ETV Bharat / state

77th Independence Day: শতায়ু গৰকা স্বাধীনতা সংগ্ৰামীক জিলা প্ৰশাসনৰ সম্বৰ্ধনা

author img

By

Published : Aug 14, 2023, 4:24 PM IST

Freedom fighter Khageswar Gogoi
শতায়ু গৰাকা স্বাধীনতা সংগ্ৰামী

যোৰহাটত ১০৪ বছৰীয়া স্বাধীনতা সংগ্ৰামীক সম্বৰ্ধনা । যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰোৱাৰ দায়িত্ব গ্ৰহণ প্ৰশাসনৰ ।

শতায়ু গৰাকা স্বাধীনতা সংগ্ৰামী

যোৰহাট, ১৪ আগষ্ট: দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ অসমতো মঙলবাৰে পালন কৰা হ'ব ৭৭ সংখ্যক স্বাধীনতা দিৱস । এই সময়তে দেশৰ স্বাধীনৰ বাবে ইংৰাজৰ বিপক্ষে আন্দোলনত জঁপিয়াই পৰা স্বাধীনতা সংগ্ৰামী সেনানী খগেশ্বৰ গগৈয়ে আজিকোপতি নাপালে ভূমিপট্টা । এইগৰাকী স্বাধীনতা সেনানীৰ পৰিয়ালক ৰজাঘৰ আৰু প্ৰজাঘৰে প্ৰাপ্য দিয়া ক্ষেত্ৰত হেমাহী কৰাৰ অভিযোগ উথাপিত হৈছে । কাৰণ এই গৰাকী স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালে আজিও নাপালে ভূমিপট্টা । শতায়ু গৰকা এইগৰাকী স্বাধীনতা সংগ্ৰামীক ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি সোমবাৰে যোৰহাট জিলা প্ৰশাসনে সম্বৰ্ধনা জ্ঞাপন কৰে যদিও তেওঁৰ মনত থাকি গৈছে এক আক্ষেপ ।

স্বাধীনতা দিৱস বা গণৰাজ্য দিৱসত এগৰাকী স্বাধীনতা সংগ্ৰামী খগেশ্বৰ গগৈক জিলা প্ৰশাসনেৰ লগতে দল -সংগঠনে সম্বৰ্ধনাৰে ওপচাই পেলায় । আজি যোৰহাট জিলা প্ৰশাসনৰ মুৰব্বীয়ে দহাবৰা চকুত থকা তেওঁৰ বাসভৱনলৈ গৈ খগেশ্বৰ গগৈক সম্বৰ্ধনা জ্ঞাপন কৰে । জিলা প্ৰশাসনে লগতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰোৱাৰ দায়িত্ব গ্ৰহণ কৰাৰ বিষয়েও উল্লেখ কৰে । ১০৪ বছৰীয়া স্বাধীনতা সংগ্ৰামী খগেশ্বৰ গগৈক এসময়ত হৰি নাৰায়ণ বৰুৱা আৰু যোগেন শইকীয়াই স্বাধীনতা সংগ্ৰামৰ পথাৰখনলৈ উলিয়াই আনিছিল । এই গৰাকী স্বাধীনতা সংগ্ৰামীৰ হাতত যোৰহাট ২৪ টা মণ্ডলৰ দায়িত্ব ন্যস্ত কৰা হৈছিল ।

আনহাতে,এগৰাকী স্বাধীনতা সংগ্ৰামী পৰিয়ালক ভূমিপট্টাৰ সকলো কাম কৰি দিবলৈ সেই সময়ৰ জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনক দায়িত্ব দিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । কিন্তু যোৰহাট পৌৰসভাই এন অ'চি নিদিয়া বাবে আজিকোপতি খগেশ্বৰ গগৈৰ পৰিয়ালে নাপালে ভূমিপট্টা । ১৯২০ চনৰ জানুৱাৰীত জন্ম গ্ৰহণ কৰা খগেশ্বৰ গগৈ বৰ্তমান স্বাস্থ্যজনিত সমস্যা ভুগিব লগা হৈছে । কাৰ অৱহেলাৰ বাবে স্বাধীনতা আন্দোলনত জপিয়াই পৰা খগেশ্বৰ গগৈৰ পৰিয়ালে আজি ভূমিৰ কাৰণে ছটফটাই থাকিব লগীয়া হৈছে তাক লৈ চৰ্চা হৈছে ।

উল্লেখ্য় যে ভাৰতৰ স্বাধীনতা সংগ্ৰামত জীৱন যৌৱন সপি দিয়া এইগৰাকী প্ৰবীন মুক্তিযোদ্ধা খগেশ্বৰ গগৈৰ ১০৪ বছৰীয়া জন্মদিন যোৱা জানুৱাৰীত যোৰহাটত উলহে মালহে পালন কৰা হয় । উল্লেখ্য যে ১৯২০ চনৰ ১০ জানুৱাৰীত জাঁজীৰ তামুলীছিগাত জন্মগ্ৰহণ কৰিছিল খগেশ্বৰ গগৈয়ে ৷ ১৯৩০ চনত স্বাধীনতা সংগ্ৰামৰ যাত্ৰা আৰম্ভ কৰিছিল গগৈয়ে ।

লগতে পঢ়ক:104 year birthday celebration: 104 বছৰীয়া হ’ল স্বাধীনতা সংগ্ৰামী খগেশ্বৰ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.