ETV Bharat / state

Truck crashed in Jorhat: যোৰহাটত দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকৰ পৰা ৰাইজে লুটিলে গুড়

author img

By

Published : Feb 10, 2023, 8:50 PM IST

loot in crashed truck in Jorhat
দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকৰ পৰা গুড় চুৰি যোৰহাটৰ ৰাইজৰ

যোৰহাটত দুৰ্ঘটনাগ্ৰস্ত এখন ট্ৰাকৰ পৰা স্থানীয় ৰাইজে পাৰেমানে লুটিলে গুড় (Locals loot molasses from crashed truck) । যোৰহাট নগৰ ষ্টেচনৰ পৰা গুড় কঢ়িয়াই নিয়া ট্ৰাকখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছতে ঘটিল এই চুৰিকাণ্ড ।

দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকত লুটপাট

যোৰহাট,১০ ফেব্ৰুৱাৰী: যোৰহাটত আজৱ কাণ্ড । দুৰ্ঘটনাগ্ৰস্ত এখন ট্ৰাকৰ পৰা স্থানীয় ৰাইজে পাৰেমানে লুটিলে গুড় (Locals loot molasses from crashed truck) । ইয়াৰ পাছতে দুৰ্ঘটনাত পতিত হোৱা এখন গাড়ীৰ পৰা এনেদৰে গুড়ৰ লুটৰ কাণ্ডক লৈ জিলাখনৰ চোদিশে এতিয়া তীব্ৰ চৰ্চাৰ সৃষ্টি হৈছে । প্ৰাপ্ত তথ্য অনুসৰি, যোৰহাট নগৰৰ পৰা কিছু দূৰৈৰ পুলিবৰ থানাৰ অন্তৰ্গত উত্তৰ-পশ্চিম যোৰহাটৰ বৰহুজত শুকুৰবাৰে সংঘটিত হৈছিল এক পথ দুৰ্ঘটনা (Truck crashed in Jorhat) ।

উক্ত দুৰ্ঘটনাত এখন গুড়ভৰ্তি ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজতে বাগৰি পৰিছিল । উত্তৰ প্ৰদেশৰ পৰা মালবাহী ৰে'লৰ জৰিয়তে গুড়খিনি যোৰহাটলৈ অনা হৈছিল । তাৰ পিছত যোৰহাট নগৰ ষ্টেচনৰ পৰা মালবাহী ট্ৰাকৰ জৰিয়তে উক্ত গুড়খিনি উত্তৰ-পশ্চিম যোৰহাটত অৱস্থিত এটা গুদামত ৰাখিবলৈ লৈ গৈ আছিল । তেনে অৱস্থাতেই পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰহুজত ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মৰাৰ ফলত গুড়ভৰ্তি ট্ৰাকখন দুৰ্ঘটনাগ্ৰস্ত হয় (People loot crashed truck) ।

উল্লেখ্য, শুকুৰবাৰে দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনত অনা গুড়খিনি পাৰ্থ সাহা নামৰ এজন ব্যক্তিৰ বুলি জানিব পৰা গৈছে । কিন্তু পৰিতাপৰ কথা যে বৰহুজত দুৰ্ঘটনাগ্ৰস্ত গুড়ভৰ্তি গাড়ীখনৰ পৰা স্থানীয় ৰাইজ আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি অহা-যোৱা কৰা লোকসকলে বহু পৰিমাণৰ গুড় লৈ যায় বুলি গুড়ৰ গৰাকীয়ে জানিবলৈ দিছে (Road accident in National Highway 37) । কিন্তু দুৰ্ঘটনাগ্ৰস্ত এখন গাড়ীৰ পৰা সামগ্ৰী লুট কৰা ঘটনাটোক সহজভাৱে গ্ৰহণ কৰিব পৰা নাই সচেতন ৰাইজে ।

যাক লৈ পৰৱৰ্তী সময়ত সৰ্বত্ৰে চৰ্চাৰ সৃষ্টি হয় । দুৰ্ঘটনাৰ সময়ত সহায়ৰ পৰিৱৰ্তে এনেদৰে সামগ্ৰী লুট কৰাৰ মানসিকতাকো সমালোচনা কৰিছে সচেতন ৰাইজে । দুৰ্ঘটনাগ্ৰস্ত গুড়ভৰ্তি মালবাহী ট্ৰাকখনৰ নম্বৰ হৈছে AS-01-U-3323 । ইতিমধ্যে পৰৱৰ্তী সময়ত দুৰ্ঘটনাস্থলীত পুলিবৰ থানাৰ আৰক্ষী আৰু চিআৰপিএফৰ এটা দল উপস্থিত হয় । আনহাতে, মালবাহী ট্ৰাকখনত থকা গুড়ক লৈ একাংশই ৰহস্যৰো গোন্ধ পাইছে । ইতিমধ্যে পুলিবৰ আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত মালবাহী ট্ৰাকখন দুৰ্ঘটনাস্থলীৰ পৰা থানালৈ লৈ যোৱা বুলি জানিব পৰাৰ গৈছে ।

উল্লেখ্য যে যোৰহাটৰ পৰা দেৰগাঁও পৰ্যন্ত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথলৈ সম্প্ৰসাৰিত হোৱাৰ পিছৰে পৰা একাংশ চালকে যান-বাহন আইনক ভেঙুচালি কৰি প্ৰতিযোগিতামূলকভাৱে গাড়ী চলোৱাৰ বাবে ধাৰাবাহিকভাৱে উক্ত স্থানত সৰু-বৰ কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈ আহিছে । আৰক্ষী-প্ৰশাসনৰ এই ক্ষেত্ৰত মনোযোগ তথা চোকা দৃষ্টিৰ প্ৰয়োজন বুলি স্থানীয় ৰাইজে মন্তব্য কৰে ।

লগতে পঢ়ক: Mysterious death case: কুঁৱাত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.