ETV Bharat / state

AFSPA বাতিলৰ দাবীত যোৰহাটত উত্তাল প্ৰতিবাদ

author img

By

Published : Dec 8, 2021, 9:38 PM IST

Protest for demanding cancellation of AFSPA
AFSPA বাতিলৰ দাবীত যোৰহাটত উত্তাল প্ৰতিবাদ

কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ AFSPA বাতিলৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে(Protest for demanding cancellation of AFSPA) ৷ সেই অনুসৰি বুধবাৰে যোৰহাট জিলাতো আফস্পা প্ৰত্যাহাৰৰ দাবীত মুখত ক'লা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷

যোৰহাট, 8 ডিচেম্বৰ : নাগালেণ্ডৰ মন জিলাৰ অ'টিং বস্তিত 4 ডিচেম্বৰত সংঘটিত হোৱা ভাৰতীয় সেনাৰ নৃশংস হত্যাকাণ্ড(Ambush in Nagaland)ৰ বিৰোধীতা কৰি কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ AFSPA বাতিলৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে(Protest for demanding cancellation of AFSPA) ৷ সেই অনুসৰি বুধবাৰে যোৰহাট জিলাতো আফস্পা প্ৰত্যাহাৰৰ দাবীত মুখত ক'লা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷

AFSPA বাতিলৰ দাবীত যোৰহাটত উত্তাল প্ৰতিবাদ

প্ৰতিবাদত অংশগ্ৰহণ কৰি সংগঠনটোৰ কেন্দ্ৰীয় বিত্তীয় সম্পাদক শিৱ কলিতাই কয়, ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে নাগালেণ্ডৰ অ'টিং বস্তিত নিৰীহ নগা লোকৰ ওপৰত যি হত্যাকাণ্ড সংঘটিত কৰিলে সেই ঘটনা একবাৰে নিন্দনীয় ৷ কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীয় বিশেষ ক্ষমতা আইনৰ বাবে আজি উত্তৰ-পূৱৰ ৰাইজে জীয়াই থকা অধিকাৰ হেৰুৱাব লগা হৈছে ৷ সন্ত্ৰাস দমনৰ দোহাই দি নিৰীহ জনতাৰ ওপৰত ভাৰতীয়া সেনাৰ বৰ্বৰ আক্ৰমণে আজি নিৰাপত্তাহীন কৰি তুলিছে উত্তৰ-পূৱৰ ৰাইজক ৷

গতিকে অতি সোনকালে উত্তৰ-পূৱৰ পৰা AFSPA (Armed Forces Special Powers Act,1958) প্ৰত্যাহাৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাই AJYCP ৰ নেতা গৰাকীয়ে ৷ উল্লেখ্য যে, যোৰহাট উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত হাতে হাতে প্লে'কাৰ্ড লৈ AFSPA বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে ৷

লগতে পঢ়ক: ম'ন জিলালৈ যোৱাত ৰৰৈয়া বিমান বন্দৰতেই জীতেন্দ্র সিঙক বাধা নিৰাপত্তাৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.