ETV Bharat / state

Jorhat suicide case: অসম মহিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ আত্মহত্যা

author img

By

Published : Jan 18, 2023, 7:17 PM IST

Jorhat suicide case
অসম মহিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ আত্মহত্যা

ঐতিহ্যমণ্ডিত যোৰহাটৰ অসম মহিলা বিশ্ববিদ্যালয়ৰ এগৰাকী মেধাৱী ছাত্ৰীৰ আত্মহত্যা (Assam Womens University students suicide)। কাঞ্চন নগৰৰ ভাড়াঘৰতে আত্মহত্যা কৰে শিবানী বৰা নামৰ ছাত্ৰীগৰাকীয়ে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

যোৰহাট,১৮ জানুৱাৰী : ৰাজ্যত অভাৱনীয়ভাবে বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা (Suicide case in Assam)। গুৱাহাটী আৰু কামৰূপৰ বাইহাটাৰ পাছত এইবাৰ যোৰহাটত এক চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে । ঐতিহ্যমণ্ডিত যোৰহাটৰ অসম মহিলা বিশ্ববিদ্যালয়ত এইবাৰ আত্মহত্যাৰ ঘটনা পোহৰলৈ আহিছে (Assam Womens University suicide case)। বিশ্ববিদ্যালয়খনত অধ্যয়নৰত এগৰাকী ছাত্ৰীয়ে আত্মহত্যাৰ দৰে চৰম পথ বাছি ল'লে । জিলাখনৰ নিকটৱৰ্তী পৰ্বতীয়া গাঁও অঞ্চলৰ যুৱতীগৰাকীয়ে মঙলবাৰে নিশা ৰৰৈয়া কাঞ্চন নগৰৰ ভাড়াঘৰতেই চিপ লৈ আত্মহত্যা কৰে ।

মৃত ছাত্ৰীগৰাকী শিবানী বৰা বুলি জানিব পৰা গৈছে । জানিব পৰা মতে যোৰহাটৰ মহিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰী শিবানী বৰাই ১৭ জানুৱাৰীত শিক্ষানুষ্ঠানৰ পৰা প্ৰায় ১৭ কিলোমিটাৰ নিলগৰ পুলিবৰ থানাৰ অন্তৰ্গত নিজা বাসভৱনৰ পৰা ভাড়াঘৰলৈ আহিছিল । ঘৰৰ পৰা অহাৰ পাছতে ৰৰৈয়া কাঞ্চন নগৰত থকা ভাড়াঘৰত আত্মহত্যা কৰে শিৱানীয়ে (Assam Womens University students suicide)।

জানিব পৰা মতে দিনটো ভাড়াঘৰতে আছিল শিৱানী আৰু তেওঁ নিশা জীৱনৰ অন্তিম সিদ্ধান্ত লয় । শিৱানী বৰা অসম মহিলা বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক অধ্যয়ন বিভাগৰ ছাত্রী আছিল । প্ৰচুৰ মেধা সম্পন্ন শিক্ষাৰ্থীগৰাকীয়ে কি কাৰণত আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত ল'লে সেয়া এতিয়াও স্পষ্ট হৈ উঠা নাই । আৰক্ষীয়ে ভাড়াঘৰৰ পৰা ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।

ছাত্ৰীগৰাকীয়ে ছুইচাইড নোট বা অন্য সন্দেহজনক সামগ্ৰী এৰি থৈ গৈছে নেকি তাৰ বাবে ভাড়াঘৰত আৰক্ষীয়ে অনুসন্ধান চলাইছে । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ সঠিক তদন্তৰ পাচতহে পোহৰলৈ আহিব মেধা সম্পন্ন ছাত্ৰীগৰাকীয়ে কিয় মৃত্যুৰ দৰে চৰম পথ বাছি ল'লে (AWU students commits suicide)। ইফালে ছাত্ৰীগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে অসম মহিলা বিশ্ববিদ্যালয়ত শোকৰ ছাঁ পৰিছে । ছাত্ৰীগৰাকীৰ বাসগৃহ আৰু জন্ম গাঁৱত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ।

উল্লেখ্য যে একেদিনাই গুৱাহাটী মহানগৰীতো এক চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে । মহানগৰীৰ গেম ভিলেজৰ A2 ব্লকৰ চতুৰ্থ মহলাৰ 403 নম্বৰ ফ্লেটত উদ্ধাৰ হৈছে কনিষ্টবলজনৰ মৃতদেহ । মৃত কনিষ্টবলজন বাক্সা জিলাৰ ৰমেন সূত্ৰধৰ বুলি চিনাক্ত হৈছে (Suicide at Guwahati in Game Village)। প্ৰশিক্ষণৰত কনিষ্টবলজন গেম ভিলেজত বেটেলিয়ানটোৰ অস্থায়ী শিবিৰত আছিল ।

কিন্তু ৰহস্যজনকভাৱে কোঠাৰ ভিতৰতে চিপ লৈ আত্মহত্যা কৰে কনিষ্টবলজনে । ৰাজ্যত এনেধৰণৰ আত্মহত্যাৰ ঘটনা বৃদ্ধি হোৱাৰ লগে লগে এতিয়া চিন্তিত হৈছে বৌদ্ধিক মহল । যুৱ সমাজৰ মাজত কিয় এই ধৰণৰ মানসিকতা বৃদ্ধি পাইছে সেয়াও এতিয়া সকলোৰে বাবে চিন্তনীয় বিষয় হৈ পৰিছে ।

লগতে পঢ়ক :Suicide in Guwahati: গুৱাহাটীৰ গেম ভিলেজত কনিষ্টবলৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.