ETV Bharat / state

ৰাসৰ মাজতে চেক বিতৰণেৰে ৰাইজৰ কাষলৈ

author img

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 7:48 PM IST

MP Tapan Gogoi distributes cheques to Raas committee at titabor
চেক বিতৰণ

ৰাস সমিতিলৈ মুখ্যমন্ত্ৰীয়ে আগৱঢ়োৱা চেক লৈ সমষ্টিয়ে সমষ্টিয়ে সাংসদ তপন গগৈ । লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত সমষ্টিবাসী ৰাইজৰ মাজত আকৰ্ষণ বৃদ্ধি কৰাৰ লক্ষ্য ।

চেক বিতৰণ

যোৰহাট, 25 নৱেম্বৰ : ৰাজ্যত ৰাসক লৈ উখল-মাখল পৰিৱেশ ৷ ইতিমধ্যে ৰাসক লৈ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে সকলোতে ৷ বিভিন্ন ঠাইত কেইবাদিনীয়াকৈয়ো পতা হৈছে ৰাস মহেৎসৱ ৷ কোনো কোনো ঠাইত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে ৰাস ৷ ৰাসক লৈ প্ৰায় এমাহ পূৰ্বৰে পৰাই চলি আছে আখৰা ৷ ৰাজ্যৰ আন আন ঠাইৰ দৰে যোৰহাটৰ তিতাবৰতো পতা হৈছে ৰাস ৷ তিতাবৰ বিধানসভা সমষ্টিত চৈধ্যখনকৈ ৰাস অনুষ্ঠিত কৰা হৈছে ৷

ৰাস সমিতিলৈ মুখ্যমন্ত্ৰীয়ে আগৱঢ়োৱা চেক লৈ এই সমষ্টিয়ে সমষ্টিয়ে ঘূৰিছে সাংসদ তপন গগৈ । বহুতে ইয়াক লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত সমষ্টিবাসীৰ মাজত চৰকাৰৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰাৰ লক্ষ্য বুলিও ক’ব বিচাৰিছে । হাতত ৰাস সমিতিলৈ আগৱঢ়োৱা চেক লৈ যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভাৰ সমষ্টিয়ে সমষ্টিয়ে ঘূৰিছে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈ ।

ইয়াৰ জৰিয়তে সাংসদ গগৈয়ে '২৪ ৰ লোকসভা নিৰ্বাচনী প্ৰচাৰৰ এক কুচকুৱাজ আৰম্ভ কৰিছে বুলি জানিবলৈ দিছে এক বিশেষ ৰাজনৈতিক মহলে আৰু সেই উদ্দেশ্যে আগত ৰাখিয়ে আজি শনিবাৰৰ দিনটোত সাংসদ তপন গগৈয়ে তিতাবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৪ খন ৰাস সমিতিক ২৫ হাজাৰ টকাকৈ চেক প্ৰদান কৰে তিতাবৰ মহকুমাধিপতি কাৰ্যালয়ত ।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস অনুষ্ঠিত কৰাৰ সমিতিলৈ আৰ্থিক সাহায্য হিচাপে আগবঢ়োৱা ২৫ হাজাৰ টকাৰ চেক গ্ৰহণ কৰে তিতাবৰৰ ১৪ খন ৰাস কমিটীৰ বিষয়বববীয়াই । ৰাস কমিটীলৈ ২৫হাজাৰ টকা আৰ্থিক সাহায্য আগবঢ়োৱাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছে তিতাবৰৰ প্ৰতিখন ৰাস কমিটীয়ে ।

উল্লেখ্য যে, ২০২৪ ৰ লোকসভা নিৰ্বাচনত বৰ্তমানৰ সাংসদ তপন কুমাৰ গগৈ ব্যাপক হাৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব বুলি চৰ্চা চলিছে, সেয়েহে প্ৰত্যাহ্বানক যিকোনো প্ৰকাৰে মষিমূৰ কৰিবৰ বাবে সমষ্টিবাসী ৰাইজক বিভিন্ন কৌশলেৰে সন্তুষ্ট কৰাত উঠি পৰি লাগিছে বৰ্তমানৰ সাংসদ গৰাকীয়ে।

লগতে পঢ়ক : সমগ্ৰ অসমবাসীৰ আগত শংকৰজ্যোতি বৰুৱাই মূৰ দোঁৱাই ক্ষমা খুজিব লাগে: বিদ্যুৎ শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.