ETV Bharat / state

Hath se Hath Jodo yatra: যোৰহাটত হাথ সে হাথ জোড়ো অভিযান, ঘৰে ঘৰে চৰকাৰৰ কু-কীৰ্তি বৰ্ণনা

author img

By

Published : Feb 25, 2023, 8:58 PM IST

Hath se Hath jodo yatra in Jorhat
যোৰহাটত হাথ সে হাথ জোড়ো অভিযান

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে যোৰাহাটতো হাথ সে হাথ জোড়ো অভিযান (Hath se Hath jodo yatra)আৰম্ভ কৰে যোৰহাট জিলা কংগ্ৰেছে ৷ এই অভিযানৰ মূল লক্ষ্যৰ সাৰোগত কৰি কংগ্ৰেছ দলৰ কৰ্মীসকলে মোদী চৰকাৰৰ কু-কীৰ্তি ঘৰে ঘৰে বিৱৰণ কৰাৰ লগতে লোকসকলক বিজেপিৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিবলৈ আহ্বান জনায় (Hath se Hath jodo yatra in Jorhat) ৷

যোৰহাটত হাথ সে হাথ জোড়ো অভিযান

যোৰহাট, 25 ফেব্ৰুৱাৰী: ৰাজ্যজুৰি আৰম্ভ কৰা হৈছে কংগ্ৰেছৰ হাথ সে হাথ জোড়ো অভিযান (Hath se Hath jodo yatra in Assam)। শনিবাৰে যোৰহাট জিলা কংগ্ৰেছে এই হাথ সে হাথ জোড়ো অভিযানৰ অধীনত কংগ্ৰেছ কৰ্মীসকলে চহৰখনৰ লোকসকলৰ ঘৰে ঘৰে গৈ মোদী চৰকাৰৰ কু-কীৰ্তি বিষয়ে বৰ্ণনা কৰে (Hath se Hath jodo yatra in Jorhat) ৷

শেহতীয়াকৈ কন্যাকুমাৰীৰ পৰাৰ কাশ্মীৰলৈ ভাৰতীয় কংগ্ৰেছ দলে খোজত খোজ মিলাই ৩,৫০০ কিলোমিটাৰ পথ পদযাত্ৰাৰে অতিক্ৰম কৰাৰ ঐতিহাসিক ভাৰত জোড়ো যাত্ৰাৰ (Congress Bharat Jodo Yatra) সফলতা লাভ কৰাৰ পিচত এইবাৰ কংগ্ৰেছ দলে আৰম্ভ কৰিছে '' হাথ সে হাথ জোড়ো "(Hath se Hath jodo yatra)অভিযান ৷ ইয়াৰ অংশস্বৰূপে আজি কংগ্ৰেছে যোৰহাট জিলাত এই কাৰ্যসূচী আৰম্ভ কৰে । ৫৩নং ব্লক মণ্ডল কংগ্ৰেছ উদ্যোগত যোৰহাট জিলাৰ গড়মূৰ অঞ্চলৰ পৰা আৰম্ভ কৰা হয় এই অভিযান ।

কংগ্ৰেছ কৰ্মীসকলে ঘৰে ঘৰে গৈ মোদী চৰকাৰে জনসাধাৰণক ৰাইজক কৰা প্ৰতাৰণা পত্ৰ ৰাইজৰ হাতত তুলি দিয়ে। বিজেপি চৰকাৰে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিসমূহ যেনে, প্ৰতিমাহে প্ৰতিটো পৰিয়ালক ৩০ ইউনিট বিনামূলীয়াকৈ দিয়াৰ প্ৰতিশ্ৰুতিৰ পৰিৱৰ্তে বিদ্যুত মাচুল বৃদ্ধি হে কৰিলে বুলি অভিযোগ উত্থাপন কৰে কংগ্ৰেছ কৰ্মীসকলে ৷

লগতে কংগ্ৰেছ কৰ্মীসকলে কয় যে, চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰতিশ্ৰুতি পূৰণ নকৰিলে, ৰন্ধন গেছৰ মূল্য হ্ৰাস কৰাৰ বিপৰীতে বৃদ্ধিহে কৰিলে, বছৰি পাঁচ লাখ চাকৰি প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়েই ৰ’ল, পেট্ৰ’ল ডিজেলৰ মূল্য হ্ৰাস কৰাৰ বিপৰীতে বৃদ্ধিহে কৰিলে (Congress slams BJP)৷

উল্লেখ্য যে এই কাৰ্যসূচী জৰিয়তে কংগ্ৰেছ কৰ্মীসকল জনসাধাৰণৰ ওচৰলৈ গৈ মোদী চৰকাৰে বিগত বছৰ ধৰি দেশবাসীক যি প্ৰতাৰণা কৰিলে ,সেই প্ৰতাৰণা উচিত প্ৰত্যুত্তৰ দিয়াৰ সময় সমাগত বুলি ৰাইজক অৱগত কৰে ৷ সেয়ে ৰাইজে কংগ্ৰেছৰ লগত হাত মিলাই মোদী চৰকাক উচিত শিক্ষা দিয়া সুৰ্ৱণ সুযোগ বুলি কংগ্ৰেছ কৰ্মীসকলে জনসাধাৰণক আহ্বান কৰে ৷ যোৰহাটত গ্ৰহণ কৰা এই কাৰ্যসূচীত কংগ্ৰেছৰ সহস্ৰাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷

উল্লেখ্য যে যোৱা 26 জানুৱাৰীৰ পৰা দেশৰ লগতে ৰাজ্যত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ (APCC President Bhupen kumar Borah)নেতৃত্বত গুৱাহাটীৰ ৰাজীৱ ভৱনৰ পৰা আৰম্ভ হয় হাথ সে হাথ জড়ো যাত্ৰা । বৃহস্পতিবাৰে পুৱা 8:30 বজাত গণৰাজ্য দিৱস উপলক্ষে গুৱাহাটীৰ ৰাজীৱ ভৱনৰ চৌহদত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পিচতে হাথ সে হাথ জোড়ো যাত্ৰাৰ বাবে ফ্লেগ অফ কৰে ৷

আগন্তুক দুমাহ পৰ্যন্ত সমগ্ৰ ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰতিটো মণ্ডল, বুথ আৰু ব্লকত “হাথ সে হাথ জোড়ো অভিযান” কাৰ্যসূচী চলিব ৷

লগতে পঢ়ক: Congress plenary session: নিখিল কংগ্ৰেছৰ 85 সংখ্যক পূৰ্ণাংগ অধিৱেশনৰ আজি দ্বিতীয় দিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.