ETV Bharat / state

Maha Jan Sampark Abhiyan: মোদীৰ শাসনকালত অসমত সন্ত্ৰাসবাদ নিৰ্মূল হৈছে; এ পি আব্দুল্লাকুট্টি

author img

By

Published : Jun 9, 2023, 7:30 PM IST

Maha Jan Sampark Abhiyan
Maha Jan Sampark Abhiyan

যোৰহাটত বিজেপিৰ (Jorhat BJP) ৰাষ্ট্ৰীয় উপ-সভাপতি এ পি আব্দুল্লাকুট্টি ৷ বিজেপিৰ মহা জনসম্পৰ্ক অভিযান সন্দৰ্ভত সংবাদমেল সম্বোধন কুট্টিৰ ৷ মোদীৰ শাসনকালত অসমত সন্ত্ৰাসবাদ নিৰ্মূল হৈছে বুলি মন্তব্য ৷

মোদীৰ শাসনকালত অসমত সন্ত্ৰাসবাদ নিৰ্মূল হৈছে; এ পি আব্দুল্লাকুট্টি

যোৰহাট, 9 জুন: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে সম্পূৰ্ণ কৰিলে 9 টা বছৰৰ ৷ মোদী চৰকাৰৰ 9 বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে দেশজুৰি বিজেপিয়ে আৰম্ভ কৰিছে মহা জনসম্পৰ্ক অভিযান ৷ শুকুৰবাৰে মহা জনসম্পৰ্ক অনুষ্ঠানৰ (BJP Maha Jan Sampark Abhiyan) লগত সংগতি ৰাখি যোৰহাটৰ প্ৰিজম হোটেলত বিজেপিয়ে এখন সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি এ পি আব্দুল্লাকুট্টিৰ লগতে উপস্থিত থাকে সাংসদ তপন গগৈ ৷

সংবাদমেলত দলটোৰ ৰাষ্ট্ৰীয় উপ-সভাপতিগৰাকীয়ে (AP Abdullakutty) কয়, ‘‘মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত 9 হাজাৰ বিদ্ৰোহী সংগঠনৰ সদস্যই আত্মসমৰ্পণ কৰিছে ৷ ইয়াৰ পূৰ্বে অসম সন্ত্ৰাসবাদ, অশান্তিৰে ভৰি পৰিছিল ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এজন অতিশয় সফল প্ৰধানমন্ত্ৰী ৷ তেওঁ দুৰ্নীতি ৰোধত এ প্লাচ পাবলৈ সক্ষম হৈছে ৷’’

দেশৰ আন্তঃগাঁঠনি নিৰ্মাণ কৰা জনকল্যাণমূলক আঁচনি গ্ৰহণ কৰাৰ ক্ষেত্ৰতো নৰেন্দ্ৰ মোদী অতি সফল হৈছে বুলি এ পি আব্দুল্লাকুট্টিয়ে মন্তব্য কৰে ৷ আনহাতে নৰেন্দ্ৰ মোদীয়ে কোটি কোটি মানুহৰ ঘৰত বিদ্যুৎ যোগান ধৰি কৰি পোহৰাই তুলিবলৈ সক্ষম হৈছে বুলিও তেওঁ উল্লেখ কৰে (BJP national vice president) ৷

ইফালে সাংসদ তপন গগৈয়েও (MP Tapan Gogoi) অসমৰ সন্ত্ৰাসবাদৰ প্ৰসংগত মন্তব্য কৰে ৷ মোদী চৰকাৰৰ কাম-কাজৰ খতিয়ান দাঙি ধৰি তপন গগৈয়ে কয়, ‘‘সমগ্ৰ উত্তৰ-পূবত 84 শতাংশ উগ্ৰবাদৰ সমস্যা নাইকিয়া হৈছে নৰেন্দ্ৰ মোদীৰ শাসনকালত ৷ 9 বছৰীয়া শাসনকালত 12 কোটি পৰিয়ালক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ হৈছে জল জীৱন মিছন জৰিয়তে ৷ 11 কোটি 72 লাখ পৰিয়ালক শৌচাগাৰ সুবিধা প্ৰদান কৰাৰ হৈছে ৷ 3 কোটি 50 লাখ পৰিয়ালক প্ৰধানমন্ত্ৰী আৱাস যোজনা বাসগৃহ প্ৰদান কৰাৰ হৈছে ৷’’

দেশৰ 9 কোটি 60 লাখ মহিলাক উজ্বলা গেছ যোগান আঁচনিৰ জৰিয়তে সামৰি লোৱা হৈছে বুলি উল্লেখ কৰি সাংসদ গগৈয়ে কয় যে পুনৰ এই আঁচনিৰ অধীনত 1 কোটি লোকক সামৰি লোৱা হ’ব । মোদীৰ শাসনকালত 15 খনকৈ নতুন এইমছ, 700 খন মেডিকেল কলেজ, 74 টা নতুন বিমান বন্দৰ হ’ল বুলিও তেওঁ উল্লেখ কৰে (9 Years of Modi govt) ৷

সংবাদমেলত ৰাষ্ট্ৰীয় উপ-সভাপতি এ পি আব্দুল্লাকুট্টি, সাংসদ তপন গগৈৰ লগতে উপস্থিত থাকে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, থাওৰা সমষ্টিৰ বিধায় সুশান্ত বৰগোহাঁইৰ লগতে বিজেপিৰ বহু জিলা পৰ্যায়ৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তা ৷

লগতে পঢ়ক: BJP internal conflict: নেতা-কৰ্মীয়ে দলত্যাগ কৰাটো সংবাদ মাধ্যমৰহে সৃষ্টি; ভৱেশ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.