ETV Bharat / state

Guinness Book of World Records: অভিলেখ গঢ়াৰ ক্ষণত সাক্ষী হ'ব মৰিয়নিৰ ২০০ গৰাকী বিহুৱা-বিহুৱতী

author img

By

Published : Mar 31, 2023, 12:52 PM IST

Guinness Book of World Records
অভিলেখ গঢ়াৰ ক্ষণত সাক্ষী হ'ব মৰিয়নিৰ ২০০ গৰাকী বিহুৱা-বিহুৱতী

ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে চলিছে বিহুৰ আখৰা (Bihu practice in Assam)। লক্ষ্য গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ । যোৰহাটৰ মৰিয়নিত ২০০ গৰাকী বিহুৱা-বিহুৱতীয়ে পূৰ্ণগতিত চলাইছে আখৰা ।

অভিলেখ গঢ়াৰ ক্ষণত সাক্ষী হ'ব মৰিয়নিৰ ২০০ গৰাকী বিহুৱা-বিহুৱতী

যোৰহাট, ৩১ মাৰ্চ : গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তিৰ লক্ষ্যৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰস্তুতি চলিছে । অভিলেখ গঢ়াৰ লক্ষ্যৰে অহা ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত ১০ হাজাৰৰো অধিক বিহুৱা-বিহুৱতীৰ অংশগ্রহণেৰে অনুষ্ঠিত হ'ব বিহু নৃত্যৰ অনুষ্ঠান (Guinness Book of World Records through Bihu) । ৰাজ্য চৰকাৰে বিশেষ তৎপৰতাৰে বিহুৱা-বিহুৱতীসকলক সাজু কৰি তুলিছে । ৰাজ্যৰ ভিন্ন প্ৰান্তত বিহুৰ আখৰাও চলিছে ।

ব্যতিক্ৰম নহয় যোৰহাট জিলাও । যোৰহাট জিলাৰ বিভিন্ন অঞ্চলৰ লগতে মৰিয়নিটো বিহুৰ আখৰা চলিছে । মৰিয়নি সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা ১৪০ গৰাকী বিহুৱতী আৰু ৬০ জন বিহুৱাই নকছাৰি মিনি ষ্টেডিয়াম খেলপথাৰত অব্যাহত ৰাখিছে বিহুৰ আখৰা । ১৪ এপ্ৰিল তাৰিখে সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া মূল অনুষ্ঠানত অংশগ্ৰহণ কৰিব এই সকল বিহুৱা-বিহুৱতীয়ে (Bihu Guinness Book of World Records)।

এই বিহুৰ আখৰাত নৃত্য শিল্পী তথা বিহুৰাণী,বৰদৈচিলা, অসম কুৱৰী, লতাশিলৰ বিহু কুঁৱৰী, বালিগঞা নাচনি উপাধি লাভ কৰা অসম বিহুৱতী প্ৰাঞ্জেলিকা হাজৰিকাই বিহুৱতীসকলক প্ৰশিক্ষণ দিছে । যোৱা ২৭ মাৰ্চৰ পৰা এই আখৰা চলি আছে মৰিয়নিত । ইফালে জিলা প্ৰশাসনৰ লোকসকলেও আখৰাত পূৰ্ণ সহযোগিতা আগবঢ়াইছে (Bihu workshop)।

ইফালে আখৰাৰ অন্তত অহা ৮ এপ্ৰিলত যোৰহাট জিলাখনৰ পৰা প্ৰায় ৮০০ গৰাকী বিহুৱা-বিহুৱতীৰ দল গুৱাহাটী অভিমূখে ৰাওনা হ'ব বুলি জনাইছে প্ৰশাসনৰ লোকসকলে (Jorhat youth to join Sarusajai mega Bihu)। দলটোক বাছেৰে অনাৰ বাবেও প্ৰশাসনে বিশেষ ব্যৱস্থা কৰিছে । ইফালে বিহুৱা-বিহুৱতীৰ দলটোৰ নিৰাপত্তাৰ বাবে আৰক্ষীৰ লোকো তেওঁলোকৰ সৈতে গুৱাহাটীলৈ আহিব । মুঠতে সকলোৰে উদ্দেশ্য এটাই । বিহুক গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত কৰিব লাগে ।

উল্লেখ্য যে প্ৰতিখন জিলাতে এই ধৰণৰ বিহুৰ আখৰা চলি আছে । কিন্তু ইয়াৰ মাজতে প্ৰাৰম্ভিক নাচনি বাছনি প্ৰক্ৰিয়াত বিভিন্ন ধৰণৰ অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে । কোনো কোনো স্থানত একাংশ বিহুৱা-বিহুৱতীয়ে নিৰ্বাচকৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰাও দেখা গৈছে ।

লগতে পঢ়ক :Bihu in Guinness book of world records:হোজাইত বিশ্ব ৰেকৰ্ড গঢ়াৰ লক্ষ্যৰে চলি থকা বিহুৰ প্ৰশিক্ষণ শিবিৰত মন্ত্ৰী কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.