ETV Bharat / state

যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ক’ভিড(COVID-19)ৰ ভয়াৱহ সংক্ৰমণ

author img

By

Published : Jun 11, 2021, 8:37 PM IST

ক’ভিড(COVID)ৰ ভয়াৱহ সংক্ৰমণ যোৰহাটৰ কেন্দ্ৰীয় কাৰাগাৰত ৷ একেদিনাই ৩০ জনকৈ কয়দী আক্ৰান্ত হৈছে ক’ভিড-১৯ত ৷ ক’ভিড ৰিপৰ্ট পোৱাৰ পাচতেই পৰিস্থিতিৰ তদাৰক কৰি বিধিসন্মত ব্যৱস্থা গ্ৰহণ কাৰাগাৰ কৰ্তৃপক্ষৰ ৷

mass-infection-of-covid-19-central-jail-in-jorhat
যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ক’ভিডৰ গণ সংক্ৰমণ

যোৰহাট, 11 জুন: ৰাজ্যৰ বহুকেইখন কাৰাগাৰৰ দৰে যোৰহাট জিলাৰ কেন্দ্ৰীয় কাৰাগাৰতো ক’ভিডৰ সংক্ৰমণে তীব্ৰ ৰূপ ধাৰণ কৰিছে । যোৰহাট কাৰাগাৰত একেদিনাই ৩০ জনকৈ কয়দী আক্ৰান্ত হৈছে মাৰাত্মক ক’ভিড-১৯ত ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে অৰ্থাৎ ১০ জুন তাৰিখে স্বাস্থ্য বিভাগৰ এটা দলে কাৰাগাৰত উপস্থিত হৈ কয়দীসকলৰ ৰেপিড এন্টিজেন টেষ্ট(RAT) কৰিছিল আৰু এই পৰীক্ষাত ৩০ জন কয়দীৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰিছিল ।

যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ক’ভিডৰ গণ সংক্ৰমণ

ক’ভিড ৰিপৰ্ট পোৱাৰ পাচতেই শুকুৰবাৰে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ অমৃত শইকীয়াই উক্ত পৰিস্থিতিৰ তদাৰক কৰি বিধিসন্মত ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে । আনহাতে, যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ এজন কয়দীৰ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা বুলি এগৰাকী স্বাস্থ্য বিষয়াই জানিবলৈ দিছে ৷

mass-infection-of-covid-19-central-jail-in-jorhat
যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ক’ভিডৰ গণ সংক্ৰমণ

ইয়াৰ পূৰ্বেও কেন্দ্ৰীয় কাৰাগাৰৰ ১২ জনকৈ কয়দী আৰু হাজোতিৰ দেহত মাৰাত্মক ক’ভিড 19ৰ অৱস্থিতি ধৰা হৈছিল ৷ বৰ্তমান যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ৩৪ জন কয়দী ক’ভিডত আক্ৰান্ত হৈছে বুলি জনাইছে কাৰাগাৰৰ অধ্যক্ষা চম্পাকলী বৰদলৈয়ে । ইতিমধ্যে, স্বাস্থ্য বিভাগৰ ফালৰ পৰা কাৰাগাৰত সংক্ৰমণ ৰোধ কৰিবলৈ সকলো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: শিক্ষকতা বৃত্তিক কলুষিত কৰি থানাৰ আলহী হ'ল শিক্ষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.