ETV Bharat / state

টীয়কত ক’ভিড ৰোগীক AYUSH 64 বিতৰণ

author img

By

Published : Jun 10, 2021, 10:39 PM IST

টীয়কত বুধবাৰে প্ৰায় 40 গৰাকী ক’ভিড (COVID) ৰোগীক আয়ুস 64 (AYUSH 64) নামৰ এক আয়ুৰ্বেদিক ঔষধ বিতৰণ সেৱা ভাৰতী পূৰ্বাঞ্চলৰ ৷ প্ৰয়োজন সাপেক্ষে সেৱা ভাৰতীয়ে আৰু অধিক ঔষধৰ যোগান ধৰিব বুলি মন্তব্য উদ্যোক্তাৰ ৷

ayurvedic medicine distribute in teok
ক’ভিড ৰোগীক ঔষধ বিতৰণ

টীয়ক,10 জুন : যোৰহাট জিলাৰ টীয়কত সেৱা ভাৰতীয়ে গ্ৰহণ কৰিছে এক আদৰণীয় পদক্ষেপ ৷ উল্লেখ্য যে, ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰালয়ৰ তত্বাৱধানত তথা চেণ্ট্ৰেল কাউন্সিল ফ’ৰ ৰিচাৰ্ছ ইন আয়ুৰ্বেদিক চায়েন্সেছ (Central Council for Research in Ayurvedic Sciences)ৰ দ্বাৰা ক’ভিড (COVID)ত আক্ৰান্ত ৰোগীৰ বাবে প্ৰস্তুত কৰা ‘আয়ুস 64’ (AYUSH 64) নামৰ এক আয়ুৰ্বেদিক ঔষধ সেৱা ভাৰতী পূৰ্বাঞ্চলৰ সহযোগত সমগ্ৰ অসমতে বিনামূলীয়াকৈ বিতৰণৰ ব্যৱস্থা কৰা হৈছে ।

ayurvedic medicine distribute in teok
ক’ভিড ৰোগীক ঔষধ বিতৰণ

বুধবাৰে যোৰহাট জিলাৰ বিভিন্ন অঞ্চলৰ লগতে টীয়কৰ কাৱৈমাৰী, কুমাৰভেটিকে ধৰি কেইবাটাও অঞ্চলত প্ৰায় 40 গৰাকী ৰোগীৰ মাজত ঔষধ বিতৰণ কৰা হয় ৷ ইয়াৰ উপৰিও হোম কোৱাৰেণ্টাইনত থকা বহু লোকৰ অক্সিজেন ক্ষমতা পৰীক্ষা কৰা হয় ।

ayurvedic medicine distribute in teok
ক’ভিড ৰোগীক ঔষধ বিতৰণ

আনহাতে প্ৰয়োজন সাপেক্ষে সেৱা ভাৰতীয়ে আৰু অধিক ঔষধৰ যোগান ধৰিব বুলিও মন্তব্য কৰে সংগঠনটোৰ উদ্যোক্তাসকলে । এই আয়ুৰ্বেদিক ঔষধ গ্ৰহণ কৰি ইতিমধ্যে ৰোগীসকলে বহু উপশম লাভ কৰিছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : গাঁঠিৰ ধন খৰচ কৰি পথ নিৰ্মাণ কৰিলে মাজুলীবাসীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.