ETV Bharat / state

অইল ইণ্ডিয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আছুৰ

author img

By

Published : Jul 2, 2021, 9:11 PM IST

যোৰহাটত অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে আছুৰ ব্যাপক প্ৰতিবাদ ৷ যোৰহাটৰ থলুৱা প্ৰাৰ্থীক মকৰলৰ পৰা বঞ্চিত কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে প্ৰতিবাদ ছাত্ৰ-সন্থাৰ ৷

অইল ইণ্ডিয়াৰ বিৰুদ্ধে আছুৰ তীব্ৰ প্ৰতিবাদ
অইল ইণ্ডিয়াৰ বিৰুদ্ধে আছুৰ তীব্ৰ প্ৰতিবাদ

যোৰহাট, 2 জুলাই : অইল ইণ্ডিয়া লিমিটেডৰ(OIL) বিৰুদ্ধে প্ৰতিবাদত নামিল সদৌ অসম ছাত্ৰ সন্থা ৷ অইল কৰ্তৃপক্ষই প্ৰকাশ কৰা চাকৰিৰ বিজ্ঞাপনত তেল সৰবৰাহ অঞ্চল হোৱা সত্বেও যোৰহাট জিলাৰ নাম ষড়যন্ত্ৰমূলকভাবে কৰ্তন কৰি জিলাখনৰ অৰ্হতাসম্পন্ন নিবনুৱা সকলক চাকৰিৰ আবেদন দাখিলৰ পৰা বঞ্চিত কৰাৰ বিৰুদ্ধে যোৰহাটত প্ৰতিবাদত ৷ শুকুৰবাৰে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই যোৰহাটৰ অইল ইণ্ডিয়া লিমিটেডৰ 3 নং পাম্পিং ষ্টেচনত উপস্থিত হৈ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷

যোৰহাট জিলাৰ অৰ্হতা সম্পন্ন নিবনুৱা সকলক যাতে কোনো কাৰণতে অইল ইণ্ডিয়া চাকৰিৰ পৰা বঞ্চিত কৰিব নোৱাৰে তাৰ তীব্ৰ দাবী জনায় অইল ইণ্ডিয়া কৰ্তৃপক্ষক এখন স্মাৰক পত্ৰ প্ৰদান কৰে । ইয়াৰ লগতে ছাত্ৰ সন্থাই সকীয়াই দিয়ে যে, যদি কোনো কাৰণত শিক্ষিত অৰ্হতা সম্পন্ন নিবনুৱাই এই চাকৰিৰ পৰা বঞ্চিত হয় তেতিয়া ছাত্ৰ সন্থাই যোৰহাটৰ অইল ইণ্ডিয়া পাম্পিং ষ্টেচন সকলো কাম অচল কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব বুলি হুংকাৰ প্ৰদান কৰে ।

অইল ইণ্ডিয়াৰ বিৰুদ্ধে আছুৰ তীব্ৰ প্ৰতিবাদ

একেদৰে বিগত কিছুদিন পূৰ্ৱে তেনে এক ঘটনাৰ বিৰুদ্ধে ৰঙিয়াটো প্ৰতিবাদ সাৱ্যস্ত কৰিছিল সদৌ অসম ছাত্ৰ-সন্থাই ৷ ঘটনা অনুসৰি পুনৰ ৰাজ্যৰ ৰেল বিভাগত তৎপৰ হৈ পৰিছিল অসম বিৰোধী চক্ৰ ৷ থলুৱা যুৱক-যুৱতীক বঞ্চিত কৰি একাংশ বহিঃৰাজ্যৰ যুৱক-যুৱতীক নিযুক্তি দিয়া হৈছে ৰে’ল বিভাগত ৷ এই ঘটনা সংঘটিত হৈছিল ৰঙিয়াৰ ৰে’ল সংমণ্ডলত ৷ সম্প্ৰতি ৰঙিয়াৰ ৰে’ল বিভাগত থলুৱা নিবনুৱা যুৱক-যুৱতীক বঞ্চিত কৰি বহিঃৰাজ্যৰ যুৱক-যুৱতীক নিযুক্তি দিয়া ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছিল ৷

উল্লেখযোগ্য যে, উত্তৰ পূৱ-সীমান্ত ৰে’লৱেৰ ৰঙিয়া মাণ্ডলিক ৰে’ল প্ৰবন্ধকৰ অধীনত ২৪ জনকৈ বহিঃৰাজ্যৰ যুৱকক দিয়া হৈছে নিযুক্তি । জানিবপৰা মতে, নিযুক্তিৰ প্ৰক্ৰিয়াটো যথেষ্ট গোপনে কৰিছিল বিভাগটোৱে । গোপনভাৱে এই নিযুক্তি প্ৰক্ৰিয়াৰ ব্যৱস্থা কৰিছে বুলি জানিব পাৰি ৰঙিয়াৰ ৰে’ল সংমণ্ডলটোত উপস্থিত হয় আছুৰ কৰ্ম-কৰ্তাসকল ।

যি সময়ত ৰাজ্য চৰকাৰে নিবনুৱা যুৱক-যুৱতীক সংস্থাপনৰ কথা কৈ আহিছে তাৰপাচতো এনেদৰে ৰাজ্যখনত বহিঃৰাজ্যৰ যুৱক-যুৱতীয়ে নিযুক্তি পোৱা বিষয়টোত ৰাজ্য চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাটো আশ্চৰ্যজনক ৷

লগতে পঢ়কঃ প্ৰথমবাৰ আহিয়েই অসমৰ অজিতৰ হাতত গ্ৰেপ্তাৰ হ’ল দিল্লীৰ অজিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.