ETV Bharat / state

তৃতীয় পক্ষ জড়িত আছে নেকি ডাঃ দেবেন দত্তৰ হত্যাকাণ্ডত?

author img

By

Published : Sep 2, 2019, 11:45 AM IST

ডাঃ দেবেন দত্ত হত্যাকাণ্ডৰ নতুন মোৰ ৷ সমগ্ৰ অসমৰ লগতে টীয়কটো বিভিন্ন দল সংগঠন তথা ৰাইজে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি দোষীক কঠোৰতম শাস্তি দিবলৈ চৰকাৰক দাবী জনাইছে ।

তৃতীয় পক্ষ জড়িত আছে নেকি ডাঃ দেবেন দত্তৰ হত্যাকাণ্ডত?

তৃতীয় পক্ষ জড়িত আছে নেকি ডাঃ দেবেন দত্তৰ হত্যাকাণ্ডত?

টীয়ক , 2 ছেপ্তেম্বৰঃ ডাঃ দেবেন দত্ত হত্যাকাণ্ডৰ নতুন মোৰ ৷ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি দত্তৰ হত্যাকাণ্ডত জড়িত হৈ আছে তৃতীয় পক্ষ ৷ যোৱা 31 আগষ্টত টীয়ক চাহ বাগিছাৰ চিকিৎসালয়ত সংঘটিত হোৱা বৰ্বৰ ঘটনাই সমগ্ৰ ৰাজ্য কপাই তুলিছে ৷ যোৰহাট আৰক্ষীয়েও দেওবাৰলৈকে এই ঘটনাৰ লগত জড়িত 21 জন লোকক আটক কৰিছে ৷ তেনে সময়তে সোমবাৰে পুনৰ যোৰহাট আৰক্ষীয়ে 5 জন অভিযুক্তক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ৷ ইতিমধ্যে অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে জিলা উপায়ুক্তই সমগ্ৰ বিষয়টো দণ্ডাধীশ পৰ্যায়ত তদন্ত কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। সমগ্ৰ অসমৰ লগতে টীয়কটো বিভিন্ন দল সংগঠন তথা ৰাইজে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি দোষীক কঠোৰতম শাস্তি দিবলৈ চৰকাৰক দাবী জনাইছে। উল্লেখ্য যে আজি ডাঃ দেবেন দত্তৰ পৰিয়ালৰ সদস্যই ঘটনাৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য প্ৰদান কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। দত্তৰ একমাত্ৰ কন্যাই সমগ্ৰ ঘটনাটো পৰিকল্পিতভাৱে সংঘটিত কৰা হৈছে বুলি অভিযোগ তুলি এই ঘটনাত তৃতীয় পক্ষ জড়িত আছে বুলি মন্তব্য কৰে। লগতে তেওঁ আৰক্ষীক ক্ষীপ্ৰতাৰে অনুসন্ধান কৰি উচিত বিচাৰ কৰিবলৈ আহ্বান জনাইছে।

Intro:Body:টীয়কৰ ডা: দেবেন দত্ত হত্যাকাণ্ডৰ নতুন মুৰ/ তৃতীয় পক্ষ জড়িত এই হত্যাকাণ্ডত- পৰিয়ালৰ অভিযোগ
TEOK:যোৱা ৩১ আগষ্টত বিয়লি টীয়ক চাহ বাগিছাৰ চিকিৎসালয়ত সংঘটিত হোৱা বৰ্বৰ ঘটনাই সমগ্ৰ ৰাজ্য কপাই তোলাৰ সমান্তৰালকৈ যোৰহাট আৰক্ষীয়েও এই ঘটনাৰ লগত জড়িত কালিলৈকে ২১ জন আৰু আজি আৰু ৫ জন অভিযুক্তক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।ইতিমধ্যে অসম আৰক্ষীৰ উচ্চ প্ৰদস্হ বিষয়া ঘটনাস্হলিত উপস্থিত হোৱাৰ লগতে জিলা উপায়ুক্তই সমগ্ৰ বিষয়টো দণ্ডাধীশ পৰ্য্যায়ত তদন্ত কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।সমগ্ৰ অসমৰ লগতে টীয়কটো বিভিন্ন দল সংগঠনে ৰাইজে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি দোষীক কঠোৰতম শান্তি দিবলৈ চৰকাৰক দাবী জনাইছে।উল্লেখযোগ্য যে আজি ডা: দেবেন দত্তৰ পৰিয়ালৰ সদস্যই ঘটনাৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য প্ৰদান কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।দত্তৰ একমাত্ৰ কন্যাই সমগ্ৰ ঘটনাটো পৰিকল্পিতভাৱে সংঘটিত কৰা হৈছে বুলি অভিযোগ তুলি এই ঘটনাত তৃতীয় পক্ষ জড়িত আছে বুলি মন্তব্য কৰিছে।লগতে আৰক্ষীক ক্ষীপ্ৰতাৰে অনুসন্ধান কৰি উচিত বিচাৰ কৰিবলৈ আহ্বান জনাইছে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.