ETV Bharat / state

টীয়কত স্বাধীনতা দিৱস উদযাপন

author img

By

Published : Aug 16, 2020, 12:01 AM IST

Updated : Aug 16, 2020, 12:14 AM IST

টীয়ক ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ উদ্যোগত টীয়ক পৌৰসভা আৰু ৰাইজৰ সহযোগত টীয়কৰ অসম ৰাজ্যিক বাছ আস্থানৰ সন্মুখৰ চৌহদত উদযাপন কৰা হয় ৭৪ সংখ্যক স্বাধীনতা দিৱস ।

independence day
independence day

টীয়ক, 15 আগষ্ট : সমগ্ৰ দেশতে 15 আগষ্টত পালন কৰা হয় দেশৰ 74 সংখ্যক স্বাধীনতা দিৱস ৷ ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে টীয়ক ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ উদ্যোগত টীয়ক পৌৰসভা আৰু ৰাইজৰ সহযোগত টীয়কৰ অসম ৰাজ্যিক বাছ আস্থানৰ সন্মুখৰ চৌহদত উদযাপন কৰা হয় ৭৪ সংখ্যক স্বাধীনতা দিৱস । টীয়ক ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আকাশী দুৱৰাই স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে ।

independence day
টীয়কত স্বাধীনতা দিৱস উদযাপন

উক্ত কাৰ্যসূচীত বিভিন্ন সামাজিক ক্ষেত্ৰৰ কেইবাগৰাকীও বিশেষ ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। পতাকা উত্তোলনৰ পাচতে শ্বহীদ তৰ্পন কাৰ্যসূচী গ্ৰহণ কৰা হয় আৰু টীয়ক পৌৰসভাৰ প্ৰাক্তন পৌৰপতি ৰফিক উজ জামানে শ্বহীদ তৰ্পন কৰি ৰাইজৰ বাবে মুকলি কৰি দিয়ে ।

লগতে পঢ়ক : 74 সংখ্যক স্বাধীনতা দিৱসত ৰাজ্যজুৰি উৰিল ত্ৰিৰংগা

Last Updated : Aug 16, 2020, 12:14 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.