ETV Bharat / state

JMCH incident : JMCH কাণ্ডক লৈ প্ৰতিক্ৰিয়া, মুখ্যমন্ত্ৰীক হস্তক্ষেপ আহ্বান স্থানীয় সংগঠনৰ

author img

By

Published : Mar 10, 2023, 5:18 PM IST

যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল কাণ্ডক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া (JMCH in controversy)। হাস্পতাল কৰ্তৃপক্ষ আৰু চিকিৎসকৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ আছু আৰু AJYCPৰ । উচ্চস্তৰীয় তদন্তৰ লগতে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী ।

JMCH incident
মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা স্থানীয় সংগঠনৰ

মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা স্থানীয় সংগঠনৰ

যোৰহাট,১০ মাৰ্চ : যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত এটি কণমানি কিশোৰক অস্ত্ৰোপচাৰৰ নামত চিকিৎসকে যি ঘটনা সংঘটিত কৰিলে সেই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Shocking incident at JMCH)। এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী তুলিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু আছুৰ লগতে বিভিন্ন সংগঠনে ।

এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰো হস্তক্ষেপ দাবী জনাইছে দুয়োটা সংগঠনে (AASU and AJYCP reacts over JMCH incident)।

চিকিৎসা মহাবিদ্যালয়খনত এইটোৱে প্ৰথম ঘটনা নহয় বিগত দিনসমূহতো এনেধৰণৰ অবাঞ্চিত ঘটনা সংঘটিত হৈ আহিছে বুলি অভিযোগ কৰে আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে (JMCH in controversy)। উল্লেখ্য যে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত বৃহস্পতিবাৰে অস্থিৰোগ বিভাগৰ চিকিৎসকে এটি ৯ বছৰীয়া কিশোৰৰ সোঁ ভৰিৰ পৰিৱৰ্তে বাওঁ ভৰিৰ অস্ত্ৰোপচাৰ কৰাক কেন্দ্ৰ কৰি পুনৰ বিতৰ্ক আৰম্ভ হয় ।

দেৰগাঁৱৰ মিছামাৰী অঞ্চলৰ কল্পজ্যোতি নেওগ নামৰ কিশোৰজনৰ সোঁ ভৰিত কিছু বিসংগতি থকাত চিকিৎসকৰ পৰামৰ্শমতে অস্ত্ৰোপচাৰৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল কল্পজ্যোতিক । বৃহস্পতিবাৰে কিশোৰজনৰ অস্ত্ৰোপচাৰ কৰে যদিও চিকিৎসকে বাওঁ ভৰি অস্ত্ৰোপচাৰ কৰি অস্ত্ৰোপচাৰ কক্ষৰ পৰা কিশোৰজনক উলিয়াই অনাত পৰিয়ালৰ লোকে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে (Tense situation in JMCH)।

পাছত পুনৰ চিকিৎসকে কিশোৰজনক অস্ত্ৰোপচাৰ কক্ষলৈ লৈ গৈ সোঁ ভৰিৰ অস্ত্ৰোপচাৰ কৰে । হাস্পতালখনৰ চিকিৎসকৰ এনে কৰ্মকাণ্ডক লৈ ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । পৰিয়ালৰ অভিযোগৰ ভিত্তিত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক পূৰ্ণিমা বৰুৱাই সমগ্ৰ ঘটনা সন্দৰ্ভত এক তদন্তৰ ঘোষণা কৰিছে (JMCH doctor negligence)। এই ঘটনা বুজাবুজিৰ অভাৱৰ বাবে সংঘটিত হোৱা বুলিও স্বীকাৰ কৰিছে অধীক্ষকগৰাকীয়ে । অৱশ্যে এই ক্ষেত্ৰত স্বাস্থ্য বিভাগে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব ?

লগতে পঢ়ক :JMCH incident : সোঁ ভৰিৰ পৰিৱৰ্তে বাঁও ভৰিৰ অস্ত্ৰোপচাৰ কৰিলে চিকিৎসকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.