ETV Bharat / state

Assam CM wife land scam: কেন্দ্ৰৰ পৰা ৰাজসাহায্য পোৱা নাই বুলি প্ৰমাণ দিয়ক মুখ্যমন্ত্ৰীয়ে; গৌৰৱ গগৈ

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 3:46 PM IST

Assam CM wife land scam
Assam CM wife land scam

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ ভূমি বিতৰ্কক লৈ উত্তাল ৰাজ্য ৷ ইয়াকে লৈ শুকুৰবাৰে সদনতো সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ ইফালে গোলাঘাটত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীক পদত্যাগৰ দাবী কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ ভূমি বিতৰ্কক লৈ উত্তাল ৰাজ্য

যোৰহাট, 15 ছেপ্টেম্বৰ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ ভূমি কেলেংকাৰী সন্দৰ্ভত কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ সংবাদমেল । গোলাঘাটত সংবাদমেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা সাংসদগৰাকীৰ ।

গৌৰৱ গগৈয়ে কয় যে অসম বিধানসভাত কংগ্ৰেছ দলৰ বিধায়কসকলে এটা গুৰুত্বপূৰ্ণ বিষয় ভূমি কেলেংকাৰীৰ প্ৰশ্ন কৰাৰ বাবে কংগ্ৰেছৰ বিধায়কসকলক ৱাক আউট কৰা হ’ল ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে বিধানসভাৰ মজিয়াত বিতৰ্ক কৰাৰ পৰিৱৰ্তে 'X'তহে (পূৰ্বৰ টুইটাৰ) মোৰ লগতহে তৰ্ক-বিতৰ্ক কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ‘X’ত যি তৰল ভাষা ব্যৱহাৰ কৰিলে সেইয়া ভাৰতবৰ্ষৰ জনসাধাৰণে দেখা পালে ৷’’ মুখ্যমন্ত্ৰীগৰাকীৰ 'X'ৰ মন্তব্য অসমৰ ৰাইজৰ বাবে লজ্জাজনক বুলি তেওঁ মন্তব্য কৰে ৷

গৌৰৱ গগৈয়ে আৰু কয় যে যিটো কোম্পানীৰ নাম (Pride East Entertainment Pvt.Ltd.) চৰ্চিত হৈ আছে তাৰ ওপৰত সম্পূৰ্ণ তথ্যৰ ভিত্তিত অভিযোগ কৰিছে কংগ্ৰেছে ৷ মুখ্যমন্ত্ৰীৰ সংবাদ প্ৰতিষ্ঠানৰ কোম্পানীৰ বাবে কেন্দ্ৰীয় চৰকাৰে 10 কোটি টকাৰ ৰাজসাহায্য দিয়াৰ কথা গৌৰৱ গগৈয়ে পুনৰ উল্লেখ কৰে ৷

গগৈয়ে কয় যে যদিহে কেন্দ্ৰৰ পৰা মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞাৰ শৰ্মাৰ প্ৰতিষ্ঠানে ৰাজসাহায্য লাভ কৰা নাই তেন্তে প্ৰমাণ দিয়ক মুখ্যমন্ত্ৰীয়ে ৷ সাংসদগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মাক শীঘ্ৰেই পদত্যাগ কৰিবলৈও দাবী জনায় ৷ পদত্যাগৰ দাবী জনোৱাৰ লগতে কৃষিভূমি কেনেদৰে উদ্যোগ ভূমিলৈ ৰূপান্তৰিত কৰিলে সেই সন্দৰ্ভতো এক তদন্ত দিয়াৰ দাবী জনায় গগৈয়ে ৷

‘‘যিগৰাকী মুখ্যমন্ত্ৰীয়ে দুখীয়া ৰাইজৰ ওপৰ বুলড’জাৰ চলাই, সেইগৰাকী মুখ্যমন্ত্ৰীয়ে এতিয়া কি কৰিব ৷ কেন্দ্ৰীয় চৰকাৰৰ পৰা টকা লোৱা বুলি প্ৰমাণ হ’লে পদত্যাগ কৰিব বুলি ঘোষণা কৰা হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ পৰা টকা ল’লে পদত্যাগ কৰিব নে ? ’’ গৌৰৱ গগৈয়ে প্ৰশ্ন কৰে ৷

কেন্দ্ৰীয় চৰকাৰৰ পৰা টকা লোৱা যদি অপৰাধ তেন্তে ৰাজ্য চৰকাৰৰ পৰা টকা লোৱাও অপৰাধ বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে ৷ ইফালে, ৰিণিকি ভূঞা শৰ্মাই মানহানি গোচৰ তৰিম বুলি কোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই সিদ্ধান্তক আদৰণি জনোৱা বুলি তেওঁ মন্তব্য কৰে ৷ লগতে কয় যে তেওঁ মন্ত্ৰী পীয়ুষ গোৱেল আৰু প্ৰধানমন্ত্ৰীলৈ সমগ্ৰ বিষয়টো সন্দৰ্ভত চিঠি লিখিব ।

লগতে পঢ়ক: Assam CM wife land scam: মুখ্যমন্ত্রীৰ পত্নীৰ ভূমি কেলেংকাৰীক লৈ বিধানসভা চৌহদত প্ৰতিবাদ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.