ETV Bharat / state

BJP Maha Gana Sampark Abhiyan: জে পি নাড্ডাক যোৰহাটৰ সমস্য়া অৱগত কৰিলে বিশিষ্ট চিকিৎসকে

author img

By

Published : Jun 18, 2023, 9:27 PM IST

লোকসভা নিৰ্বাচন ২০২৪ ৰ বাবে কুচকাৱাজ আৰম্ভ কৰিছে শাসকীয় দল বিজেপিয়ে । ইতিমধ্যেই জনতাৰ কাষ চাপিবলৈ সমগ্ৰ দেশ জুৰি মহাসম্পৰ্ক অভিযান নামেৰে এলানি কাৰ্যসূচী ৰূপায়ণ কৰিছে ।

BJP national president J P Nadda
মহা গণসম্পৰ্ক অভিযান"

মহা গণসম্পৰ্ক অভিযান"

যোৰহাট, ১৮ জুন: ২০১৪ চনত নৰেন্দ্ৰ মোদী চৰকাৰে দায়িত্ব লোৱাৰ পাচৰে পৰা দেশত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে 9 টা বছৰ সফলতাৰে অতিক্ৰম কৰি দহ বছৰত ভৰি দিলে । সফলতাৰে এই ন বছৰ অতিক্রম কৰাৰ উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এমাহ জোৰা কাৰ্যসূচীৰে সমগ্ৰ দেশতে আৰম্ভ কৰিছে "মহা গণসম্পৰ্ক অভিযান" শীৰ্ষক মাহ জোৰা এক বিশেষ কাৰ্যসূচী ।

ইয়াৰে অংশ ৰূপে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই সাক্ষাৎ কৰিলে যোৰহাটৰ বিশিষ্ট চিকিৎসক পংকজ বৰুৱাক । বিজেপিৰ জনসম্পৰ্ক অভিযানৰ অংশ ৰূপে দেওবাৰে ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ডাঃ পংকজ বৰুৱাক তৰাজানস্থিত বাসগৃহত সাক্ষাৎ কৰি বিজেপি চৰকাৰে ৯ বছৰে কৰা কাম-কাজ আৰু কাৰ্য বিৱৰণ সম্পৰ্কে ব্য়াখ্য়া কৰে ।

আজিৰ এই অভিযানৰ অংশ হিচাপে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই যোৰহাট বিশিষ্ট চিকিৎসক পংকজ বৰুৱা বাসগৃহত উপস্থিত হৈ বিজেপি চৰকাৰে ৯ টা বছৰে কৰা কাৰ্যাকলপ সম্পকে বিৱৰণ দাঙি ধৰে । এই বিষয়ে উল্লেখ কৰি ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ডাঃ পংকজ বৰুৱাৰ পৰা বিভিন্ন পৰামৰ্শ বিচাৰে । চিকিৎসক হিচাপে পংকজ বৰুৱাই ৰাষ্ট্ৰীয় সভাপতি গৰাকীৰ সানিধ্য লাভ কৰি আপ্লুত হৈ পৰে । চিকিৎসক বৰুৱাই বিজেপিৰ সভাপতিগৰাকীক চিকিৎসাৰ ক্ষেত্ৰত বিজ্ঞানসন্মত কৌশলৰ প্ৰয়োজনীয়তা সম্পৰ্কে গুৰত্ব দিবলৈ আহ্বান জনায় ।

বিশিষ্ট চিকিৎসকগৰাকীৰ বাসগৃহত ৰাষ্ট্ৰীয় সভাপতিগৰাকী উপস্থিতত হৈ পংকজ বৰুৱাৰ মাতৃক সেৱা জনাই আশীৰ্বাদ লয় । ডাঃ পংকজ বৰুৱা পৰিয়ালে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে বিভিন্ন পথৰ উন্নয়ন সম্পকে ৰাষ্ট্ৰীয়সভাপতি গৰাকীক অৱগত কৰে । উল্লেখ্য যে, বিজেপি চৰকাৰৰ কাৰ্যাকালত কৰা উন্নয়ন আৰু বিভিন্ন কৰ্মৰাজি ৰাইজ মাজলৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতিৰে আৰম্ভ কৰিছে জনসম্পক অভিযান । তাৰেই অংশ স্বৰূপে দেওবাৰে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত ১০ টা বিধানসভা সমষ্টিৰ ৰাইজক উদ্দেশি এক বিশাল গণসমাৱেশ অনুষ্ঠিত কৰে শিৱসাগৰ জকাইচুকৰ দুৰ্লভ গগৈ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ।

লগতে পঢ়ক:NGO provide boats in Majuli: মাজুলী গুৱালগাঁৱত স্বেচ্ছাসেৱী সংগঠনৰ নাও প্ৰদান

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.