ETV Bharat / state

টীয়কত অভিৰুচি ক্ৰীড়া দিৱস পালনঃ বক্সাৰ অভিজিত বৰুৱাক বিশেষ সম্বৰ্দ্ধনা

author img

By

Published : Sep 3, 2022, 8:32 PM IST

abhiruchi krira divas observed in teok
টীয়কত অভিৰুচি ক্ৰীড়া দিৱস পালনঃ প্ৰফেচনেল বক্সাৰ অভিজিত বৰুৱাক বিশেষ সম্বৰ্দ্ধনা

আজি ৩ ছেপ্টেম্বৰ । অসমৰ প্ৰথমগৰাকী অৰ্জুন বঁটাপ্ৰাপক ভোগেশ্বৰ বৰুৱাৰ জন্মদিন (Abhiruchi Krira Divas observed in Assam) । সমগ্ৰ ৰাজ্যতে অৰ্জুন ভোগেশ্বৰ বৰুৱালৈ সন্মান জনাই পালন কৰিছে অভিৰুচি ক্ৰীড়া দিৱস । সমান্তৰালভাৱে টীয়কত অভিৰুচি ক্ৰীড়া দিৱসৰ দিনাই জিলা উপায়ুক্তৰ উপস্থিতিত অসম সন্তান প্ৰফেচনেল বক্সাৰ অভিজিত বৰুৱাক বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ।

টীয়ক,৩ ছেপ্টেম্বৰ: আজি অসমৰ প্ৰথমগৰাকী অৰ্জুন বঁটাপ্ৰাপক ভোগেশ্বৰ বৰুৱাৰ জন্মদিন (Abhiruchi Krira Divas observed in Assam) । এসময়ৰ অসমৰ আগশাৰীৰ ক্ৰীড়া আলোচনী 'অভিৰুচি'য়ে ভাৰতৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈগৰাকীৰ জন্মদিনটো 'অভিৰুচি ক্ৰীড়া' দিৱসৰূপে পোন প্ৰথমে পালন কৰিছিল । তাৰ পিছৰে পৰাই অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো সৰ্বস্তৰতে অভিৰুচি ক্ৰীড়া দিৱস হিচাবে পালন কৰি অহা হৈছে ।

টীয়কত অভিৰুচি ক্ৰীড়া দিৱস পালনঃ প্ৰফেচনেল বক্সাৰ অভিজিত বৰুৱাক বিশেষ সম্বৰ্দ্ধনা

সমগ্ৰ ৰাজ্যৰ লগতে টীয়কতো আয়োজন কৰা হৈছে অভিৰুচি ক্ৰীড়া দিৱস(Abhiruchi Krira Divas Divas observed in Teok) । টীয়ক প্ৰেছ ক্লাৱ আৰু টীয়ক ক্ৰীড়া সন্থাই আজিৰ এই বিশেষ দিনটোত সদৌ অসম ভিত্তিত এখনি প্ৰাইজমণি মাৰাথন দৌৰ প্ৰতিযোগিতাত অনুষ্ঠিত কৰে । অগপৰ টীয়ক বিধান পৰিষদৰ সভাপিত বিকাশ শইকীয়াই শুভাৰম্ভণী কৰা এই মাৰাথান দৌৰ প্ৰতিযোগিতাত অসমৰ কেইবাখনো জিলাৰ প্ৰায় অৰ্ধ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ।

ইফালে প্ৰতিযোগিতাৰ অন্তত যোৰহাট জিলা উপায়ুক্তৰ লগতে টীয়কৰ ভালেসংখ্যক গণ্য মান্য ব্যক্তিৰ উপস্থিতিত জগদুৱাৰৰ সিংহ যুৱক ললিত চন্দ্ৰ ৰাজখোৱা প্ৰেক্ষাগৃহত অনুস্থিত বঁটা বিতৰণী সভাত বিজয়ীসকলক নগদ ধনসহ ট্ৰফী প্ৰদান কৰা হয় । উল্লেখযোগ্য যে এই সভাতে অসমৰ প্ৰথমজন প্ৰফেচনেল বক্সাৰ অসম সন্তান তথা গ্ৰীনিজ বুক অফ ৰেকৰ্ড হ'ল্ডাৰ অভিজিত বৰুৱাক ৰাজহুৱাকৈ সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ।

লগতে যোৰহাটৰ সন্তান অভিজিতক আগুৱাই নিয়াৰ ক্ষেত্ৰত উপায়ুক্তগৰাকীয়ে সৰ্বতো প্ৰকাৰৰ সহায় সহযোগিতাৰ আগবঢ়াব বুলি সদৰি কৰে আৰু উদ্যোক্তাসকলৰ এই প্ৰয়াসৰ শলাগ লয় । ইপিনে এই সম্বৰ্দ্ধনাই খেলুৱৈগৰাকীক অধিক মনোবল বৃদ্ধি কৰিছে যি অনাগত আন্ত:ৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহত অধিক সাহস প্ৰদান কৰিব বুলি মন্তব্য কৰে অভিজিতে । লগতে এনে প্ৰতিযোগিতা অনুষ্ঠিত কৰি গ্ৰাম্যাঞ্চলৰ প্ৰতিভাসমূহ উলিয়াই অনাৰ অৰ্থে উদ্যোক্তাসকলে লোৱা এই পদক্ষেপক আদৰণী জনাইছে বিশিষ্ট খেলুৱৈগৰাকীয়ে ।

উল্লেখ্য, ভোগেশ্বৰ বৰুৱাই ১৯৬৬ চনৰ এছিয়ান গেমছত ৮০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰি আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্বৰ্ণ জয় কৰা প্ৰথমগৰাকী অসমীয়া হিচাবে ইতিহাসৰ পৃষ্ঠাত নাম খোদিত কৰায়(Indian former athlete and coach Bhogeswar Baruah) । তেওঁ ১৯৭০ চনৰ এছিয়ান গেমছত ৪x৪০০ মিটাৰ ৰিলেত ৰূপৰ পদকো জয় কৰিছিল । ভোগেশ্বৰ বৰুৱা হৈছে অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া (First Assamese Arjuna awardee Bhogeswar Baruah) ।

লগতে পঢ়ক: Abhiruchi Krira Divas: শিৱসাগৰত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.