ETV Bharat / state

Angoorlata Deka controversy: উজনিত নিষিদ্ধ ঘোষণা আঙুৰলতা ডেকাক

author img

By

Published : Jul 31, 2022, 9:36 AM IST

All Tai Ahom Students Union protest at Titabor Angoorlata Deka Effigy Burn
বিজেপি নেত্ৰী আঙুৰলতা ডেকাক উজনি অসমত নিষিদ্ধ ঘোষণা টাই আহোম ছাত্ৰ সন্থাৰ

তিতাবৰত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ (ATASU protest at Titabor) ৷ বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ পুত্তলিকা দাহ কৰে প্ৰতিবাদকাৰীসকলে (Angoorlata Deka effigy burn at Amguri)। আহোম জাতিৰ প্ৰতি মুৰ্দাবাদ ধ্বনি দিয়াৰ অভিযোগত প্ৰতিবাদ সাব্যস্ত কৰে সন্থাটোৱে ৷

তিতাবৰ, 31 জুলাই: আহোম সকলৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰি প্ৰৱল প্ৰতিবাদৰ সন্মুখীন হৈছে বিজেপি মহিলা মৰ্চাৰ সভাপতি তথা বটদ্ৰবা সমষ্টিৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকা (Angoorlata Deka controversial comment)৷ আহোম সকলৰ বিৰুদ্ধে ৰাজপথত বিতৰ্কিত মন্তব্য আগবঢ়োৱাৰ অভিযোগ উঠিছে আঙুৰলতা ডেকাৰ বিৰুদ্ধে ৷ ইতিমধ্যে উজনি অসমত আঙুৰলতা ডেকাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে সদৌ টাই আহোম ছাত্ৰ সন্থাই (ATASU banned Angoorlata Deka in Upper Assam) ৷

উল্লেখ্য যে, কংগ্ৰেছ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে (Congress leader Adhir Ranjan Chowdhur) ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক অপমানজনকভাৱে 'ৰাষ্ট্ৰপত্নী' বুলি কৰা মন্তব্য কৰাক কেন্দ্ৰ কৰি (Insulting remarks towards President Droupadi Murmu) শুকুৰবাৰে গুৱাহাটীত বিজেপি দলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ আঙুৰলতা ডেকাৰ নেতৃত্বত কংগ্ৰেছ দলৰ বিৰুদ্ধে ৰাজপথত নামিছিল একাংশ বিজেপি কৰ্মী (Rashtrapatni Remark Row) ।

বিজেপি নেত্ৰী আঙুৰলতা ডেকাক উজনি অসমত নিষিদ্ধ ঘোষণা টাই আহোম ছাত্ৰ সন্থাৰ

এই প্ৰতিবাদত অংশ লৈ বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই আহোম জনগোষ্ঠীৰ বিৰুদ্ধে কিছু বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ উঠিছিল । ইয়াৰ পাছতে, শনিবাৰে সদৌ টাই আহোম ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদকে ধৰি জনগোষ্ঠীটোৰ বিভিন্ন সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ।

তিতাবৰতো প্ৰতিবাদ সাব্যস্ত কৰে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ তিতাবৰ মহকুমা সমিতিয়ে ৷ প্ৰতিবাদকাৰীসকলে তিতাবৰ চাৰিআলিৰ মাজমজিয়াত আঙুৰলতা ডেকাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে (Angoorlata Deka Effigy Burn at Titabor)। লগতে আহোম জাতিক লৈ কৰা অপমানৰ বাবে অনতিপলমে ৰাজহুৱাকৈ ক্ষমা প্ৰাৰ্থনা দাবী জনায় প্ৰতিবাদকাৰীসকলে । অন্যথা আঙুৰলতা ডেকাক উজনি অসম প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে ছাত্ৰ সংগঠনটোৱে ৷

লগতে পঢ়ক: Angoorlata Deka Effigy Burn: প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ পুত্তলিকা দাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.