ETV Bharat / state

অসমৰ ভূমিত নগাই কৰিছে MGNREGA আঁচনিৰ কাম

author img

By

Published : Jul 23, 2021, 9:13 PM IST

মৰিয়নী নাগাজাংকা উদয়পুৰৰ সমীপত থকা দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ পথৰ দাঁতিত এজোপা গছত নগা ভাষাৰ এখন নামফলক এখন আৰি থৈছিল আগ্ৰাসী নগাই । তাৰোপৰি মোককচুং জিলাৰ অধীনত এম জি এন ৰেগা (MGNREGA)ৰ অধীনত কামৰ এখন পকী নামফলক বনাঞ্চল খনত লগাই ভূমি বেদখল কৰাৰ চেষ্টা কৰিছিল নগাই ।

work-on-nagaland-governments-mgnrega-scheme-on-assam-land-inter-state-broder-confilct
অসমৰ ভূমিত নাগালেণ্ড চৰকাৰৰ MGNREGA আঁচনিৰ কাম

যোৰহাট, 23 জুলাই : অসমৰ সীমান্তৱৰ্তী লোক সকলে আজিকোপতি এক আতংকময় পৰিৱেশৰ মাজত দিন অতিবাহিত কৰিবলগীয়া হৈছে ৷ অসম নাগালেণ্ডৰ (Assam-Nagaland) সীমা বিবাদ আজিও অন্ত পৰা নাই ৷ তাৰ মাজতে শুকুৰবাৰে পুনৰ অসমৰ ভূমি আগ্ৰাসন কৰিছে নগাই ৷ উল্লেখযোগ্য যে, অসমৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগা দুস্কৃতিকাৰীৰ গুলিবৰ্ষণৰ ঘটনাৰ উত্তেজনা মাৰ নৌ যাওঁতেই পুনৰ নগাই আগ্ৰাসন আৰম্ভ কৰিছে মৰিয়নীৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত (Disoi Vally Reserve Forest)।

জানিব পৰা মতে, মৰিয়নী নাগাজাংকা উদয়পুৰৰ সমীপত থকা দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ পথৰ দাঁতিত এজোপা গছত নগা ভাষাৰ এখন নামফলক আৰি থৈছিল । তাৰোপৰি নাগালেণ্ডৰ মোককচুং জিলাৰ অধীনত এম জি এন ৰেগা (MGNREGA)ৰ অধীনত কামৰ এখন পকী নামফলক বনাঞ্চল খনত লগাই ভূমি বেদখল কৰাৰ চেষ্টা কৰিছিল নগাই । ইপিনে ঘটনাৰ সবিশেষ তথ্য লাভ কৰিয়েই খণ্ড বন বিষয়াই বনৰক্ষীৰ সহযোগত উক্ত গছত লগাই থোৱা জননী খন জব্দ কৰাৰ উপৰিও পকী নামফলক খন নষ্ট কৰে । আনহাতে বহু পলমকৈ ঘটনাস্থলীত মৰিয়নী আৰক্ষী (Mariyani Police) উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় বুলি জানিব পৰা গৈছে ।

অসমৰ ভূমিত নাগালেণ্ড চৰকাৰৰ MGNREGA আঁচনিৰ কাম

উল্লেখযোগ্য যে, আন্তঃৰাজ্যিক সীমা সমস্যা (Inter State Border Conflict) অসমৰ বাবে এটা দীঘলীয়া আৰু জটিল সমস্যা । বছৰৰ পাছত বছৰ ধৰি সীমান্ত অঞ্চলৰ ৰাইজে এই সমস্যাৰ বাবে দুৰ্ভোগ ভুগি আহিছে ।

ইয়াৰ ফলতে প্ৰায় সময়তে অশান্ত হৈ থাকে সীমান্ত অঞ্চলসমূহ ৷ কেতিয়াবা যদি মেঘালয়ৰ (MAGHALYA) লোকে আহি অসমৰ ভূমিত ঘৰ বান্ধে, আন কেতিয়াবা মিজোসকলৰ (MIZURAM) অত্যাচাৰ সহ্য কৰিবলগীয়া হয় অসমৰ সীমান্ত অঞ্চলবাসীয়ে । শেহতীয়াকৈ অসম বিধানসভাতো (ASSAM ASSMBLY) অসমৰ ভূমি বেদখল তথা সীমান্তবাসীৰ সমস্যাৰ প্ৰসংগই স্থান লাভ কৰিছে।

উল্লেখ যে, অসমৰ সৰ্বমুঠ ৬৯০১০.৮২৪২ হেক্টৰ ভূমি চুবুৰীয়া ৰাজ্যই বেদখল কৰি আছে। চৰকাৰী তথ্য মতে বিগত ৫ বছৰত চুবুৰীয়া ৰাজ্যই অসমৰ ভূমি বেদখল কৰাৰ 209 টা ঘটনা সংঘটিত হৈছে । আনহাতে, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশে অসমৰ ভূমি বেদখল কৰা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত O.S NO 2/1988 আৰু O.S NO 1/1989 নম্বৰৰ দুটাকৈ গোচৰ ৰুজু হৈছে আৰু দুয়োটা গোচৰ বৰ্তমানেও উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে ।

লগতে পঢ়কঃ অসম প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি হ’ব প্ৰদ্যুৎ বৰদলৈ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.