Road Construction : পথ নিৰ্মাণৰ পিছদিনাই এৰালে ব্লেক টপিং

author img

By

Published : Nov 18, 2021, 3:43 PM IST

Updated : Nov 18, 2021, 8:49 PM IST

discrepancy-in-road-construction-in-teok-jorhat-assam-etv-bharat-news
টীয়কত পথ নিৰ্মাণত ব্যাপক বিসংগতিৰ অভিযোগ ()

টীয়কত পথ নিৰ্মাণত ব্যাপক বিসংগতি ৷ পথ নিৰ্মাণৰ পিছদিনাই এৰালে ব্লেক টপিং ৷ ঠিকাদাৰৰ বিৰুদ্ধে ক্ষুব্ধ সাধাৰণ জনতাই এৰুৱালে পথৰ ব্লেক টপিং ৷

টীয়ক, 18 নৱেম্বৰ : যোৰহাট জিলাৰ টীয়কত পথ নিৰ্মাণৰ নামত সংঘটিত হৈছে ব্যাপক বিসংগতি ৷ যাক লৈ ক্ষুব্ধ হৈ পৰিছে স্থানীয় লোকসকল ৷ ঘটনাৰ বিৱৰণী অনুসৰি, নতুনকৈ নিৰ্মাণ কৰা হৈছিল কাৱৈমাৰী জাঁজী মথাউৰিৰ পৰা টীয়ক সংযোগী পথটো ৷ প্ৰায় 9.90 কিল’মিটাৰ দৈৰ্ঘৰ পথটিৰ নিৰ্মাণৰ পিছদিনাৰে পৰা এৰি যাবলৈ ধৰে ব্লেক টপিংসমূহ ৷ স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰা অনুসৰি, পথটো প্ৰায় ১,৩২,২৫,০৬৯ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছিল ৷

একমাত্ৰ ঠিকাদাৰৰ মইমতালিৰ লগতে নিম্ন মানদণ্ডৰ কামৰ বাবে পথটোৰে ব্লেক টপিং এৰাই যোৱা বুলি স্থানীয় লোকে অভিযোগ কৰে ৷ তদুপৰি ঠিকাদাৰে কোনো নিয়ম নামানি নিশাৰ ভাগত পথটো চাফা নকৰাকৈয়ে ব্লেক টপিং কৰাৰো অভিযোগ উঠিছে ৷ ঠিকাদাৰৰ এনে কামত ক্ষুব্ধ জনতাই পথ নিৰ্মাণৰ পিছদিনা বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দাখিল কৰাৰ সলনি উঠাই দিয়ে পথটোৰ ব্লেক টপিংসমূহ ৷

টীয়কত পথ নিৰ্মাণত ব্যাপক বিসংগতিৰ অভিযোগ

উল্লেখ্য যে, বুধবাৰে নিশা স্থানীয় ৰাইজে পথ নিৰ্মাণস্থলীত উপস্থিত হৈ লোক নিৰ্মাণ বিভাগৰ কৰ্মচাৰীসকলৰ লগতে ঠিকাদাৰগৰাকীক নীতি বহিৰ্ভূতভাৱে পথটো ব্লেক টপিং নকৰিবলৈ অনুৰোধ জনাইছিল ৷ কিন্তু ৰাইজৰ অনুৰোধক আওকাণ কৰি ঠিকাদাৰগৰাকীয়ে চূড়ান্ত মইমতালিৰে পথটোত ব্লেক টপিং কৰে ৷ এইক্ষেত্ৰত পথ নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰগৰাকীৰ বিভাগীয় কৰ্তৃপক্ষৰ সৈতে গোপন বুজাবুজি থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে ৷

অসম চৰকাৰৰ বিয়াগোম লোক নিৰ্মাণ বিভাগে ৰাজ্যৰ উন্নয়নৰ বাবে পথ নিৰ্মাণ কৰিবলৈ সময়ে সময়ে আৱণ্টন দিছে লাখ লাখ টকা ৷ কিন্তু একাংশ বিভাগীয় বিষয়া-ঠিকাদাৰৰ মিতিৰালিৰ বাবে বহু অঞ্চলত সম্পন্ন হৈছে নিম্ন মানদণ্ডৰ কাম ৷ যাৰ ফল ভোগ কৰিবলগীয়া হৈছে সাধাৰণ ৰাইজে ৷ টীয়কৰ এই পথ নিৰ্মাণৰ ক্ষেত্ৰতো অনুৰূপ ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰি চৰকাৰৰ দ্বাৰা মুকলি পুঁজিৰ অপব্যৱহাৰ নকৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক সকীয়নি প্ৰদান কৰে স্থানীয় দল-সংগঠনে ৷

ইয়াৰ বিপৰীতে, বিভাগীয় কৰ্তৃপক্ষক অভিযোগ নিদি একমাত্ৰ স্বৈৰচাৰিতাৰ প্ৰদৰ্শন কৰি স্থানীয় ৰাইজে ব্লেক টপিং এৰাই যোৱা কাৰ্যক সহজভাৱে গ্ৰহণ কৰা নাই একাংশ লোকে ৷

লগতে চাওক: Assam Accord: অসম চুক্তিৰ দফাসমূহ ৰূপায়ণৰ বাবে চৰকাৰ বদ্ধপৰিকৰ

Last Updated :Nov 18, 2021, 8:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.