ETV Bharat / state

Tea workers accident: ভাস্কৰ নাবাচিল; কি হ’ব পৰিয়ালৰ ?

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 11:50 AM IST

মৃত্যু হ’ল চাহ শ্ৰমিক ভাস্কৰ মাহান্তিৰ ৷ টাইৰুণ চাহ বাগিচাৰ কলঘৰৰ মেচিনত সোঁভৰি কাটি গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈছিল শ্ৰমিক ভাস্কৰ মাহান্তি ৷ ইয়াৰ পিচতে মাহান্তিক যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত ভৰ্তি কৰোৱা হয় আৰু সোমবাৰৰ পুৱা চিকিৎসাধীন অৱস্থাতে মৃত্যুক আকোৱালি লয় চাহ শ্ৰমিকগৰাকীয়ে ।

INJURED TEA WORKER BHASKAR MAHANTI died in JMCH
মৃত্যু হ’ল চাহ শ্ৰমিক ভাস্কৰ মাহান্তিৰ

যোৰহাট, 28 আগষ্ট: চিকিৎসাধীন অৱস্থাতে মৃত্যু হ’ল চাহ শ্ৰমিক ভাস্কৰ মাহান্তিৰ ৷ যোৰহাটৰ টাইৰুণ চাহ বাগিচাত কৰ্মৰত অৱস্থাতে আঘাতপ্ৰাপ্ত হৈছিল চাহ শ্ৰমিকজন । দেওবাৰে স্বাস্থ্য বুজ ল’বলৈ তিতাবৰস্থিত বাসগৃহত উপস্থিত হৈছিল শ্ৰম মন্ত্ৰী সঞ্জয় কিষান ৷ টাইৰুণ চাহ বাগিচাৰ কলঘৰৰ মেচিনত সোঁভৰি কাটি গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈছিল শ্ৰমিক ভাস্কৰ মাহান্তি ৷ ইয়াৰ পিচতে মাহান্তিক যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত ভৰ্তি কৰোৱা হয় আৰু সোমবাৰৰ পুৱা চিকিৎসাধীন অৱস্থাতে মৃত্যুক আকোৱালি লয় চাহ শ্ৰমিকগৰাকীয়ে ।

উল্লেখ্য যে, 22 আগষ্টৰ দিনা তিতাবৰ টাইৰুণ চাহ বাগিচাৰ কলঘৰত কাম কৰি আছিল ভাস্কৰ মাহান্তি নামৰ শ্ৰমিকজন ৷ কিন্তু বাগিচা কৰ্তৃপক্ষৰ হেমাহিৰ বাবেই কলঘৰত কাম কৰি থকা সময়তে চাহ শ্ৰমিক ভাস্কৰ মাহান্তি আঘাতপ্ৰাপ্ত হৈছিল আৰু আঘাত অধিক গুৰুতৰ হোৱাত অতি সংকটজনক অৱস্থাত 22 আগষ্টৰ দিনাই যোৰহাট চিকিৎসা মহাবিদ্যালয় ও হাস্পতালত ভৰ্ত্তি কৰোৱা হয় ।

আনহাতে, দেওবাৰে যোৰহাটৰ চিকিৎসা মহাবিদ্যালয় ও হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ থকা ভাস্কৰ মাহান্তিৰ স্বাস্থ্য বুজ লৈছিল শ্ৰম মন্ত্ৰী সঞ্জয় কিষানে । তাৰ পিছত মন্ত্ৰীগৰাকী ভাস্কৰ মাহান্তিৰ ঘৰত উপস্থিত হৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এককালীন সাহাৰ্য হিচাপে 6 লাখ 28 হাজাৰ 833 টকাৰ আৰ্থিক সাহায্য আগবঢ়ায় ৷

লগতে দুৰ্ভগীয়া পৰিয়ালটোৰ সৈতে আলোচনাত বহে আৰু তাৰপিছত মন্ত্ৰী সঞ্জয় কিষান টাইৰুণ চাহ বাগিচাত উপস্থিত হৈ কলঘৰটোৰ নিৰাপত্তাৰ দিশটো পৰ্যালোচনা কৰে । ভাস্কৰ মাহান্তিৰ অকাল মৃত্যুত শোকত ভাগি পৰিছে পৰিয়ালৰ লোকৰ লগতে আত্মীয় স্বজন ।

লগতে পঢ়ক: Jayant Mahapatra : শোষিত-নিষ্পেষিতৰ সবল কণ্ঠ কবি জয়ন্ত মহাপাত্ৰৰ মৃত্যু, সান্নিধ্য সুঁৱৰি ম্ৰিয়মান অসমৰ কবি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.