ETV Bharat / state

যোৰহাটত 28 হাজাৰ ভেকচিন প্ৰদানৰ লক্ষ্যৰে মেগা ভেকচিনেচন কেম্প

author img

By

Published : Sep 17, 2021, 6:43 PM IST

mega-vaccine-camp-in-jorhat-with-a-target-of-providing-28000-vaccines
যোৰহাটত 28 হাজাৰ ভেকচিন প্ৰদানৰ লক্ষ্যৰে মেগা ভেকচিনেচন কেম্প

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনৰ লগত সংগতি ৰাখি সমগ্ৰ অসমতে মেগা ভেকচিনেচন কাৰ্যসূচীৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে ৷ ৰাজ্যৰ আনসমূহ জিলাৰ সমান্তৰালকৈ যোৰহাট জিলাতো মেগা ভেকচিনেচন কেম্পৰ ব্যৱস্থা কৰা হৈছে ৷ জিলাখনত 100 টা ভেকচিনেচন কেম্পত ইতিমধ্যেই আৰম্ভ হৈছে ভেকচিন প্ৰদান কাৰ্যসূচী ৷

যোৰহাট,17 ছেপ্তেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মজিন উপলক্ষ্যে সমগ্ৰ ৰাজ্য খনৰ লগতে যোৰহাটতো অনুষ্ঠিত হৈছে মেগা ভেকচিনেচন কেম্প ৷ লক্ষ্য 28 হাজাৰ দ্বিতীয় পালি ক'ভিড প্ৰতিষেধক প্ৰদান কৰা ৷ ক'ভিডৰ অতিমাৰীৰ পৰা ৰক্ষা পাবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে হাতত লৈছে এই বিশেষ পৰিকল্পনা ৷ উল্লেখ্য যে, একমাত্ৰ ভেকচিন অৰ্থাৎ ক'ভিডৰ টীকাকৰণেৰেহে সকলোৱে ক'ভিডৰ বিৰুদ্ধে যুঁজিব পাৰিব ৷ গতিকে ইয়াৰ প্ৰতি লক্ষ্য কৰি ৰাজ্যত ব্যাপক হাৰত টীকাকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷

যোৰহাটত 28 হাজাৰ ভেকচিন প্ৰদানৰ লক্ষ্যৰে মেগা ভেকচিনেচন কেম্প

আনহাতে শাৰদীয় দুর্গা পূজাৰ পূৰ্বে ৰাজ্য খনত ক'ভিডৰ প্ৰথম পালি টিকা প্ৰদান সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগে ৷ সমান্তৰালকৈ দ্বিতীয় পালি টীকা প্ৰদান কৰাৰো ব্যৱস্থা গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে ৷ যাৰ ফলত শুকুৰবাৰৰ দিনটোত সমগ্ৰ ৰাজ্য খনত ক'ভিডৰ দ্বিতীয় পালি টীকাকৰণৰ ব্যৱস্থা কৰা হৈছে ৷ লগতে যোৰহাট জিলাতো শুকুৰবাৰে বিভিন্ন অঞ্চলত মেগা ভেকচিনেচন কেম্পৰ ব্যৱস্থা কৰা হৈছে ৷

উল্লেখ্য যে, শুকুৰবাৰে দিনটোত ৰাজ্যৰ আটাইকেইখন জিলা সামৰি 28 হাজাৰ লোকক ভেকচিন প্ৰদানৰ লক্ষ্য লোৱা হৈছে ৷ যোৰহাট মডেল কম্পজিট বিদ্যালয়ৰ মেগা ভেকচিন কেম্পত উপস্থিত হৈ সকলোবোৰ দিশ নিজে তদাৰক কৰে যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ৷

ইয়াৰ মাজতে শিক্ষামন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, "20 তাৰিখৰ পৰা ৰাজ্য সকলো বিদ্যালয়ৰ দশম শ্ৰেণী সমূহ আৰম্ভ হ'ব ৷ ক'ভিড প্ৰটকল নীতি অনুসৰি বিদ্যালয় সমুহ 30 শতাংশ ছাত্ৰ-ছাত্ৰীৰে আৰম্ভণি কৰা হ'ব ৷ ক'ভিডৰ পৰিবেশ সুস্থিৰ দিশলৈ গতি কৰিলে বাকী শ্ৰেণী সমুহো আৰম্ভ কৰাৰ চিন্তা কৰিব চৰকাৰে ৷"

লগতে পঢ়কঃ বৰপেটা সত্ৰত শৰাই দি প্ৰধানমন্ত্ৰীৰ সু-স্বাস্থ্য কামনা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.