ETV Bharat / bharat

Chhattisgarh Election 2023: ছত্তিশগড়ত বিজেপি চৰকাৰ গঠনৰ দাবী অসমৰ বিধায়ক ভাস্কৰ শৰ্মাৰ

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 11:03 PM IST

ছত্তিশগড়ত উপস্থিত হয় অসমৰ মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা ৷ বিধায়ক শৰ্মাই সাংগঠনিক কাম-কাজৰ সন্দৰ্ভত বুজ লয় ৷ ‘‘মোৰ দল আৰু সংগঠন যথেষ্ট শক্তিশালী’’ এই মন্তব্য বিধায়ক ভাস্কৰ শৰ্মাৰ ৷

Chhattisgarh Election 2023
ছত্তিশগড়ত অসমৰ বিধায়ক ভাস্কৰ শৰ্মা

ছত্তিশগড়ত অসমৰ বিধায়ক ভাস্কৰ শৰ্মা

নেশ্যনেল ডেস্ক, 29 আগষ্ট: পাঁচ ৰাজ্যৰ নিৰ্বাচনকলৈ তৎপৰ বিজেপি ৷ সেয়ে বিজেপি মন্ত্ৰী বিধায়ক দলীয় কাম কাজৰ সন্দৰ্ভত নিজ ৰাজ্যৰ সলনি নিৰ্বাচন অনুষ্ঠিত হ’ব লগা ৰাজ্যলৈ প্ৰেৰণ কৰিছে ৷ সেয়ে ছত্তিশগড়ত উপস্থিত হয় অসমৰ মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা ৷ বিধায়ক শৰ্মাই সাংগঠনিক কাম-কাজৰ সন্দৰ্ভত বুজ লয় ৷

ছত্তিশগড়ৰ বিলাসপুৰত উপস্থিত হৈ জিলা সভাপতি আৰু কৰ্মীসকলৰ সৈতে মত-বিনিময় কৰে ৷ উল্লেখ্য যে বিগত 7 দিনে বিধায়ক ভাস্কৰ শৰ্মাই দলীয় কৰ্মীসকলক সাক্ষাৎ কৰিছে আৰু দলটোৰ নীতি, উদ্দেশ্য আৰু শক্তিশালীকৰণৰ বিষয়ে আলোচনা কৰিছে । বিধায়ক শৰ্মাই কয় যে, বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই বিভিন্ন ৰাজ্যৰ বিধায়কসকলক জনসাধাৰণৰ সম্পৰ্ক ৰক্ষা কৰিবলৈ ছত্তিশগড়লৈ প্ৰেৰণ কৰিছে । ছত্তিশগড়ত বিজেপিৰ ব্যাপক প্ৰস্তুতি চলিছে ৷ যাতে বিধানসভা নিৰ্বাচনত বিজেপিয়ে সহজে জয়ী হ’ব পাৰে । ছত্তিশগড়ৰ সকলো বিধানসভা আসনৰ ওপৰত এটা বিশেষ জৰীপ চলোৱা হৈছে । য'ত ৩০ টা বিষয়ৰ ওপৰত জৰীপ প্ৰতিবেদন কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত দাখিল কৰা হ'ব ।

তেওঁ লগতে কয়, "মোৰ দল আৰু সংগঠন যথেষ্ট শক্তিশালী । মই ইয়াত টিকট বিতৰণ কৰিবলৈ বা প্ৰাৰ্থী ঘোষণা কৰিবলৈ নহয় কিন্তু দলৰ শক্তি মূল্যায়ন কৰিবলৈ আহিছো । দলটো কিমান শক্তিশালী ? আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি ক্ষমতালৈ আহিব ৷’’

আনহাতে উৰিষ্যা, বিহাৰ আৰু অসমৰ বিজেপি বিধায়কসকল ছত্তিশগড়ত উপস্থিত হৈছে । সেয়ে বিধায়ক ভাস্কৰ শৰ্মাই বিলহা বিধানসভাৰ ভোটাৰ আৰু কৰ্মীসকলক সাক্ষাৎ কৰে আৰু আলোচনাত মিলিত হয় ৷ যাতে আগন্তুক নিৰ্বাচন সম্পৰ্কত ৰণনীতি প্ৰস্তুত কৰিব পাৰি ৷

লগতে পঢ়ক:ISRO latest update: চন্দ্ৰপৃষ্ঠত পোৱা গৈছে এইসমূহ উপাদান; আছে নেকি হাইড্ৰজেন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.