকাৰৰ লগতে ৰাজ্যবাসীৰ সহায় বিচাৰিছে যাতে নীহাই আন্তঃৰাষ্ট্ৰীয় মুৱাইথাই কিক বক্সিং প্ৰতিযোগিতাত দেশক প্ৰতিনিধিত্ব কৰিব পাৰে ৷

লগতে পঢ়ক: Agnipath Scheme: সংসদীয় পৰামৰ্শদাতা সমিতিক সম্বোধন কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.