ETV Bharat / state

Flood in Assam:দেৰগাঁৱত ভদীয়া বানৰ কৱলত পৰা ৰাইজৰ হাহাকাৰ

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 5:35 PM IST

Flood hits area of Dergaon
দেৰগাঁৱত ভদীয়া বান

দেৰগাঁৱত ভদীয়া বানে প্লাৱিত কৰা অঞ্চলত পশুধনৰ খাদ্য সংকট । শ শ হেক্টৰ খেতি পথাৰ বৰ্তমান পানীৰ তলত ।

দেৰগাঁৱত ভদীয়া বান

যোৰহাট, ৩০ আগষ্ট :যোৰহাট জিলাৰ লগতে সীমামূৰীয়া দেৰগাঁৱত ভদীয়া বানৰ কৱলত বাসগৃহ, শিক্ষাপ্ৰতিষ্ঠান আৰ কৃষিভূমি । ব্ৰহ্মপুত্ৰৰ বানৰ কবলত পৰি ফচল নষ্ট হোৱাত কৃষকৰ মাজত হাহাকাৰ । বছৰটোৰ তৃতীয়টো বানৰ কৱলত পৰিছে দেৰগাঁও সমষ্টিৰ অধীনস্থ বেলগুৰি,লেমচাপৰি,চকিয়াল চাপৰি,চিৰিশটিকা, সদাৰ,চমুৱা, দক্ষিণ আহঁতগুৰি পঞ্চায়তৰ অন্তৰ্গত কেইবাখনো ৰাজহ গাঁও । ভদীয়া বানে এফাল পৰা বুৰাই পেলাইছে হাজাৰ হাজাৰ লোকৰ বাসগৃহ,শিক্ষা প্ৰতিষ্ঠান আৰু কৃষি ভূমি ।

কৃষক সকলৰ পথাৰ ব্ৰহ্মপুত্ৰৰ বলীয়া বানে ধুই নিয়াৰ ফলত তেওঁলোকৰ সপোনৰ ফচল সমূহ সম্পূৰ্ণ ৰূপে নষ্ট হৈ পৰিছে । ইপিনে,সেউজীয়া পথাৰসমূহ বানত ডুব যোৱাত চহা কৃষকে মূৰে কপালে হাত দিবলগীয়া হৈছে । ইয়াৰ উপৰি গৰু-ছাগলীৰ খাদ্য সংকটেও দেখা দিছে । ক্ষতিগ্ৰস্ত কৃষক সকলক কৃষি বিভাগৰ জৰিয়তে চৰকাৰীভাৱে আৰ্থিক সহায় কৰিবলৈ কৃষক ৰাইজে দাবী উত্থাপন কৰিছে ।

উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে তৃতীয়বাৰৰ বাবে দেৰগাঁৱৰ বিস্তৃত অঞ্চলৰ কৃষি পথাৰ বুৰাই পেলোৱাৰ ফলত এতিয়া কৃষক সকলে বছৰেক খাদ্য বাবে হাহাকাৰ কৰিব লাগিব যে সেয়া একপ্ৰকাৰ নিশ্চিত । আনহাতে,বছৰ বছৰ ধৰি দেৰাগাঁৱ সমষ্টিৰ বৃহত্তৰ অঞ্চলবাসী ৰাইজে বানৰ লগত সহবাস কৰি থাকিব লগীয়া হৈছে । সেয়েহে উক্ত অঞ্চলৰ ৰাইজে বানৰ এক স্থায়ী সমাধান সূত্ৰ উলিয়াবলৈ চৰকাৰক দাৱী জনাইছে । আনহাতে, দেৰগাঁৱ সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত বানৰ সমান্তৰালভাৱে ব্ৰহ্মপুত্ৰৰ গৰাখহনাই তীব্ৰ ৰূপ ধাৰণ কৰিছে । ফলত নৈপৰীয়া ৰাইজ এতিয়া উজাগৰী নিশা পাৰ কৰিবলগীয়া হৈছে ।

ভদীয়া বানৰ ফলত অঞ্চলটোৰ যোগাযোগ ব্যৱস্থা সম্পূৰ্ণ ৰূপে বিছিন্ন হৈ পৰিছে বুলি জানিবলৈ দিছে স্থানীয় লোকে । অস্বাভাৱিকভাৱে ব্ৰহ্মপুত্ৰ জলস্থৰ বৃদ্ধি পোৱাৰ ফলতে এই পৰিস্থিতি সৃষ্টি হৈছে ৷ বহুতো পৰিয়ালৰ ঘৰ-দুৱাৰ বানত জাহ যোৱাৰ লগতে অঞ্চলটোৰ উপ-স্বাস্থ্যকেন্দ্ৰ, বিদ্যালয় গৃহ প্লাৱিত হোৱাত ৰাইজৰ অৱস্থা কেনে হৈছে সেয়া প্ৰত্য়ক্ষ কৰিবলৈ বানাক্ৰান্তই দাবী জনাইছে ৷

লগতে পঢ়ক:Chhattisgarh Election 2023: ছত্তিশগড়ত বিজেপি চৰকাৰ গঠনৰ দাবী অসমৰ বিধায়ক ভাস্কৰ শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.