ETV Bharat / state

OYO ৰ হোটেল বুক কৰাৰ আগত দহবাৰ ভাৱক !!

author img

By

Published : Aug 2, 2019, 10:57 PM IST

OYO ত হোটেল বুকিং কৰি বিপাঙত গ্ৰাহক ৷ প্ৰতিষ্ঠানটোত এডভান্স বুকিং কৰিবলৈ গৈ যোৰহাটৰ এজন গ্ৰাহকে হেৰুৱালে আগতীয়া জমা ধন ৷

OYO ৰ বিৰুদ্ধে ঠগবাজিৰ অভিযোগ দাখিল গ্ৰাহকৰ

যোৰহাট, 2আগষ্ট: আপুনি যদি ক'ৰবালৈ ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰে, তেনে সময়ত আপোনাৰ মনলৈ অহা তেনেই পৰিচিত নামটোৱেই হৈছে OYO ৷ মবাইলৰ মাথো এটা ক্লিকত আপুনি বুক কৰিব পাৰে দেশ-বিদেশৰ যিকোনো হোটেল কিম্বা লজ ৷ কিন্তু একে সময়তেই OYO ত হোটেল বুকিং কৰি হাৰাশাস্তিৰ সন্মুখীন হ'ল যোৰহাটৰ অনন্ত বৰা নামৰ ব্যক্তিজন ৷ ব্যক্তিজনে উল্লেখ কৰা মতে যোৱা ১৫ জুলাইত নগাঁৱৰ "হোটেল নটৰাজ"ৰ দুটা হোটেলৰ কোঠা OYO ৰ যোগেদি আগতীয়াকৈ বুকিং কৰিছিল । কিন্তু যেতিয়া ব্যক্তিজনে নগাঁৱৰ নটৰাজ হোটেলখনত নিশা যাপন কৰিবলৈ পৰিয়ালৰ সৈতে উপস্থিত হওঁতেই হোটেলৰ পৰিচালকে জনাই যে তেখেতৰ নামত কোনো কোঠা বুকিং কৰা হোৱা নাই । পৰিচালকৰ অস্বাভাৱিক কথাই পৰিয়ালটোক আচৰিত কৰি তোলাৰ লগতে নিশা হোৱাৰ ফলত উপায় বিহীন হৈ নটৰাজ হোটেল খনতে অত্যাধিক মূল্য বহন কৰি থাকিব লগীয়া অৱস্থা হয় । যাৰ ফলত ভুক্তভোগী অনন্ত বৰাই যোৰহাট সদৰ আৰক্ষী চকীত OYO আৰু হোটেল নটৰাজৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ যোগেদি দুই প্ৰতিষ্ঠানৰ ওপৰত বিহিত আইনী ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে ৷

OYO ৰ বিৰুদ্ধে ঠগবাজিৰ অভিযোগ দাখিল গ্ৰাহকৰ
OYO বিৰুদ্ধে এজাহাৰ।।



OYO এতিয়া এটা চিনাকি নাম।অন লাইন যোগেদি ঘৰত বহি বিভিন্ন হোটেল বুকিং কৰিব পাৰে।ৰাজ্যখনৰ বিভিন্ন হোটেল উপলব্ধ এই সুবিধা লাভ কৰিব গৈ সুবিধাৰ পৰা বঞ্চিত হৈ হেৰুৱাব লগিয়া হল নিজৰ আগতিয়া জমা ধন।যোৰহাটৰ অনন্ত বৰা নামৰ ব্যক্তি জনে যোৱা ১৫ জুলাইত নগাঁৱৰ "হোটেল নটৰাজ"দুটা হোটেলৰ কোঠা OYO যোগেদি আগতীয়াকৈ বুকিং কৰে।যেতিয়া নগাঁওৰ নটৰাজ হোটেল খনত নিশা যাপন কৰিবলৈ পৰিয়ালৰ সৈতে উপস্থিত হওতেই হোটেলৰ পৰিচালকে জনাই যে তেখেতৰ নামত কোনো কোঠা বুকিং কৰা হোৱা নাই।নিশা হোৱাৰ ফলত পৰিয়ালৰ সৈতে উপায় বিহীন হৈ নটৰাজ হোটেল খনতে অত্যাধিক মুল্য বহন কৰি থাকিব লগিয়া অৱস্থা হয়।যাৰফলত ভুক্তভোগী অনন্ত বৰাই যোৰহাট সদৰ আৰক্ষী চকীত OYO আৰু হোটেল নটৰাজৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

এতিয়া প্ৰশ্ন হয় এইয়া মাথোঁ এটা উদাহৰণহে।OYO ৰ দৰে অন-লাইন প্ৰতিস্ঠানে সমুহে মিথ্যাচাৰৰ আশ্ৰয় লৈ কিমান লোকক ঠগি আহিছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.