ETV Bharat / bharat

Mughals Leave Up: উত্তৰ প্ৰদেশত দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰা বাতিল মোগলৰ অধ্যায়

author img

By

Published : Apr 4, 2023, 10:41 AM IST

এনচিইআৰটিৰ নতুন পাঠ্যপুথিখন বিগত বছৰৰ পাঠ্যক্ৰমৰ যুক্তিযুক্তকৰণ কাৰ্যৰ দ্বাৰা সংশোধন কৰা হৈছে (NCERT textbook revised) । উক্ত কাৰ্যত যুক্তি দিয়া হৈছে যে তাত কিছুমান শাখাক ওপৰা-ওপৰিকৈ দিয়া হৈছে আৰু কিছুমান অপ্ৰাসংগিক বুলি উল্লেখ কৰা হৈছে ।

NCERT
NCERT

নিউজ ডেস্ক, ৪ এপ্ৰিল : উত্তৰ প্ৰদেশৰ পৰা আঁতৰিল মোগল (Mughals leave UP) ! হয়, উত্তৰ প্ৰদেশৰ পাঠ্যপুথিৰ পৰা আঁতৰিল মোগলৰ পাঠ্যক্ৰম । এতিয়াৰে পৰা ৰাজ্যখনৰ দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলে ভাৰতত মোগল শাসনৰ অধ্যায়টো অধ্যয়ন কৰাৰ প্ৰয়োজন নাই (Mughal rule left out from NCERT textbook) । কিয়নো উক্ত অংশটো বৰ্তমান তেওঁলোকৰ এনচিইআৰটি পাঠ্যপুথিৰ পৰা বাদ পৰিছে (Mughal courts omitted from NCERTs textbooks) ।

মোগল দৰবাৰৰ বিষয়ে কিছু অংশ এনচিইআৰটিৰ নতুন দ্বাদশ শ্ৰেণীৰ ইতিহাসৰ পাঠ্যপুথিৰ পৰা বাদ দিয়া হৈছে, যিবোৰ শেহতীয়া "পাঠ্যক্ৰম যৌক্তিককৰণ" কাৰ্যৰ দ্বাৰা কৰা হৈছে । ইয়াত কিছুমান অংশ ওপৰা-ওপৰি হোৱা কিছুমান অপ্ৰাসংগিক হোৱা বাবে আঁতৰ কৰা বুলি কোৱা হৈছে (Mughal Chapter out of syllabus from UP) ।

পিটিআইৰ সৈতে হোৱা বাৰ্তালাপত উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে (UP Deputy CM Brajesh Pathak) কয়, "আমি আমাৰ শিক্ষাৰ্থীসকলক এনচিইআৰটি কিতাপ ব্যৱহাৰ কৰিবলৈ শিকাওঁ... সংশোধিত সংস্কৰণত যি আছে সেয়া অনুসৰণ কৰা হ'ব ।" অতিৰিক্ত মুখ্য সচিব (মৌলিক আৰু মাধ্যমিক শিক্ষা) দীপক কুমাৰেও এই কথা নিশ্চিত কৰিছে । কুমাৰে পিটিআইক কয়, "আমি এনচিইআৰটিৰ কিতাপ অনুসৰণ কৰোঁ আৰু সংশোধিত সংস্কৰণত যি উপলব্ধ আছে, আমি ২০২৩-২৪ শিক্ষাবৰ্ষৰ পৰা ৰাজ্যিক বিদ্যালয়সমূহত সেয়া অনুসৰণ কৰিম ।" উল্লেখ্য, আন কিছুমান ৰাজ্যিক পৰিষদেও এনচিইআৰটিৰ পাঠ্যপুথি অনুসৰণ কৰে ।

উল্লেখ্য, এনচিইআৰটিয়ে ইতিমধ্যে কৈছিল যে পাঠ্যপুথিৰ বিষয়বস্তু যুক্তিসঙ্গত কৰা হৈছে । কিছুমান সমল একে শ্ৰেণীৰ আন বিষয়ত একে সমলৰ সৈতে বা নিম্ন বা উচ্চ শ্ৰেণীত একে বিষয়ৰ সৈতে ওপৰা-ওপৰি হৈছে । তদুপৰি, শিক্ষাৰ্থীসকলৰ বাবে সহজে উপলব্ধ আৰু শিক্ষকে শিকোৱাৰ প্ৰয়োজন নথকা বা সহকৰ্মীৰ পৰা শিকিব পৰা সমল আঁতৰ কৰা হৈছে ।

এই সন্দৰ্ভত উল্লেখ কৰিব লাগিব যে দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ পাঠ্যপুথিৰ পৰা 'গুজৰাট সংঘৰ্ষ'ৰ (Gujarat Riots) বিষয়টো 'ভাৰতীয় ৰাজনীতিৰ শেহতীয়া উন্নয়ন' অধ্যায়ৰ পৰাও আঁতৰাই দিয়া হৈছিল । ২০০২ চনৰ গুজৰাট হিংসাৰ ওপৰত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ (National Human Rights Commission) প্ৰতিবেদন আৰু প্ৰধানমন্ত্ৰী অটল বিহাৰ বাজপেয়ীৰ "ৰাজ ধৰ্ম" মন্তব্যৰ উল্লেখো বাদ দিয়া হৈছে । তদুপৰি, দলিত আন্দোলনৰ ওপৰত এটা কবিতাও ৰাজনীতি বিজ্ঞানৰ পাঠ্যক্ৰমৰ পৰা উল্লেখযোগ্য বৰ্জনৰ ভিতৰত এটা আছিল ।

লগতে পঢ়ক :Rahul Gandhi in Surat : চুৰাট সত্ৰ আদালতত ৰাহুল গান্ধীৰ দুখন আবেদন, ১৩ এপ্ৰিলত হ'ব পৰৱৰ্তী শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.