ETV Bharat / state

জাঁজীমুখৰ সমস্যা আৰু সম্ভাৱনাত কেতিয়া দৃষ্টি পৰিব ৰজাঘৰৰ ?

author img

By

Published : Dec 15, 2021, 1:35 PM IST

Updated : Dec 15, 2021, 4:16 PM IST

জাঁজীমুখৰ সমস্যা সমাধানত ব্যৰ্থ ৰাজ্য চৰকাৰ ৷ অসমৰ গ্ৰাম্য অৰ্থনীতি (Rural Economy of Assam)ক তৰান্বিত কৰিব পৰা প্ৰচুৰ সম্ভাৱনাময় এই স্থান আজিও অৱহেলিত ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷

the successive governments in assam
জাঁজীমুখৰ সমস্যা আৰু সম্ভাৱনাত কেতিয়া দৃষ্টি পৰিব ৰজাঘৰৰ ?

টীয়ক, 15 ডিচেম্বৰ : বাৰিষা বান আৰু খৰালি বন্যহস্তীৰ তাণ্ডৱকে ধৰি এশ এবুৰি সমস্যাৰে ভৰপুৰ টীয়কৰ জাঁজীমুখ ৷ অসমৰ গ্ৰাম্য অৰ্থনীতি (Rural Economy of Assam)ক তৰান্বিত কৰিব পৰা প্ৰচুৰ সম্ভাৱনাময় এই স্থান ৷ জাঁজীমুখৰ ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক দৃশ্যই বহুতকে আকৰ্ষিত কৰি আহিছে ।

the successive governments in assam
জাঁজীমুখৰ সমস্যা আৰু সম্ভাৱনাত কেতিয়া দৃষ্টি পৰিব ৰজাঘৰৰ ?

তদুপৰি শীতৰ আগমনৰ লগে লগে ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতিপ্ৰাপ্ত মিছামাৰী জলাশয়কে ধৰি সৰু-বৰ প্ৰায় ২০/২২ টা জলাশয়লৈ আগমন ঘটা দেশী-বিদেশী পৰিভ্ৰমী পক্ষী (Migratory bird) ৰ ৷ পক্ষীৰ কোলাহলে আকৰ্ষণ কৰে প্ৰকৃতিপ্ৰেমী সকলক । ইপিনে জাঁজীমুখৰ দুগ্ধ, মৎস্যই চাহিদা পূৰণত সহায় কৰি আহিছে যোৰহাট জিলাৰ লগতে ইয়াৰ কাষৰীয়া শিৱসাগৰ জিলাতো ।

জাঁজীমুখৰ সমস্যা আৰু সম্ভাৱনাত কেতিয়া দৃষ্টি পৰিব ৰজাঘৰৰ ?

প্ৰকৃতিয়ে জাঁজীমুখক দিয়া অনন্য সমাহাৰৰ বিপৰীতে চৰকাৰ তথা জন প্ৰতিনিধিৰ অমনোযোগিতাৰ বাবে প্ৰচুৰ সম্ভাৱনা থকা স্বত্বেও আজিও অৱহেলিত হৈ আছে জাঁজীমুখ (Jajimukh locals allege neglect by the governments) । যাতায়াতৰ দুৰৱস্থা, বান-খহনীয়াৰ তাণ্ডৱ (River Erosion at Jajimukh), বনৰীয়া হাতীৰ উপদ্ৰৱ (Wild Elephants Terror), বিশুদ্ধ খোৱা পানীৰ অভাৱ, উন্নত চিকিৎসা ব্যৱস্থাৰ অভাৱ আদিকে ধৰি এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত জাঁজীমুখ ৷

ৰাইজৰ অভিযোগ এই সমস্যাসমূহ সমাধানৰ বেলিকা কোনোটো ৰাজনৈতিক দলৰে নাই সদিচ্ছাৰ । বান-খহনীয়াৰ স্থায়ী সমাধানৰ বাবে চৰকাৰে আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । স্বাধীনতাৰ সুদীৰ্ঘ দিনৰ পাচতো বহিৰ্জগতৰে যাতায়াত সূচল নহ’ল জাঁজীমুখৰ জপং, তিনিঘৰীয়া, বৰমথাউৰি, শগুণপাৰা আদিকে ধৰি প্ৰায় আঠ/ন খন গাঁৱৰ ৰাইজৰ । আজিও গাঁৱবাসীয়ে জাঁজী নদী আৰু ব্ৰহ্মপুত্ৰৰ মোহনা অঞ্চলত টুলুঙা নাৱেৰে ইপাৰ-সিপাৰ হ'বলগা হয় । কাক ক’ব, কোনে শুনিব জাঁজীমুখবাসীৰ কথা ৷

এতিয়া প্ৰশ্ন হয়, জাঁজীমুখৰ এই সমস্যা সমূহৰ সমাধান হ'বনে ! প্ৰকৃতাৰ্থত পথাৰ আমাৰ, বজাৰ আমাৰ বুলি সততে কোৱাসকলে জাঁজীমুখৰ এইসমূহ সম্পদক লৈ বজাৰৰ ব্যৱস্থা কৰিবনে ? সেয়া এই মূহুৰ্তত এক জটিল প্ৰশ্ন হৈ পৰিছে ৷

লগতে পঢ়ক : চিৰাঙত জল জীৱন আঁচনিৰ কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ মন্ত্ৰী ৰণজিৎ দাসৰ

Last Updated : Dec 15, 2021, 4:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.