ETV Bharat / state

Truck driver attacked in Jorhat: যোৰহাটত মালবাহী ট্ৰাকৰ ওপৰত আক্ৰমণ একাংশ উদণ্ড যুৱকৰ

author img

By

Published : Jan 21, 2023, 4:40 PM IST

অনিমেষকাণ্ডৰ পিচতো সলনি হোৱা নাই যোৰহাট ট্ৰাক ষ্টেণ্ডৰ পৰিবেশ ৷ একাংশ সমাজ স্খলিত ব্যক্তি তথা একাংশ যুৱ প্ৰজন্মৰ এদল লোকে দৈনিক মদ, জুৱাৰ আড্ডাস্থলীৰূপে গঢ়ি তুলি মুকলিকৈ নিচা সেৱন কৰি থকা এক নিত্য নৈমিত্তিক ঘটনালৈ পৰিণত হৈছে । অনিমেষৰ পাছত এইবাৰ ইয়াত আক্ৰমণৰ সন্মুখীন হ’ল এজন ট্ৰাক চালক(Mob attacked Truck driver in Jorhat) ৷

Animesh Bhuyan murder case
যোৰহাটত মালবাহী ট্ৰাকৰ ওপৰত আক্ৰমণ একাংশ উদণ্ড যুৱকৰ

যোৰহাটত মালবাহী ট্ৰাকৰ ওপৰত আক্ৰমণ একাংশ উদণ্ড যুৱকৰ

যোৰহাট, ২১ জানুৱাৰী: যোৰহাট ট্ৰাক ষ্টেণ্ডত আৰক্ষী দুৰ্বলতা সুযোগ গ্ৰহণ কৰি গুণ্ডামি চলাই গৈছে একাংশ যুৱকে । যোৰহাট ট্ৰাক ষ্টেণ্ডত এইবাৰ একাংশ উদণ্ড যুৱকৰ আক্ৰমণৰ সন্মুখীন হয় ব্যৱসায়িক প্ৰতিষ্ঠানলৈ বিভিন্ন সামগ্ৰী কঢ়িয়াই অনা এখন ট্ৰাক(Mob Lynching in Jorhat) ৷ ২০ জানুৱাৰীৰ নিশা প্ৰায় ১০ বজাত সংঘটিত হয় এই ঘটনা ৷ ইয়াকে লৈ এতিয়া অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

শুকুৰবাৰে নিশা যোৰহাটৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানলৈ বিভিন্ন সামগ্ৰী কঢ়িয়াই অনা এখন ট্ৰাকৰ ওপৰত আক্ৰমণ চলায় একাংশ সুৰামত্ত উদণ্ড যুৱকে । জানিব পৰাৰ মতে, গুৱাহাটীৰ পৰা যোৰহাট নগৰৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানলৈ হিন্দুস্তান লিভাৰৰ সামগ্ৰী কঢ়িয়াই আনিছিল ট্ৰাকখনে । সামগ্ৰীসমূহ ট্ৰাকৰ পৰা নমাবলৈ চালকে ট্ৰাকখন পথৰ কাষত ৰখাওতেই একাংশ যুৱকে ট্ৰাক চালকৰ সৈতে প্ৰচণ্ড বাক-বিতণ্ডাত লিপ্ত হয় ৷

যুৱককেইজনে ট্ৰাক চালকৰ লগত কেৱল বাক-বিতণ্ডাতে ক্ষান্ত নহৈ তেওঁক আক্ৰমণ কৰিবলৈ খেদি যায়(Mob attacked Truck driver in Jorhat) । সুৰামত্ত যুৱকৰ দলটোৱে মালবাহী ট্ৰাকখনৰ ওপৰতো আক্ৰমণ চলাই বিস্তৰ ক্ষতিসাধন কৰি ঘটনাস্থলী পৰাৰ আঁতৰি যায় । তাপৰ্যপূৰ্ণ যে, বিগত সময়চোৱাত যোৰহাট ট্ৰাক ষ্টেণ্ডত একাংশ লোকে মদ, জুৱাৰ লগতে অন্য নিচাজাতীয় দ্ৰৱ্য সেৱনৰ মুকলি আড্ডাস্থলী ৰূপে গঢ়ি তুলিছে । এইসকল সুৰামত্ত দলটোবে বিভিন্ন সময়ত চহৰ মাজত সন্ত্ৰাস চলাই আহিছে ৷

ইয়াৰ মাজতে এটা সুৰামত্ত দলে শুকুৰবাৰে নিশা মালবাহী ট্ৰাক ওপৰত আক্ৰমণ দৰে নিকৃষ্ট কাণ্ড সংঘটিত কৰে । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত । উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০২১ চনৰ ২৯ নৱেম্বৰত যোৰহাটৰ ৰাজপথত মৰিয়াই মৰিয়াই হত্যা কৰা হৈছিল আছুৰ ছাত্ৰ নেতা অনিমেষ ভূঞাক । দুৰ্ঘটনাত পতিত হোৱা এজন বৃদ্ধক ৰক্ষা কৰিবলৈ গৈছিল আছু নেতাগৰাকীয়ে । তেতিয়াই একাংশ দানৱৰূপী মানুহে নৃশংসভাৱে মৰিয়াই মৰিয়াই হত্যা কৰে ছাত্ৰ নেতাজনক ৷

কিন্তু ইয়াৰ পাচতো সলনি হোৱা নাই যোৰহাটৰ ট্ৰাক ষ্টেণ্ডৰ সমীপত পৰিবেশ ৷ যোৰহাট আৰক্ষীৰ দুৰ্বলতা সুযোগ গ্ৰহণ কৰি একাংশ সুৰাপায়ী যুৱকে বিভিন্ন ধৰণৰ নিকৃষ্ট কাম সংঘটিত কৰি আহিছে । এনে পৰিস্থিতিত যোৰহাট আৰক্ষীয়ে সাধাৰণ জনতাক নিৰাপত্তা দিয়াত চূড়ান্তভাবে ব্যৰ্থ হৈছে বুলি উল্লেখ কৰে যোৰহাটৰ একাংশ লোকে ।

লগতে পঢ়ক: Tensions surrounding live-in relationship: প্ৰেমিকৰ প্ৰেমত মছগুল বিধৱা মহিলাৰ গাঁওবাসীক প্ৰত্যাহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.