ETV Bharat / state

Jorhat police: যোৰহাট সদৰ থানা পৰাৰ পলায়ন কৰা চোৰক পুনৰ আটক

author img

By

Published : Jun 14, 2023, 10:12 AM IST

jorhat police arrested escaped thief
আৰক্ষীৰ আৱেষ্টনীৰ মাজৰ পৰা পলায়ন কৰা চোৰ

যোৰহাট আৰক্ষীৰ আৱেষ্টনীৰ মাজৰ পৰা পলায়ন কৰা চোৰটো পুনৰ আটক কৰিলে আৰক্ষীয়ে ৷ চেহেৰা সলনি কৰি আৰক্ষীৰ চকুত ধুলি দিয়াৰ চেষ্টা কৰিছিল চোৰটোৱে ৷

যোৰহাট, 14 জুন : যোৰহাট সদৰ থানা পৰাৰ পলায়ন কৰা চোৰটোক তিনিদিন পিচত পুনৰ আটক কৰিলে আৰক্ষীয়ে ৷ আৰক্ষীৰ চকুত নপৰিব বাবে চোৰটোৱে সলনি কৰিছিল চুলি আৰু সাজ পোছাক ।

যোৰহাট জিলা স্মাৰ্ট আৰক্ষীৰ কথা কৈ থাকিলেও ওৰ নপৰে । যোৰহাট আৰক্ষীয়ে জিলাখনৰ বাচবাৰীৰ পৰা ষ্টীল সামগ্ৰী চুৰি কৰা এটা চোৰক গোলাঘাট নুমলীগড়ৰ এটা অঞ্চলৰ পৰা আটক কৰিছিল শনিবাৰে ৷ নুমলীগড়ৰ পৰা আটক কৰা কুখ্যাত চোৰ ইনামুল ডিৱানক দেওবাৰে নিশাৰ ভাগত সদৰ থানা আৰক্ষী বিষয়াগৰাকীয়ে সোধ-পোছৰ বাবে নিজ কক্ষলৈ মাতিছিল কিন্তু সদৰ থানাৰ আৰক্ষীৰ দূৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি ইনামুল ডিৱান নামৰ কুখ্যাত চোৰটোৱে পলায়ন কৰিছিল । আটক কৰা চোৰটোৰ ঘৰ বৰপেটাত বুলি জানিব পৰা গৈছে ।

সদৰ থানাৰ পৰা পলায়ন কৰা তিনিদিন অতিক্ৰম কৰা পিচত মংগলবাৰে যোৰহাট আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল ইনামুল ডিৱান নামৰ কুখ্যাত চোৰটোক । আনহাতে আৰক্ষী থানাৰ পৰা পলায়ন কৰা চোৰটোৱে আৰক্ষীৰ চকুত ধৰা নপৰিবৰ কাৰণে হেয়াৰ ষ্টাইল আৰু সাজ পোছাক সম্পূৰ্ণ ৰূপে সলনি কৰিছিল ।

কিন্তু কুখ্যাত চোৰটোৱে সলনি কৰা কৌশলে হাৰ মানিলে যোৰহাট আৰক্ষী ওচৰত । সদৰ থানাৰ পৰা আৰক্ষী বেহু ফালি পলায়ন কৰাৰ চোৰটোক আটক কৰিব নোৱাৰাৰ বাবে সৰ্বদিশতে ধিক্কাৰৰ সন্মুখীন হৈছিল যোৰহাট আৰক্ষী । উল্লেখ্য যে বিগত দিনসমূহত যোৰহাট আৰক্ষীৰ নিৰাপত্তাৰ দিশটোক লৈ সকলোৱে প্ৰশ্ন উত্থাপন কৰিছিল ৷ আনহাতে শেহতীয়া জিলাখনত সংঘটিত হৈছে বিভিন্ন অপৰাধমূলক ঘটনা ৷

লগতে পঢ়ক : City police raids SPA Salon : মহানগৰীৰ একাংশ স্পা চেলুনত কি চলে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.