ETV Bharat / state

যোৰহাটত আশাকৰ্মীৰ প্ৰতিবাদ

author img

By

Published : Jan 20, 2021, 2:30 PM IST

ৰাজ্য়ৰ ভিন্ন প্ৰান্তৰ লগতে যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতো আশাকৰ্মীয়ে প্ৰতিবাদ সাব্য়স্ত কৰে । বিভিন্ন দাবীৰে স্বাস্থ্য়মন্ত্ৰী আৰু মুখ্য়মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰী আশাকৰ্মীয়ে ।

যোৰহাটত আশাকৰ্মীৰ প্ৰতিবাদ
যোৰহাটত আশাকৰ্মীৰ প্ৰতিবাদ

যোৰহাট , ২০ জানুৱাৰী : ৰাজ্য়জুৰি ৬ জানুৱাৰীৰ পৰা আশাকৰ্মীয়ে কৰ্মবিৰতি পালন কৰাৰ লগতে বিভিন্ন স্থানত প্ৰতিবাদ অব্য়াহত ৰাখিছে । তাৰ অংশ স্বৰূপে বুধবাৰৰ দিনটোত ৰাজ্য়ৰ ভিন্ন প্ৰান্তৰ লগতে যোৰহাটতো প্ৰতিবাদ সাব্য়স্ত কৰে আশা কৰ্মীয়ে ।

যোৰহাটত আশাকৰ্মীৰ প্ৰতিবাদ
যোৰহাটত আশাকৰ্মীৰ প্ৰতিবাদ

আশাকৰ্মীসকলক নিযুক্তিপত্ৰ প্ৰদান, উপযুক্ত মজুৰী দিয়াৰ লগতে অসম চৰকাৰে ২০১৩ ৰ পৰা ২০১৭ বৰ্ষলৈকে দিবলগীয়া ধন শীঘ্ৰে মুকলি কৰি দিবলৈ দাবী জনাই আশাকৰ্মীসকলে । যোৰহাটৰ পাব্লিক বাছ আস্থানৰ পৰা এক প্ৰতিবাদী সমদলৰো আয়োজন কৰে আশাকৰ্মীসকলে । আশাকৰ্মীসকলে প্ৰতিবাদৰ অন্তত জিলা উপায়ুক্তৰ জৰিয়তে মুখ্য়মন্ত্ৰী আৰু স্বাস্থ্য়মন্ত্ৰীলৈ স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।

লগতে পঢ়ক :আমগুৰিত স্বামীয়ে ডিঙি চেপি হত্যা কৰিলে পত্নীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.