ETV Bharat / state

GHC Show Cause Notice : হোমিঅ'পেথিক কলেজ বন্ধৰ সিদ্ধান্ত; ৰাজ্য চৰকাৰলৈ কাৰণ দৰ্শোৱাৰ জাননী উচ্চ ন্যায়ালয়ৰ

author img

By

Published : Feb 21, 2023, 9:39 PM IST

হোমিঅ'পেথিক কলেজ বন্ধৰ সিদ্ধান্ত
GHC Show Cause Notice

হোমিঅ'পেথিক কলেজ বন্ধ কৰাৰ সিদ্ধান্ত বিষয়ত ৰাজ্য চৰকাৰলৈ কাৰণ দৰ্শোৱাৰ জাননী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ (GHC show cause notice to Assam Govt) । চাৰি সপ্তাহৰ ভিতৰত ৰাজ্য চৰকাৰে ইয়াৰ কাৰণ দৰ্শাব লাগিব উচ্চ ন্যায়ালয়ত । এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ যোৰহাটৰ জ্যেষ্ঠ অধিবক্তা ভৱ গোস্বামীৰ ।

ৰাজ্য চৰকাৰলৈ কাৰণ দৰ্শোৱাৰ জাননী উচ্চ ন্যায়ালয়ৰ

যোৰহাট, ২১ ফেব্ৰুৱাৰী : ৰাজ্যৰ দুখনকৈ হোমিঅ'পেথিক কলেজ বন্ধৰ সিদ্ধান্তৰ কাৰণ ৰাজ্য চৰকাৰৰ পৰা জানিব বিচাৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে (Guwahati High Court) । উল্লেখ্য, ৰাজ্য চৰকাৰে শেহতীয়াভাৱে যোৰহাট আৰু নগাঁও হোমিঅ'পেথিক চিকিৎসা মহাবিদ্যালয় বন্ধ কৰি গুৱাহাটী হোমিঅ'পেথিক মহাবিদ্যালয়ৰ লগত একত্ৰিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে (Assam Govt to close Jorhat Homeopathic college) । কিন্তু এতিয়া চাৰি সপ্তাহৰ ভিতৰত ইয়াৰ কাৰণ জনাবলৈ ৰাজ্য চৰকাৰলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে (GHC show cause notice to Assam Govt) ।

আনহাতে, উচ্চ ন্যায়ালয়ে এই বিষয়ত এক সুবিচাৰ কৰিব বুলি আশাবাদী যোৰহাটৰ জে কে শইকীয়া হোমিঅ'পেথিক চিকিৎসা মহাবিদ্যালয়ৰ সুৰক্ষা সমিতিৰ উপদেষ্টা তথা জ্যেষ্ঠ অধিবক্তা ভৱ গোস্বামী (Assam Govt to close Nagaon Homeopathic college) । উল্লেখ্য যে, বিগত বৰ্ষত যোৰহাট জে কে শইকীয়া জে কে শইকীয়া হোমিঅ'পেথিক চিকিৎসা মহাবিদ্যালয়ৰ ৪৭ সংখ্যক প্ৰতিষ্ঠাৰ দিৱসত অংশগ্ৰহণ কৰিৰ কেন্দ্ৰীয় আয়ুস দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উক্ত কলেজখনৰ আন্তঃগাঁথনিকে ধৰি আনুষাংগিক সমস্যাসমূহৰ স্থায়ী সামাধানৰ আশ্বাস প্ৰদান কৰিছিল ।

লগতে সমস্যাসমূহৰ বিষয়ে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় আয়ুস মন্ত্ৰণালয়ত প্ৰস্তাৱ দাখিল কৰিলেই উক্ত সমস্যাসমূহৰ স্থায়ী সমাধান কৰা হ'ব বুলি মন্তব্য দাঙি ধৰিছিল আয়ুস বিভাগৰ মন্ত্ৰীগৰাকীয়ে (Ayush minister Sarbananda Sonowal) । কিন্তু মন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৰহাট জে কে শইকীয়া হোমিঅ'পেথিক কলেজৰ লগতে নগাঁৱৰ হোমিঅ'পেথিক কলেজৰ সকলো সমস্যা সমাধানৰ আশ্বাস দিয়াৰ পিচতো কিয় ৰাজ্য চৰকাৰে যোৰহাট আৰু নগাঁও হোমিঅ'পেথিক কলেজ দুখন বন্ধ কৰাৰ সিদ্ধান্ত লৈছে সেয়া ৰহস্যজনক বুলি সচেতন মহলে মন্তব্য কৰিছে (Assam govt homeopathic college issue)।

আনহাতে, এই কাৰ্যৰ বিৰুদ্ধে যোৰহাটত তীব্ৰ প্ৰতিবাদো সাব্যস্ত কৰা হয় । কিন্তু মঙলবাৰে দিয়া উচ্চ ন্যায়ালয়ৰ নিৰ্দেশে এই ক্ষেত্ৰত যেন সকলোকে অলপ সকাহ দিছে । উল্লেখ্য, যোৰহাট আৰু নগাঁও হোমিঅ'পেথিক কলেজ দুখন বন্ধ কৰি গুৱাহাটী হোমিঅ'পেথিক কলেজৰ লগত একত্ৰিকৰণৰ সিদ্ধান্তৰ বিৰোধিতা কৰি হোমিঅ'পেথিক কলেজ সুৰক্ষা সমিতিসহ তিনিটা পক্ষই গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল । উক্ত আবেদনৰ ভিত্তিতে ন্যায়ালয়ে বিষয়টো সন্দৰ্ভত চৰকাৰলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে ।

উল্লেখ্য যে, অসম চৰকাৰে যোৰহাট আৰু নগাঁও হোমিঅ'পেথিক কলেজ দুখন বন্ধ কৰি গুৱাহাটী হোমিঅ'পেথিক কলেজৰ লগত একত্ৰিকৰণৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে চৰকাৰৰ সংশ্লিষ্ট বিভাগে । কিন্তু চৰকাৰৰ এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি আহিছে সৰ্বসাধাৰণ ৰাইজে । এই কলেজ দুখন বন্ধ কৰাৰ পৰিৱৰ্তে ইয়াৰ আন্তঃগাঁথনি উন্নয়নৰ বাবেহে আহ্বান জনাই আহিছে সচেতন ৰাইজে ।

লগতে পঢ়ক :Drinking water crisis : গুৱাহাটীত জটিল হৈ পৰিছে খোৱাপানীৰ সমস্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.