ETV Bharat / state

দেৱাশীষ গগৈ হত্যাকাণ্ডঃ প্ৰায়াত ডা৹ দেবেন দত্তৰ পত্নীৰ প্ৰতিক্ৰিয়া

author img

By

Published : Jun 3, 2020, 9:19 AM IST

চৰকাৰক দোষীক শাস্তি প্ৰদানৰ ক্ষেত্ৰত শিথিলতা নকৰি হত্যাকাৰীৰ চৰম শাস্তি মৃত্যুদণ্ড দিবলৈ আহ্বান জনাইছে প্ৰয়াত ডা৹ দত্তৰ পত্নী অপৰাজিতা দত্তই ।

Late Dr. Deben Dutta's wife reaction on Debasis gogoi murder case
দেৱাশীষ গগৈ হত্যাকাণ্ড

টীয়ক, 3 জুনঃ এটা সাধাৰণ দুৰ্ঘটনাক কেন্দ্ৰ কৰি মৰিয়নীত একংশ লোকে অতি নিৰ্মম ভাৱে প্ৰহাৰ কৰি হত্যা কৰিলে দেৱাশীষ গগৈ নামৰ যুৱকজনক ৷ যি ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্য সমগ্ৰ ৰাজ্য তোলপাৰ লাগিছে ৷ ঘটনাৰ লগত জড়িত কেইবাজনক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে যদিও দোষীক কঠোৰ শাস্তি বিহিবলৈ সৰ্বত্ৰে দাবী উত্থাপন হৈছে ৷

Late Dr. Deben Dutta's wife reaction on Debasis gogoi murder case
দেৱাশীষ গগৈ হত্যাকাণ্ড

আজিৰ পৰা প্ৰায় 9 মাহ পূৰ্বে টিয়কত সংঘটিত হৈছিল অনুৰূপ ঘটনা ৷ কৰ্মৰত অৱস্থাতে এগৰাকী ৰোগীৰ মৃত্যুৰ বাবে দোষাৰোপ কৰি একাংশ লোকে উপৰ্জুপৰি প্ৰহাৰ কৰাত মৃ্ত্যু হৈছিল চিকিৎসক দেবেন দত্তৰ ৷ বিগত 9 মাহে ন্যায়ৰ বাবে যুঁজি থকা চিকিৎসক গৰাকীৰ পত্নীয়ে এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৰিয়নীৰ দেৱাশীষ গগৈ হত্য়াকাণ্ড সন্দৰ্ভত ৷

প্ৰায়াত ডা৹ দেবেন দত্তৰ পত্নীৰ প্ৰতিক্ৰিয়া

সাংসদ তপন গগৈয়ে দেৱাশীষ হত্য়াকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্টট্ৰেক আদালতত হ'ব বুলি যি ঘোষণা কৰিছে সেয়া কোনো কাৰণতে নহয় বুলি দাবী কৰিছে প্ৰয়াত চিকিৎসক দেবেন দত্তৰ পত্নী অপৰাজিতা দত্তই ৷ চৰকাৰক দোষীক শাস্তি প্ৰদানৰ ক্ষেত্ৰত শিথিলতা নকৰি হত্যাকাৰীৰ চৰম শাস্তি মৃত্যুদণ্ড দিবলৈ আহ্বান জনাইছে প্ৰয়াত ডা৹ দত্তৰ পত্নী অপৰাজিতা দত্তই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.