ETV Bharat / state

Jorhat transport department record: 63 কোটি টকাৰ কৰ সংগ্ৰেহেৰে অভিলেখ যোৰহাট পৰিবহন বিভাগৰ

author img

By

Published : Apr 4, 2023, 5:06 PM IST

Jorhat transport department records through tax collection
2022-23 বৰ্ষত 63.24 কোটি কৰ সংগ্ৰেহেৰে অভিলেখ যোৰহাট পৰিবহন বিভাগৰ

বিগত বৰ্ষৰ তুলনাত 2022-23 বৰ্ষত চৰকাৰে ধাৰ্য কৰা ৰাজহৰ পৰিমাণ অতিক্ৰম কৰি 63.24 কোটি টকাৰে কৰ সংগ্ৰহৰে অভিলেখ ৰচিলে যোৰহাট পৰিবহন বিভাগে (Jorhat transport department record) ৷ এয়া যোৰহাট পৰিবহন বিভাগৰ এক সফলতা বুলি সদৰী কৰে যোৰহাট জিলা পৰিবহন বিষয়া মনিৰুদ্দিন আহমেদে ৷

2022-23 বৰ্ষত 63.24 কোটি কৰ সংগ্ৰেহেৰে অভিলেখ যোৰহাট পৰিবহন বিভাগৰ

যোৰহাট, 4 এপ্ৰিল : ৰাজ্য চৰকাৰৰ নিৰ্দেশানুসৰি পৰিবহন বিভাগে জিলাই জিলাই অপাৰেশ্যন কুৰুক্ষেত্ৰ, মিছন ছাৰখাৰৰ দৰে অভিযান আৰম্ভ কৰি কৰ-কাটল নিদিয়া যান-বাহনৰ গৰাকীৰ লগতে যান-বাহন আইন উলংঘা কৰা চালকক গুৰুতৰ শাস্তি প্ৰদানৰ লগতে জৰিমনা বিহাৰ ব্যৱস্থা হাতত লৈছে (Road tax in Assam) ৷ ইয়াৰ ফলত বিগত বিত্তীয় বৰ্ষৰ তুলনাত অধিক কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে পৰিবহন বিভাগে ৷

এইবাৰ কৰ সংগ্ৰহৰ ক্ষেত্ৰত অভিলেখ ভংগ কৰিলে যোৰহাট জিলা পৰিবহন বিভাগে (Jorhat transport department ) ৷ যোৰহাট জিলা পৰিবহন বিষয়া মনিৰুদ্দিন আহমেদ নেতৃত্বত জিলাখনত সংগ্ৰহ কৰা কৰৰ ক্ষেত্ৰত ২০২২-২৩ বৰ্ষত সৰ্বোচ্চ কৰ সংগ্ৰহ কৰা হৈছে 63.24 কোটি টকা (Jorhat transport department record) ৷ এই কথা খোদ জিলা পৰিবহন বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ৷

যোৰহাট জিলা পৰিবহন বিষয়া মনিৰুদ্দিন আহমেদে (DTO Maniruddin Ahmed) কয় যে, ‘‘আমাক এইবাৰ 2022-23 বিত্তীয় বৰ্ষৰ কাৰণে আমাৰ যি ৰাজহ সংগ্ৰহৰ পৰিমাণ ধাৰ্য কৰি দিয়া হৈছিল সেইয়া আছিল 60.71 লাখ ৷ তাৰ পৰিৱৰ্তে আমি ধাৰ্য কৰা পৰিমাণ অতিক্ৰম কৰি 63.24 কোটি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছো ৷ 2019-20 বৰ্ষত কৰ সংগ্ৰহৰ পৰিমাণ আছিল 37.41 কোটি, 2020-21 বৰ্ষত আছিল 33.33 কোটি আৰু 2021-22 বৰ্ষত আছিল 47.38 কোটি টকা ৷"

লগতে পৰিবহন বিষয়াগৰাকীয়ে কয়, "আমি বিভিন্ন শিতান পৰাৰ কৰ সংগ্ৰহ কৰিছিলো । আমাৰ বিষয়া-কৰ্মচাৰীসকলে দলবদ্ধভাৱে দিনে নিশাই কৰা ত্যাগৰ ফলস্বৰূপে আমি এই ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছো । এই ক্ষেত্ৰত যোৰহাটৰ কৰদাতা ৰাইজৰ পৰাও আমি সহযোগিতা লাভ কৰিছো । ইয়াৰ বাবে আমি সকলোকে কৃতজ্ঞতা জনাইছো আৰু ভৱিষ্যতে যান বাহন আইন মানি চলিবলৈ আহ্বান জনাইছো ।’’

লগতে পঢ়ক: Mughals leave UP: উত্তৰ প্ৰদেশত দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰা বাতিল মোগলৰ অধ্যায়

উল্লেখ্য যে, অতিৰিক্ত বোজা কঢ়িওৱা গাড়ী পৰাৰ যোৰহাট পৰিবহন বিভাগে প্ৰায় ২ কোটি টকা কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল । ইফালে এই বৰ্ষত সুৰা সেৱন কৰি গাড়ী চলোৱাৰ অপৰাধত ১৫০ টা গোচৰ ৰজু কৰা হৈছিল । ইয়াৰ লগতে তীব্ৰ বেগত গাড়ী চলোৱাৰ বাবে পৰিবহন বিভাগে ১০,৫০০টা গোচৰ ৰজু কৰিছিল (Violation of traffic rules) ৷ এয়া যোৰহাট পৰিবহন বিভাগৰ এক সফলতা বুলি সদৰী কৰে পৰিবহন বিষয়াগৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.