ETV Bharat / state

আহোম সভাৰ যোৰহাট জিলা সমিতিৰ বাৰ্ষিক অধিৱেশন; নতুন সমিতি গঠন

author img

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 10:50 PM IST

যোৰহাটৰ তাই আহোম সংস্কৃতি সংৰক্ষণ আৰু শিক্ষা বিকাশ সমিতিৰ জয়া ভৱনত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় আহোম সভাৰ যোৰহাট জিলা সমিতিৰ বাৰ্ষিক অধিৱেশন ৷ আগন্তুক তিনিটা বৰ্ষৰ বাবে পুলিন ফুকনক সভাপতি আৰু ঘনশ্যাম গগৈক সাধাৰণ সম্পাদকসহ চল্লিশজনীয়া যোৰহাট জিলা আহোম সভাৰ সমিতিখনি গঠন কৰা হয় ৷

Annual Conference of Ahom Sabha Jorhat District
আহোম সভাৰ যোৰহাট জিলা সমিতিৰ বাৰ্ষিক অধিৱেশন

যোৰহাট, 10 ডিচেম্বৰ : "সংৰক্ষণ নহ'লে অস্তিত্ব বিপন্ন গতিকে সংৰক্ষণ অতিকে প্ৰয়োজনীয় ৷ আহোম জাতিটোক জীয়াই ৰাখিবলৈ আৰু আগুৱাই যাবলৈ হ'লে আহোমৰ জাতীয় সভ্যতা সংৰক্ষণ কৰিবই লাগিব ৷" যোৰহাট জিলা আহোম সভাৰ বাৰ্ষিক অধিৱেশনত মুখ্য অতিথি ৰূপে উপস্থিত থাকি সদৌ অসম আহোম সভাৰ সভাপতি উমাকান্ত কোঁৱৰে ভাষণ প্ৰসংগত এই মন্তব্য কৰে ৷

সভাপতি গৰাকীয়ে লগতে কয় যে "জাতিটোক নেতৃত্বত দিয়া সকলক আহ্বান, জাতিটোক প্ৰৱঞ্চনা নকৰিব, বৰঞ্চ জাতিটোৰ উন্নতিৰ কথা চিন্তা কৰক ৷ বিদেশীয়ে অসমখনক খাই শেষ কৰিছে আৰু নেতা সকলে মাত্ৰ নিজৰ মুনাফা লাভত দৌৰি আছে ৷ গতিকে আমাক জনজাতিকৰণ কৰিব লাগিব, জনজাতিকৰণ আমাৰ অন্যতম দাবী ৷"

উল্লেখ্য যে, অসমৰ অন্যতম বৃহৎ জনগোষ্ঠী তাই আহোমসকলৰ এটি অন্যতম অনুষ্ঠান হ'ল সদৌ অসম আহোম সভা ৷ এই আহোম সভাৰে যোৰহাট জিলা সমিতিৰ বাৰ্ষিক অধিৱেশনখনি যোৰহাট নগৰৰ মাজমজিয়াতে থকা তাই আহোম সংস্কৃতি সংৰক্ষণ আৰু শিক্ষা বিকাশ সমিতিৰ জয়া ভৱনত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় ৷

অধিৱেশনৰ কাৰ্যসূচী অনুসৰি পুৱা 8 বজাত প্ৰতিনিধিৰ নাম পঞ্জীয়ন, 8.30 বজাত চাহ মেল, 9 বজাত দেওঘৰত বন্তি প্ৰজ্বলন কৰা হয় ৷ পুৱা 9.30 বজাত সভাৰ পতাকা উত্তোলন কৰে জিলা কমিটিৰ সভাপতি পুলিন ফুকনে ৷ পুৱা 11 বজাত জয়া ৰমণী চ'ৰাৰ সদস্যাসকলৰ দ্বাৰা তাই প্ৰাৰ্থনা আই চিং লাও পৰিৱেশনৰ পাছতে অনুষ্ঠিত স্মৃতি তৰ্পণ অনুষ্ঠানত স্বৰ্গদেউ চাওলুং চ্যু-কা-ফাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে জিলা আহোম সভাৰ সভাপতি পুলিন ফুকনে ৷

সদৌ অসম আহোম সভাৰ প্ৰতিস্থাপক সভাপতি পদ্মনাথ গোহাঞিবৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সভাত মুখ্য অতিথি ৰূপে উপস্থিত থকা সদৌ অসম আহোম সভাৰ সভাপতি উমাকান্ত কোঁৱৰে ৷ ইয়াৰ লগে লগে আৰম্ভ হোৱাৰ বাৰ্ষিক অধিৱেশনৰ মুকলি সভাখনৰ সভাপতিত্ব কৰে যোৰহাট জিলা আহোম সভাৰ সভাপতি পুলিন ফুকনে ৷ জিলা আহোম সভাৰ সাধাৰণ সম্পাদক ঘনশ্যাম গগৈয়ে উদ্দেশ্য ব্যাখ্যা, সদস্য-সদস্যাসকলৰ চিনাকি পৰ্ব আৰু বাৰ্ষিক সম্পাদকীয় প্ৰতিবেদন পাঠৰ পাছতে অনুষ্ঠিত হয় আঞ্চলিক সমিতিৰ সম্পাদকীয় প্ৰতিবেদন পাঠ আৰু প্ৰস্তাৱ দাখিল ৷

সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত হৈ সদৌ অসম আহোম সভাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল ৰাজকোঁৱৰে জনজাতিকৰণ সন্দৰ্ভত এক তাৎপৰ্যপূৰ্ণ ভাষণ প্ৰদান কৰে ৷ সভাত সদৌ অসম আহোম সভাৰ উপ-সভাপতিদ্বয় জ্যোতিপ্ৰসাদ গগৈ বুঢ়াগোহাঁই আৰু শশাংক নেওগ, সহ সম্পাদক দুৰ্লভ গগৈ, শিৱসাগৰ জিলা আহোম সভাৰ সভাপতি জয়ন্ত ৰাজকোঁৱৰ, আগন্তুক সদৌ অসম আহোম সভাৰ 63 সংখ্যক কেন্দ্ৰীয় অধিবেশন উদযাপন সমিতিৰ সভাপতি ড৹ বিমলা প্ৰসাদ বৰুৱা, তাইচাবৰ সভাপতি অৱনি কুমাৰ চেতিয়াকে ধৰি বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে ৷ সভাত আগন্তুক তিনিটা বৰ্ষৰ বাবে পূৰ্বৰ সমিতিৰ সভাপতি পুলিন ফুকনক সভাপতি আৰু ঘনশ্যাম গগৈক সাধাৰণ সম্পাদকসহ চল্লিশজনীয়া যোৰহাট জিলা আহোম সভাৰ সমিতিখন গঠন কৰা হয় ৷

লগতে পঢ়ক : কাৰ্বি যুৱ মহোৎসৱত উপস্থিত থকাৰ সম্ভাৱনা ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.