ETV Bharat / state

গণহত্যাঃ পিতৃ ভগ্নীৰ সন্মুখতে মৰিয়াই মৰিয়াই হত্যা যুৱকক

author img

By

Published : May 31, 2020, 7:45 AM IST

Updated : May 31, 2020, 10:51 AM IST

Mob Lynching at Moriyani: killed Debashish Gogoi
গণহত্যাঃ পিতৃ ভগ্নীৰ সন্মুখতে মৰিয়াই মৰিয়াই হত্যা যুৱকক

পিতৃ ভগ্নীৰ সন্মুখতে এদল উদণ্ড লোকে মৰিয়াই মৰিয়াই হত্যা কৰিলে দেৱাশীষ গগৈ নামৰ এজন যুৱকক। এই ঘটনাই এতিয়া তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে সমগ্ৰ মৰিয়নী অঞ্চলত ৷

মৰিয়নী,31 মে': মৰিয়নীত ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ দৰে অনুৰূপ ঘটনাৰ পুনৰাবৃত্তি ৷ হাজোৰ সনাতন ডেকাৰ হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই মৰিয়নীত পুনৰ সংঘটিত হল আন এক নৃশংস হত্যাকাণ্ডৰ ঘটনা ৷ পিতৃ ভগ্নীৰ সন্মুখতে এদল উদণ্ড লোকে মৰিয়াই মৰিয়াই হত্যা কৰিলে দেৱাশীষ গগৈ নামৰ এজন যুৱকক । এই ঘটনাই এতিয়া তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত ৷ মৰিয়নী সমষ্টিৰ অন্তৰ্গত গাভৰু বাগিচাৰ কলঘৰৰ সমীপতে সংঘটিত হয় এই অমানৱীয়, শিঁহৰণকাৰী ঘটনা ৷

ঘটনা সন্দৰ্ভত আদিত্য দাসৰ মন্তব্য

জানিব পৰা অনুসৰি, শনিবাৰে আবেলি মৰিয়নী সমষ্টিৰ অন্তৰ্গত গাভৰু পৰ্বতত অৱস্থিত ২৮ টিলা নামৰ ঠাইডোখৰৰ সৌন্দৰ্য উপভোগ কৰিবলৈ গৈছিল দেৱাশীষ গগৈ আৰু আদিত্য দাস নামৰ দুজন বন্ধু। তাৰ পৰা উভতি অহাৰ সময়তে গাভৰু বাগিচাৰ কলঘৰৰ সমীপত তেওঁলোক আহি থকা স্কুটি খন দুৰ্ঘটনাত পতিত হৈ এগৰাকী মহিলাক সমান্যভাৱে খুন্দা মাৰে । ইয়াৰ পাছতে এই দুৰ্ঘটনাৰ অছিলা লৈ বাগিচাখনৰ চকীদাৰ সহ বহু লোকে যুৱক দুজনৰ ওপৰত নৃশংস ভাৱে আক্ৰমণ কৰে ৷ উদণ্ড জনতাৰ গণপ্ৰহাৰত মুমূৰ্ষু হৈ পৰে দুয়োজন যুৱক। ইয়াৰ মাজতে আদিত্য দাসে বহুবাৰ দেৱাশীষক ৰক্ষা কৰিব চেষ্টা কৰিছিল যদিও বিফল হয়। প্ৰায় বহু সময় ধৰি চলা এই গণ আক্ৰমণৰ ঘটনাৰ বিষয়ে অৱগত হৈ দেৱাশীষৰ ভগ্নী আৰু দেউতাক দেৱজিত গগৈ ঘটনাস্থলীত উপস্থিত হয় ৷ কিন্তু উদণ্ড জনতাই ভগ্নী আৰু পিতৃকো আবদ্ধ কৰি তেওঁলোকৰ সন্মুখতে দেৱাশীষক উপৰ্যুপৰি প্ৰহাৰ কৰে।

গণহত্যাঃ পিতৃ ভগ্নীৰ সন্মুখতে মৰিয়াই মৰিয়াই হত্যা যুৱকক

অৱশেষত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুয়োজন যুৱকক উদ্ধাৰ কৰে যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটা দেৱাশীষক ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ নিয়াৰ পথতে তেওঁৰ মৃত্যু ঘটে ৷ আনফালে গণপ্ৰহাৰৰ ফলত বৰ্তমান আদিত্য দাসৰো অৱস্থা সংকটজনক। এই ঘটনাৰ খবৰ চৌদিশে বিয়পি পৰাৰ লগে লগে সমগ্ৰ মৰিয়নী অঞ্চলত সৃষ্টি হৈছে তীব্ৰ উত্তেজনা ৷ সমান্য কথাতে এনেদৰে এজন যুৱকক নৃশংস ভাৱে হত্যা কৰা দোষীক উচিত শাস্তি প্ৰদানৰ দাবীৰে নিশাই দেবেৰাপাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে নকচাৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু আটাছুৱে ৷ এই ঘটনাত জড়িত দোষীক শীঘ্ৰে আটক নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ শুংকাৰ প্ৰদান কৰিছে নকচাৰী আঞ্চলিক ছাত্ৰ সন্থাই ৷

লগতে পঢ়কঃ MMCHৰ পৰা ১১ গৰাকী কৰ'ণা সুস্থ লোকক ৰিলিজ

Last Updated :May 31, 2020, 10:51 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.