Tensions surrounding live-in relationship: প্ৰেমিকৰ প্ৰেমত মছগুল বিধৱা মহিলাৰ গাঁওবাসীক প্ৰত্যাহ্বান

author img

By

Published : Jan 21, 2023, 8:45 AM IST

clash over doctor and widow woman extra marital affair in Nalbari

লিভ ইন ৰিলেশ্যনশ্বিপক লৈ শুকুৰবাৰে নিশা নলবাৰীৰ বৰঝাৰত উত্তপ্ত পৰিস্থিতি (clash over doctor and widow woman ) ৷ এজন চিকিৎসকৰ সৈতে এগৰাকী বিধৱা মহিলাই লিভ ইন ৰিলেশ্যনশ্বিপত থকাক লৈ গাঁওবাসীৰ পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ (doctor and widow woman extra marital affair) ৷

চিকিৎসক প্ৰেমিকৰ প্ৰেমত মছগুল বিধৱা মহিলাৰ গাঁওবাসীক প্ৰত্যাহ্বান

নলবাৰী, 21 জানুৱাৰী:

"মোৰ স্বামী ঢুকাইছে ৷ মোকোটো জীয়াই থাকিবলৈ এজন সংগীৰ প্ৰয়োজন ৷ মই জীয়াই থাকিব নালাগে নেকি? গতিকে মই তেখেতক বাচনি কৰিছো ৷ আমি লিভ-ইন সম্পৰ্কত আছো ৷ মোৰ সন্তানৰ ভৱিষ্যতৰ কথা আছে ৷ মই কোনো গাঁৱত বাস কৰি থকা নাই মই ভাড়া ঘৰত আছো ৷ মোৰ সন্তানকেইটাই মোক গ্ৰহণ কৰিছে, গতিকে কোনোবাই এই সম্পৰ্ক কোনোবাই মানি লওক নলওক মই খাতিৰ নকৰো ৷" ৰাইজমেলত অভিযুক্ত মহিলাৰ অকপট স্বীকাৰোক্তি ৷

নলবাৰীৰ জিলাৰ বৰঝাৰত এজন চিকিৎসক আৰু এগৰাকী বিধৱা মহিলাৰ অবৈধ সম্পৰ্ক থকাৰ অভিযোগত শুকুৰবাৰে নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় (Extra Marital Relationship in Nalbari ) । দীৰ্ঘদিন ধৰি বৰঝাৰৰ এগৰাকী বিধৱা মহিলাৰ সৈতে বাক্সা জিলাৰ বৰমা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত চিকিৎসক ডাঃ অনুৰাগ চৌধুৰীৰ প্ৰেমৰ সম্পৰ্ক আছে (doctor and widow woman extra marital affair)৷

ইফালে স্বামীৰ মৃত্যুৰ পিছতেই মহিলাগৰাকীয়ে তিনিটা সন্তানক লৈ নলবাৰীৰ বৰঝাৰত ভাড়াতীয়া হিচাপে থাকিবলৈ লোৱাৰ পিছৰে পৰাই চিকিৎসকগৰাকীয়ে মহিলাগৰাকীৰ ভাড়াঘৰটোলৈ আহি নৈশ যাপন কৰিবলৈ অহা ওচৰৰ লোকে প্ৰায়ে প্ৰত্যক্ষ কৰিছিল (clash over doctor and widow woman )৷ যদিও কোনোদিনে এই সম্পৰ্কৰ বাবে গাঁওখনত কোনোধৰণৰ বিবাদ হোৱা নাছিল ৷

শুকুৰবাৰে নিশা মহিলাগৰাকীৰ ঘৰলৈ তেওঁৰ ভাতৃ ফুৰিবলৈ বুলি আহিছিল ৷ মহিলাগৰাকীৰ ভাতৃয়ে ঘৰলৈ অহাৰ পিছতেই চিকিৎসকগৰাকীৰ লগত মহিলাগৰাকীক অসংযত অৱস্থাত প্ৰত্যক্ষ কৰে ৷ এই কথাকে লৈ মহিলাগৰাকী আৰু ভাতৃৰ মাজত বিবাদ হৈছিল ৷ এনে সম্পৰ্ক ভাল নহয় বুলি বায়েকক বুজাবলৈ চেষ্টা কৰিছিল ভাতৃয়ে ৷

কিন্তু ভায়েকৰ কথা কোনোপ্ৰকাৰে মানি লবলৈ ৰাজী নাছিল মহিলাগৰাকী ৷ ফলত এই কাজিয়াই চৰম ৰূপ লোৱাত বায়েক আৰু ভায়েক ইজনে সিজনৰ ওপৰত হাত পৰ্যন্ত উঠাইছিল ৷ তাৰ পিছতে মহিলাগৰাকীয়ে ভাতৃৰ বিৰুদ্ধে স্থানীয় আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷

মহিলাগৰাকীয়ে গোচৰ তৰি ঘূৰি অহাৰ পিছতে এই ঘটনাক লৈ মহিলাগৰাকীৰ ভাতৃয়ে এখন ৰাইজমেল অনুষ্ঠিত কৰে ৷ ৰাইজক সমগ্ৰ ঘটনাৰ কথা জনালে ভাতৃয়ে ৷ তাৰ পিছতে এই সন্দৰ্ভত ৰাইজৰ পৰা পৰামৰ্শ বিচাৰিছিল ভাতৃয়ে ৷

কিন্তু গাঁৱৰ লোকসকলে ৰাইজমেলস্থলীত সংবাদমাধ্যমৰ লোক মতা দেখি খঙত অগ্নিশৰ্মা হৈ পৰে মহিলাগৰাকীৰ লগতে চিকিৎসকগৰাকীও ৷ ৰাইজমেলত উপস্থিত হৈ মদৰ ৰাগীত মাতাল চিকিৎসক আৰু মহিলাগৰাকীয়ে অভব্য আচৰণ কৰে ৷ দুয়োজনে নিজ সম্পৰ্কৰ কথা স্বীকাৰ কৰি দুয়োয়ে নিজ ইচ্ছানুসাৰে লিভ ইন ৰিলেশ্যনশ্বিপত থকা বুলি কয় (tense situation over Live in relationship) ৷ ইফালে চিকিৎসকগৰাকী পূৰ্বৰে পৰাই বিবাহিত আৰু তেওঁৰ পত্নী আৰু সন্তান গুৱাহাটীত থাকে বুলি জনায় স্থানীয় ৰাইজে ৷ চিকিৎসকগৰাকীয়ে নিজ পত্নীৰ বিবাহ বিচ্ছেদ কৰা বুলি মিছা কথা কৈ বিধৱা মহিলাৰ লগত অবৈধ সম্পৰ্ক চলাই আহিছে বুলি গাঁৱৰ লোকে অভিযোগ উত্থাপন কৰে ৷

দুয়োকে বিবাহৰ কথা সোধাত দুয়ো কৰ্ট মেৰিজ কৰা বুলি গাঁৱৰ লোকৰ আগত প্ৰকাশ কৰে যদিও গাঁৱৰ লোকে এই কথা মানি লবলৈ মান্তি নহয় ৷ এই পৰিস্থিতি আগলৈও হৈ থাকিলে মহিলাগৰাকীক ভাড়াঘৰৰ পৰা উলিয়াই দিম বুলি ধমক দিয়ে গাঁৱৰ লোকে ৷ যদিও মহিলাগৰাকীয়ে এইবোৰ দাবী ধমকি কেৰেপ নকৰি ৰাইজমেল এৰি সেই স্থানৰ পৰা আঁতৰি যায় ৷

লগতে পঢ়ক: Rape case in Vijayapura karnataka: হত্যাৰ ভাবুকিৰে তিনি যুৱকে মানসিকভাৱে অসুস্থ যুৱতীক কৰিলে ধৰ্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.