ETV Bharat / state

দীপাংকৰ গগৈৰ ৰহস্যজনক আত্মহত্যাৰ ন্যায়িক তদন্তৰ দাবী কৃষক মুক্তিৰ

author img

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 10:02 PM IST

Dipankar Gogoi suicide
judicial inquiry

Dipankar Gogoi suicide case: তিতাবৰৰ যুৱক দীপাংকৰ গগৈৰ ৰহস্যজনক আত্মহত্যাৰ ন্যায়িক তদন্তৰ দাবী কৃষক মুক্তিৰ ৷ যোৰহাট আৰক্ষীৰ বিৰুদ্ধে আঠ দফীয়া অভিযোগনামাৰে তদন্তকাৰী বিষয়া অতিৰিক্ত মুখ্য সচিবক প্ৰতিবেদন দাখিল সংগঠনটোৰ ৷

দীপাংকৰ গগৈৰ ৰহস্যজনক আত্মহত্যাৰ ন্যায়িক তদন্তৰ দাবী

যোৰহাট, 8 জানুৱাৰী : আৰক্ষীৰ আতিশয্য সহিব নোৱাৰি চূড়ান্ত পথ বাচি লোৱা যোৰহাট জিলাৰ তিতাবৰৰ বিৰিণা শায়েকৰ যুৱক দীপাংকৰ গগৈৰ মৃত্যুৰ ন্যায়ৰ দাবীত সংগঠিত হোৱা প্ৰতিবাদৰ পাছত আৰম্ভ হৈছে অতিৰিক্ত মুখ্য সচিব পৰ্যায়ৰ তদন্ত ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণা অনুসৰি দেওবাৰৰ পৰা তিতাবৰত বাহৰ পাতি তদন্ত আৰম্ভ কৰিছে ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব তথা অসম ৰাজহ ব’ৰ্ডৰ অধ্যক্ষ, ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া কে চি চামাৰিয়াই ৷

প্ৰায় 25 টাকৈ বছৰে অসমত অসামৰিক উচ্চ বিষয়া হিচাপে বিভিন্ন বিভাগৰ জৰিয়তে সেৱা আগবঢ়াই অহা বিষয়াগৰাকীয়ে তদন্ত প্ৰক্ৰিয়াৰ অংশ হিচাপে যোৱা কালি দীপাংকৰৰ পৰিয়ালৰ লোক আৰু চুবুৰীয়াৰ পৰা পৃথকে পৃথকে সাক্ষ্য গ্ৰহণ আৰু সোধা-পোছা কৰে ৷ বিষয়াগৰাকীয়ে আজি পুৱা 10 বজাৰ পৰা তিতাবৰৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত দিপাংকৰৰ আত্মীয়, স্থানীয় লোক, বিভিন্ন দল-সংগঠন আৰু ইচ্ছুক ব্যক্তি বিশেষৰ পৰা মৌখিক সাক্ষ্য আৰু প্ৰতিবেদন গ্ৰহণ কৰে ৷

আজিৰ সাক্ষ্য গ্ৰহণত দিপাংকৰৰ ন্যায়ৰ দাবীত সৰৱ হৈ অহা কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও অংশগ্ৰহণ কৰে৷ কৃষক মুক্তিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আৰু তিতাবৰ মহকুমাৰ সাধাৰণ সম্পাদক তপন ফুকনৰ নেতৃত্বত যোৱা এটা প্ৰতিনিধি দলে তদন্তকাৰী বিষয়াগৰাকীৰ সাক্ষাৎ কৰি আঠ দফীয়া অভিযোগ সম্বলিত লিখিত প্ৰতিবেদন দাখিল কৰে ৷ মৃতদেহত থকা স্পষ্ট আঘাতৰ ফটো, চিকিৎসকে দিয়া প্ৰেছক্ৰিপচন আৰু ঔষধৰ লগতে সকলো প্ৰমাণ প্ৰতিবেদনৰ লগত গাঁঠি দিয়ে ৷

কৃষক মুক্তিয়ে নিজৰ প্ৰতিবেদনৰ যোৰহাট আৰক্ষীৰ ববৰ্ৰতা, দীপাংকৰৰ ওপৰত শাৰীৰিক আক্ৰমণ, নিজক বচাবলৈ যোৰহাটৰ আৰক্ষী অধীক্ষকৰ সংবাদ মেলযোগে মিথ্যাচাৰ আৰু দীপাংকৰৰ পৰিয়ালক কৰি অহা মানসিক অত্যাচাৰৰ কথা প্ৰতিবেদনত সবিস্তাৰে উল্লেখ কৰে ৷

দীপাংকৰৰ ভগ্নীয়ে ৰহস্যজনক আত্মহত্যাৰ পিছদিনা অৰ্থাৎ 27 ডিচেম্বৰৰ তাৰিখে দীপাংকৰ গগৈৰ মৃত্যুৰ সৈতে জড়িত যোৰহাটৰ আৰক্ষী অধীক্ষক মোহনলাল মিনা, তিতাবৰৰ মহকুমা আৰক্ষী বিষয়া কাকলি পাটগিৰি, তিতাবৰৰ অ’চি লক্ষ্মণ কুমাৰ দাসৰ নাম উল্লেখ কৰি দাখিল কৰা এজাহাৰৰ ভিত্তিত তিতাবৰ থানাত 306 নং জামিন বিহীন ধাৰাত গোচৰ ৰুজু হৈছিল ৷

তাৰ পাছতো অভিযুক্তক গ্ৰেপ্তাৰ কৰাটো দূৰৰে কথা দায়িত্বৰ পৰা অপসাৰণ কৰাৰ ক্ষেত্ৰতো কোনো ব্যৱস্থা নোলোৱা বিষয়টোও তদন্তকাৰী বিষয়াৰ সন্মুখত প্ৰতিনিধি দলটোৱে উত্থাপন কৰে ৷ তদন্তকাৰী বিষয়া কে চি চামাৰিয়াৰ সন্মুখত তথ্য প্ৰমাণ সহকাৰে কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই কেৱল সন্দেহৰ ভিত্তিত যোৰহাটৰ আৰক্ষী অধীক্ষক মোহনলাল মিনাৰ নেতৃত্বত আৰক্ষীয়ে চলোৱা অমানুষিক, শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ বাবে দীপাংকৰে আত্মহত্যাৰ পথ বাচি ল’বলৈ বাধ্য হোৱা বুলি যুক্তি আগবঢ়ায় ৷

শইকীয়াই তদন্তকাৰী বিষয়াগৰাকীৰ ওচৰত অভিযোগ উত্থাপন কৰে যে ঘটনাৰ অভিযুক্ত হিচাপে খোদ আৰক্ষী অধীক্ষক মোহনলাল মিনাৰ বিৰুদ্ধে পৰিয়ালৰ দ্বাৰা জামিনবিহীন ধাৰাত থানাত গোচৰ ৰুজু হোৱাৰ পাছতো এই মুহূৰ্তলৈকে এছ পি পদত অধিস্থিত ৰাখি চলোৱা তদন্ত এক ভেকোভাওনাৰ বাদে একো নহয় ৷

অভিযুক্তগৰাকীয়েই যদি এছ পিৰ দৰে পদত থাকে তেনেহ’লে যিকোনো মুহূৰ্তত অভিযুক্তই তদন্ত প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব পাৰে ৷ গতিকে অভিযুক্ত এছ পি মোহনলাল মিনা, এছ ডিপি অ’ কাকলি পাটগিৰি আৰু তিতাবৰৰ এছ পি লক্ষ্মণ কুমাৰ দাসক নিলম্বন নকৰাকৈ যি পৰ্যায়ৰ তদন্তই ঘোষণা নকৰক লাগিলে সেয়া ভেকোভাওনাৰ বাদে আন একো নহয় বুলি কয় বিদ্যুৎ শইকীয়াই ৷

সেয়ে পুনৰবাৰ দীপাংকৰ গগৈৰ মৃত্যুৰ তদন্ত এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ জৰিয়তে কৰোৱাৰ কাৰণে দাবী জনায় ৷ লগতে সংগঠনটোৱে চৰকাৰৰ তৰফৰ পৰা তাৎক্ষণিকভাৱে দীপাংকৰৰ পৰিয়ালটোৰ যিকোনো এগৰাকী উপযুক্ত সদস্যক চৰকাৰী সংস্থাপন আৰু 50 লাখ টকাৰ ক্ষতিপূৰণ প্ৰদানৰো দাবী জনায় ৷

লগতে পঢ়ক: গণৰাজ্য দিৱসৰ পেৰেডত অসমে স্থান নোপোৱা বিষয়টো বৰ বেছি চিন্তনীয় নহয় : বিমল বড়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.