ETV Bharat / state

Assam Govt distribute Bicycles : চাইকেল বিতৰণে শিক্ষাৰ্থীক স্কুললৈ যোৱাৰ মানসিকতা বৃদ্ধি কৰিব: কামাখ্যা প্ৰসাদ তাছা

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 4:31 PM IST

যোৰহাটত বিনামূলীয়া চাইকেল বিতৰণৰ শুভাৰম্ভ কৰিলে সাংসদ কামাখ্যা প্ৰসাদ তাছাই । মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত জিলাখনত উপকৃত হ'ব ১৭৭ খন বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ৯,০৯৪ গৰাকী ছাত্ৰ-ছাত্রী ।

Free bicycle distribution in Assam
যোৰহাটত শুভাৰম্ভ বিনামূলীয়া চাইকেল বিতৰণ কাৰ্যসূচী

যোৰহাটত শুভাৰম্ভ বিনামূলীয়া চাইকেল বিতৰণ কাৰ্যসূচী

যোৰহাট, ১৩ অক্টোবৰ: মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্রীক বিনামূলীয়া চাইকেল বিতৰণ কাৰ্যসূচীৰ আজি যোৰহাটত শুভাৰম্ভ কৰে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই । এই উপলক্ষে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজিত জনসভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সাংসদ তাছাই দহ গৰাকী ছাত্ৰ-ছাত্রীক আনুষ্ঠানিকভাৱে চাইকেল প্ৰদান কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । আজি চাইকেল প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰি সাংসদ তাছাই কয় যে এই চাইকেল নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্রীক প্ৰেৰণামূলকভাৱে দিয়াৰ ব্যৱস্থা কৰা হৈছে । এই চাইকেলৰ জৰিয়তে যাতে ছাত্ৰ-ছাত্ৰী সকলে সোনকালে বিদ্যালয় গৈ পোৱাৰ লগতে বিদ্যালয় ছুটী হোৱাৰ পাছত যাতে সোনকালে ঘৰ ঘূৰি আহি পায় ।

তেওঁ পুনৰ কয় যে চৰকাৰে ছাত্ৰ-ছাত্রীক বিনামূলীয়া ইউনিফৰ্ম দিছে,মধ্যাহ্ন ভোজন দিছে আৰু এতিয়া চাইকেল দিছে । এইসমূহ কাৰ্যই এক শৈক্ষিক বাতাবৰণ সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব । চাইকেল লৈ কেৱল অবাবত ঘূৰি ফুৰিলে ছাত্ৰ-ছাত্ৰী সকলে জীৱনত উন্নতি কৰিব নোৱাৰিব । জীৱনত উন্নতি সাধনৰ বাবে মনোযোগেৰে অধ্যয়ন কৰি আগবাঢ়ি যাব লাগিব । এই পৃথিৱীখন বহু জটিল বুলি উল্লেখ কৰি ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই কয় যে ইয়াত জয়ী হ'বৰ বাবে সংগ্ৰাম কৰি আগবাঢ়ি যাব লাগিব ।

ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই কয় যে ৰাজ্য চৰকাৰে ৰাজ্যত চিকিৎসা মহাবিদ্যালয়, বিশ্ববিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিছে । এই সমূহত অধ্যয়ন কৰিবৰ বাবে ছাত্ৰ-ছাত্ৰী সকলে যোগ্যতা অৰ্জন কৰিব লাগিব আৰু জীৱন যুদ্ধত আগবাঢ়ি যাব লাগিব । উল্লেখযোগ্য যে, যোৰহাটৰ ১৭৭ খন বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ৯,০৯৪ গৰাকী ছাত্ৰ-ছাত্রীক এই চাইকেল প্ৰদান কৰা হ'ব । উল্লেখযোগ্য যে আজিৰ সভাত বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, ৰূপজ্যোতি কুৰ্মী, জিলা আয়ুক্ত পুলক মহন্ত, অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং, প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে ।

লগতে পঢ়ক:Assam Govt distribute Bicycles : তিনিচুকীয়াৰ নৱম শ্ৰেণীৰ ১২৭৭০ গৰাকী শিক্ষাৰ্থীক চাইকেল প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.