ETV Bharat / state

সতীৰ্থক সুৰক্ষা দিব নোৱৰা আৰক্ষীৰ ওচৰত কিমান নিৰাপদ অসমীয়া মানুহ : অখিল গগৈ

author img

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 6:11 PM IST

Updated : Jan 8, 2024, 6:45 PM IST

ULFA Govt Peace Accord
টীয়কত বিধায়ক অখিল গগৈ

ULFA Govt Peace Accord : জনহিত জনসেৱাৰ্থে কথাটো এতিয়াও অসম আৰক্ষীৰ একাংশ উচ্চপদস্থ বিষয়াই বুজি পোৱা নাই বুলি মন্তব্য বিধায়ক অখিল গগৈৰ ৷ লগতে আলফা-চৰকাৰৰ শান্তি চুক্তিক আত্মসমৰ্পণৰ খট বুলি আখ্যা বিধায়কগৰাকীৰ ৷

ৰাইজৰ দলৰ প্ৰতিষ্ঠা দিৱস উদযাপন

টীয়ক, 8 জানুৱাৰী : "জনহিত জনসেৱাৰ্থে, এই কথাটো এতিয়াও অসম আৰক্ষীৰ একাংশ উচ্চপদস্থ বিষয়াই বুজি পোৱা নাই ৷ এই কথাটো দেওবাৰে অসম আৰক্ষীৰ এজন চিপাহীৰ মৃত্যুৱে উদঙাই দিলে ৷" দেওবাৰে মানকাচৰত ব্ৰহ্মপুত্ৰৰ বুকুত পৰি এজন আৰক্ষী জোৱানৰ মৃত্যু হোৱা ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই মন্তব্য কৰে বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷

বিধায়ক অখিল গগৈয়ে কয় যে, এজন আৰক্ষী জোৱান পানীত পৰি গ’ল ৷ কিন্তু পানীত পৰি যোৱাৰ পিছত আৰক্ষীৰ কোনো উচ্চপদস্থ বিষয়া বা লগত থকা কোনো আৰক্ষীৰ লোকে তেওঁক উদ্ধাৰৰ বাবে কাম নকৰিলে ৷ বৰং তেওঁলোকে ম’বাইলত ভিডিঅ’ ৰেকৰ্ডিং কৰাত ব্যস্ত হৈ থাকিল ৷ যদি এজন সতীৰ্থৰ জীৱন তেওঁলোকৰ ওচৰত নিৰাপদ নহয়, তেওঁলোকৰ সতীৰ্থ এজন বিপদত পৰিলে যদি তেওঁলোকে নিৰাপত্তা দিব নোৱাৰে তেন্তে সেই আৰক্ষীৰ ওচৰত অসমীয়া মানুহ কিমান নিৰাপদ বুলি প্ৰশ্ন কৰে অখিল গগৈয়ে ৷

আনহাতে বিধায়কগৰাকীয়ে কয় যে, মৃত্যুমুখত পৰা সতীৰ্থৰ ভিডিঅ’ ৰেকৰ্ড কৰা আৰক্ষীৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা চৰকাৰে ল’ব লাগে ৷ লগতে "বহুত ডাঙৰ ডাঙৰ কথা কোৱা" অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে এই ঘটনাৰ বাবে অসমবাসীৰ ওচৰত ক্ষমা বিচৰাৰ আশা প্ৰকাশ কৰা বুলি মন্তব্য কৰে তেওঁ ৷

ইফালে আলফা আৰু চৰকাৰৰ মাজত স্বাক্ষৰিত হোৱা শান্তি চুক্তি সন্দৰ্ভত ৰাইজৰ দলৰ সভাপতিজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, এইখন শান্তি চুক্তিও নহয় আৰু দুটা শক্তিশালী পক্ষৰ মাজত বুজাবুজিৰ চুক্তিও নহয় ৷ এইখন হ’ল আত্মসমৰ্পণ কৰা কেইজনমান লোকৰ এখন খট ৷ বিধায়ক গগৈয়ে কয় "প্ৰভুৰ লগত দাসৰ খট, এইটোৱেই হ’ল আলফা আৰু দিল্লীৰ শান্তি চুক্তিৰ অৰ্থ ৷"

এনেকুৱা এখন চুক্তি কৰাটো দুৰ্ভাগ্যজনক আখ্যা দি অখিল গগৈয়ে কয় যে, আলফাই যে প্ৰকৃততে অসমৰ ৰাজনীতিক প্ৰতিনিধিত্ব নকৰে, অসমৰ মানুহৰ খঙক প্ৰতিনিধিত্ব নকৰে, অসমৰ মানুহৰ অধিকাৰক প্ৰতিনিধিত্ব নকৰে তাকেই এই চুক্তিৰ জৰিয়তে প্ৰতিপন্ন কৰি দিলে ৷

উল্লেখ্য যে, ৰাইজৰ দলৰ জণজাগৰণ যাত্ৰাৰ মাজতে আজি টীয়কৰ কলিয়াপানীত ৰাইজৰ দলৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ উপস্থিতিত তথা ৰাইজৰ সহযোগত ব্যতিক্ৰমীভাৱে এই প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷ সভাত কেৱল কথাৰ ফুলজাৰিৰ মাজত আবদ্ধ নাথাকি প্ৰকৃত জাতীয় চেতনাৰে পথাৰ আমাৰ বজাৰ আমাৰ লক্ষ্যৰে ৰাইজৰ দল আগুৱাই যাব বুলি সংকল্প গ্ৰহণ কৰাৰ লগতে এই ক্ষেত্ৰত সমূহ অসমবাসীৰ সহযোগিতা আশা কৰে অখিল গগৈয়ে ৷

লগতে পঢ়ক : ছাত্ৰীৰ মুখত লিপষ্টিক, মেকআপ দেখি খঙত অগ্নিশৰ্মা সাংসদ আজমল

Last Updated :Jan 8, 2024, 6:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.