ETV Bharat / state

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ দিনাই ৰৰৈয়া বিমানবন্দৰত জব্দ হৈছিল সজীৱ গুলী

author img

By

Published : Feb 6, 2021, 7:07 PM IST

Updated : Feb 6, 2021, 8:27 PM IST

যোৱা ২৩ জানুৱাৰী, শিৱসাগৰৰ জেৰেঙা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সভা । যোৰহাটৰ বায়ুসেনাৰ বিমানঘাটিত অৱতৰণ কৰিছিল প্ৰধানমন্ত্ৰীৰ বিমানে । একেটা দিনতে যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰত জব্দ কৰা হৈছিল 9 এম এম পিষ্টলৰ চাৰিটা সজীৱ গুলী ।

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ দিনাই ৰৰৈয়া বিমান বন্দৰত জব্দ হৈছিল সজীৱ গুলী
প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ দিনাই ৰৰৈয়া বিমান বন্দৰত জব্দ হৈছিল সজীৱ গুলী

যোৰহাট, ৬ ফেব্ৰুৱাৰী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শিৱসাগৰৰ জেৰেঙা পথাৰত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰাৰ দিনাই যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰত জব্দ কৰা হৈছিল 9 এম এম পিষ্টলৰ সজীৱ গুলী । যোৱা ২৩ জানুৱাৰীত প্ৰধানমন্ত্ৰীৰ বিমানে যোৰহাটৰ বায়ুসেনাৰ বিমানঘাটিত অৱতৰণ কৰিছিল । উক্ত দিনটোতে ৰৰৈয়া বিমানবন্দৰত জব্দ হৈছিল 9 এম এম পিষ্টলৰ চাৰিটা সজীৱ গুলী ।

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ দিনাই ৰৰৈয়া বিমান বন্দৰত জব্দ হৈছিল সজীৱ গুলী
প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ দিনাই ৰৰৈয়া বিমান বন্দৰত জব্দ হৈছিল সজীৱ গুলী

মাজুলীত প্ৰৱেশ্যনাৰ হিচাপে কৰ্তব্যৰত হৈ থকা আৰক্ষী উপ-পৰিদৰ্শক উৎপল দাসৰ বেগৰ পৰা বিমানবন্দৰৰ নিৰাপত্তাৰক্ষীয়ে জব্দ কৰিছিল গুলীকেইটা । ইয়াৰ পিছতে উৎপল দাসক বিমানবন্দৰ কৰ্তৃপক্ষই স্থানীয় আৰক্ষীক গটাই দিয়ে । ইতিমধ্যে যোৰহাট আৰক্ষীয়ে এই সন্দৰ্ভত গোচৰ ৰুজু কৰি এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে । প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ দিনাই এনে ঘটনা সংঘটিত হোৱাৰ বিষয়টোৱে সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক:ধেমাজিত অসম জাতীয় পৰিষদৰ খুবলীয়া আঞ্চলিক সমিতি গঠন

Last Updated : Feb 6, 2021, 8:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.