ETV Bharat / state

Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত নকৰে; পলাশ চাংমাই

author img

By

Published : Jun 23, 2023, 5:23 PM IST

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ অসন্তুষ্টি প্ৰকাশ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৷ এই খচৰাই কেৱল বিজেপিৰহে স্বাৰ্থ সুৰক্ষিত কৰিব বুলি মন্তব্য সভাপতি পলাশ চাংমাইৰ ৷

Constituency delimitation
Constituency delimitation

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ অসন্তুষ্টি প্ৰকাশ AJYCPৰ

যোৰহাট, 23 জুন: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ এই খচৰাক চূড়ান্ত সাম্প্ৰদায়িক আৰু একমাত্ৰ বিজেপিৰ ৰাজনৈতিক স্বাৰ্থ সুৰাক্ষাৰ বাবেহে প্ৰস্তুত কৰা বুলি অভিযোগ উত্থাপন কৰিছো বিৰোধী ৰাজনৈতিক দলসমূহে ৷

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ অসন্তুষ্টি প্ৰকাশ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইয়ে কয় যে বিশেষ এটা ৰাজনৈতিক দলৰ স্বাৰ্থহে সুৰক্ষিত কৰিব এই খচৰাই ৷ বিজেপিয়ে নিজৰ শাসনৰ বাঘজৰী নিজৰ দখলত ৰাখিব বাবে নিজ ইচ্ছামতে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি লৈছে ৷

যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইয়ে লগতে কয় যে এই সমষ্টি পুনৰ নিৰ্ধাৰণে অসমীয়া জাতিক সুৰক্ষিত নকৰে ৷ কাৰণ এটা বা দুটা ৰাজনৈতিক দলক সুৰক্ষিত কৰাৰ মানে অসমীয়া জাতিক সুৰক্ষিত কৰাৰ নুবুজায় ৷ এই সমষ্টি পুনৰ নিৰ্ধাৰণ বিজেপিয়ে বিচৰা মতে হৈছে ৷ অসমীয়া জাতিক সুৰক্ষিত কৰিবলৈ সাংবিধানিকভাৱে সমষ্টি পুনৰ নিৰ্ধাৰণ হ’ব লাগে বুলিও তেওঁ মন্তব্য কৰে ৷

তেওঁ লগতে কয় যে আন্তঃৰাজ্যিক পাৰ পত্ৰ প্ৰদান, খিলঞ্জীয়াৰ ভুমি অধিকাৰ, খিলঞ্জীয়া বাবে আসন সংৰক্ষণ আৰু অসম চুক্তি 6 নং দফা কাৰ্যকৰী কৰিলেহে কিছু পৰিমাণে হলেও অসমীয়া জাতি ৰাজনৈতিকভাৱে সুৰক্ষিত হ'ব ৷ সমষ্টি পুনৰ নিধাৰণ জৰিয়তে ধৰ্মীয় মেৰুকৰণ কৰা হৈছে বুলিও তেওঁ অভিযোগ উত্থাপন কৰে ৷

উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ এই খচৰাই খিলঞ্জীয়াৰ স্বাৰ্থ অনাগত 30 বছৰলৈ সুৰক্ষিত কৰিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ কিন্তু বিৰোধী দলসমূহে প্ৰকাশ কৰিছে তীব্ৰ অসন্তুষ্টি ৷

লগতে পঢ়ক: Maha Jansampark Abhiyan: নুমলীগড়-গহপুৰক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ’ব সুৰংগ; মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.